Monday, 31 October 2022
Sunday, 30 October 2022
*গোলাঘাটতো অহা ৩১ অক্টোবৰৰ দিনটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন*
*গোলাঘাটতো অহা ৩১ অক্টোবৰৰ দিনটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন*
গোলাঘাট ৩০ অক্টোবৰ,২০২২ঃ লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম দিৱস উপলক্ষে গোলাঘাটতো অহা ৩১ অক্টোবৰৰ দিনটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হ'ব । এই উপলক্ষে গোলাঘাট জিলা প্ৰশাসন আৰু জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত পুৱা ৭ বজাৰ পৰা চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা একতাৰ দৌৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । কাৰ্যসূচীত ভাগ লোৱাৰ বাবে সকলোলৈকে আহ্বান জনাইছে।
NORTHEAST NEWS INDIA
Saturday, 29 October 2022
Friday, 28 October 2022
*মা আৰু প্ৰকৃতিৰ কেন্দ্ৰীয় অধিবেশনৰ প্ৰস্তুতি*
*মা আৰু প্ৰকৃতিৰ কেন্দ্ৰীয় অধিবেশনৰ প্ৰস্তুতি*
নগাঁও ২৮ অক্টোবৰ, ২০২২ঃ
নগাঁৱত মা আৰু প্ৰকৃতিৰ কেন্দ্ৰীয় অধিবেশনৰ প্ৰস্তুতি_____ মা আৰু প্ৰকৃতিৰ মানৱ সেৱা আৰু ভাতৃতব বন্ধনৰ ভেটি সুদৃঢ় কৰা উদ্দেশ্যে গোলাঘাটত প্ৰতিষ্ঠা হোৱা মানৱ সেৱাৰ শ্ৰেষ্ঠ সামাজিক অনুষ্ঠান য'ত পৰিয়ালৰ মহান চিন্তা ধাৰা সকলোৱে মিলি কৰা নতুন প্ৰজন্মক সু পথে আগবঢ়াই নিয়া হ'ব সমাজৰ কু সংস্কাৰ আতঁৰাই সু সংস্কাৰ লৈ পৰিবৰ্তন কৰিব লাগিব লগতে এখন সুন্দৰ সমাজ পাবলৈ আমাৰ নীতি নিয়ম সু পৰিপক্ক ভাৱে কৰিব লাগিব। মা আৰু প্ৰকৃতিৰ যি বিশাল ধাৰা অক্ষুণ্ণ ৰখাৰ আন এক উদ্দেশ্যে অসমৰ প্ৰাথমিক আঞ্চলিক শাখাৰ পৰা জিলাৰ শাখা লৈকে একগোট কৰি নগাঁৱত অথৱা হোজাইত অহা জানুৱাৰীত এদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় অধিবেশনৰ আয়োজন কৰা হৈছে। উক্ত অধিৱেশনলৈ অসমৰ সকলো ৰাইজক আমন্ত্ৰণ জনোৱা উপৰিও অধিবেশন খন সফল কৰি তুলিবলৈ সকলো ধৰনৰ সহায় সহযোগিতা বিচাৰি এক প্ৰেছ বিবৃতি যোগে মা আৰু প্ৰকৃতিৰ প্ৰতিষ্ঠাপক মাধৱ গগৈ ডাঙৰীয়া আৰু উপ-সভাপতি কেশৱ বৰাই বিশেষ ভাৱে আহ্বান জনাইছে। আপোনালোকৰ বহু মূলীয়া পৰামৰ্শ বিচাৰি ফোন নম্বৰ ৯৮৫৪৪০৭৮০৪ নম্বৰত যোগাযোগ কৰিব পাৰিব। অথৱা গাঁও ডাকঘৰ বিহৰী গাঁও ননৈ জিলা নগাঁও এই ঠিকনাত নিজৰ এলেকাৰ প্ৰাথমিক আঞ্চলিক সমিতি গঠন কৰিব পাৰিব লগতে বিশজন প্ৰতিনিধি নাম কেশৱ বৰাৰ হাতত জমা দিবৰ বাবে অনুৰোধ জনোৱা হ'ল।
NORTHEAST NEWS INDIA
Thursday, 27 October 2022
Monday, 24 October 2022
*কেশৱ বৰালৈ মহাত্মা গান্ধী শান্তি সেৱা ৰাষ্ট্ৰীয় বঁটা*
*কেশৱ বৰালৈ মহাত্মা গান্ধী শান্তি সেৱা ৰাষ্ট্ৰীয় বঁটা*
২৪ অক্টোবৰ,২০২২ঃ
কেশৱ বৰালৈ মহাত্মা গান্ধী শান্তি সেৱা ৰাষ্ট্ৰীয় বঁটা ______বিগত ৩২ টা বছৰ ধৰি সাহিত্য সংস্কৃতি শিক্ষা পৰিবেশ ক্ষেত্ৰখনৰ সৈতে জড়িত নগাঁৱৰ বিশিষ্ট উদ্যোগী সমাজ জীৱনৰ লগত জড়িত বিশিষ্ট লেখক সমাজ সেৱক ৰূপেও বিশেষ ভাৱে পৰিচিত তথা গুৱাহাটীৰ শান্তি সাধনা আশ্ৰমৰ একান্ত সেৱক কেশৱ বৰাক অলপতে মহাৰাষ্ট্ৰ আৰু বিশাখাপটৰনম ত গান্ধী জয়ন্তী উপলক্ষে নৱৰাত্ৰি আৰু ভাৰতৰ স্বাধীনতা ৭৫ তম অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অসমৰ নগাঁৱৰ লেখক কৃতী শিক্ষক কেশৱ বৰাক মহাত্মা গান্ধীৰ শান্তি সেৱা ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। ইয়াৰ উপৰিও চিননাৰাও ওৱেলফেৱাৰ সমাজেও বিশাখাপটনমত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰে। এই বঁটা প্ৰাপ্তিৰ বাবে তেওঁক নগাঁৱৰ পাথৰি আৰু পশ্চিম ননৈ আঞ্চলিক বাৰগঞা ৰাইজে সম্বৰ্ধনা জনায়।
NORTHEAST NEWS INDIA
Sunday, 23 October 2022
Golaghat Breaking News
Golaghat Breaking News
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ৩৫৬/২০২২
*দীপাৱলী আৰু চট্ পূজা উপলক্ষে গোলাঘাট জিলাত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি*
গোলাঘাট, ২৩ অক্টোবৰঃ গোলাঘাট জিলা প্ৰশাসনে অহা ২৪ আৰু ২৫ অক্টোবৰৰ দীপাৱলী আৰু ৩০ অক্টোবৰত হ'বলগীয়া চট্ পূজা সুচাৰুৰূপে আৰু প্ৰদূষণমুক্তভাবে উদযাপন কৰাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত সমগ্ৰ জিলাতে কাৰ্যকৰী হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে । উচ্চতম ন্যায়ালয়ে ২০০৫ চনৰ ১৮ জুলাইত দিয়া ৰায় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসমৰ নিৰ্দেশনাসমূহৰ ওপৰত ভিত্তি কৰি অতিৰিক্ত জিলা দণ্ডাধীশ কুলদীপ হাজৰিকাই এই নিৰ্দেশ জাৰি কৰিছে । সেই অনুসৰি নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ শব্দ প্ৰদূষণ সৃষ্টিকাৰী আটচবাজীৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে । শব্দ প্ৰাবল্য ১২৫ ডেচিবেল (এ আই) অথবা ১৪৫ ডেচিবেল (চি) ৰ মাত্ৰা অতিক্ৰম কৰা কোনো আটচবাজী প্ৰস্তুত, বিক্ৰী অথবা ব্যৱহাৰ কৰিব নোৱাৰিব । চিকিৎসালয়, শিক্ষানুষ্ঠান, আদালত, চৰকাৰী কাৰ্যালয়, ধৰ্মীয় স্থান, পেট্ৰল পাম্প, পেট্ৰ'লিয়ামজাত সামগ্ৰী মজুত কৰি ৰখা ঠাই, ৰন্ধন গেছ মজুত কৰি ৰখা স্থান, পাৱাৰ হাউচ আৰু অন্য স্পৰ্শকাতৰ স্থানৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আটচবাজীৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে । অনুজ্ঞাপত্ৰ নোহোৱাকৈ অথবা অধিসূচিত নোহোৱা কোনো স্থানত আটচবাজী বিক্ৰী কৰিব নোৱাৰিব । ৰাজহুৱা পথ, পদপথ অথবা অন্য কোনো পথত আটচবাজী ব্যৱহাৰ কৰিব নোৱাৰিব । পদপথ অথবা যান-যঁত হৈ থকা অঞ্চললৈ লক্ষ্য কৰি আটচবাজী দলিওৱাটো নিষিদ্ধ কৰা হৈছে । নিশা ১০ বজাৰ পিছত লাউড স্পিকাৰ অথবা মাইকৰ ব্যৱহাৰ কৰিব নোৱাৰিব । তদুপৰি যিকোনো ধৰৰণ সম্ভাব্য সমাজ-বিৰোধী কাৰ্যকলাপ ৰোধ কৰাৰ উদ্দেশ্যে মহিলা, ১৫ বছৰ বয়সৰ তলৰ শিশু, কিশোৰ-কিশোৰী, ৬০ বছৰৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক, চৰকাৰী চাকৰিয়াল আৰু কৰ্তব্যৰত নিৰাপত্তাৰক্ষীৰ বাহিৰে দুচকীয়া বাহনত দুজন উঠাটো নিষিদ্ধ কৰা হৈছে ।
*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA
Saturday, 22 October 2022
Friday, 21 October 2022
*গোলাঘাট জিলাৰ গুলোংতেমেৰা গাঁও পঞ্চায়তৰ মাজ চাপৰি পানীযোগান আঁচনি উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ**অসমত গুনোৎসৱৰ আৰ্হিত হ'ব জলোৎসৱ, চৰকাৰী বিষয়াই কৰিব আঁচনি পৰিদৰ্শন আৰু মূল্যায়ন, ঘৰে-ঘৰে পানীৰ গুণাগুণ আৰু আঁচনি ৰূপায়ন সন্দৰ্ভত হ'ব সমীক্ষা**দেশী-বিদেশী পৰ্যটকসকলৰ আগত অসমৰ নঞাৰ্থক ছবি প্ৰতিফলিত হোৱা কাম কৰাৰ পৰা বিৰত থাকক : বৰুৱা*
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ৩৫৫/২০২২
*গোলাঘাট জিলাৰ গুলোংতেমেৰা গাঁও পঞ্চায়তৰ মাজ চাপৰি পানীযোগান আঁচনি উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ*
*অসমত গুনোৎসৱৰ আৰ্হিত হ'ব জলোৎসৱ, চৰকাৰী বিষয়াই কৰিব আঁচনি পৰিদৰ্শন আৰু মূল্যায়ন, ঘৰে-ঘৰে পানীৰ গুণাগুণ আৰু আঁচনি ৰূপায়ন সন্দৰ্ভত হ'ব সমীক্ষা*
গোলাঘাট, ২১ অক্টোবৰঃ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা বিকাশ আৰু উদ্যমিতা আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি কৃষি, পশু পালন আৰু পশু চিকিৎসা ইত্যাদি বিভাগৰ মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোলাঘাট জিলাৰ বোকাখাত সংমণ্ডলৰ অধীনৰ দেৰগাঁও উপ-সংমণ্ডলৰ গুলোংতেমেৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত মাজ চাপৰি পানীযোগান আঁচনিখন উদ্বোধন কৰে । এই উপলক্ষে আয়োজিত এখন সভাত ভাষণ দি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীগৰাকীয়ে কয় যে বিভাগৰ দ্বাৰা এতিয়ালৈকে ৰাজ্যখনৰ ২৫ লাখ লোকৰ ঘৰলৈ নলযোগে বিশুদ্ধ পানী যোগান ধৰা হৈছে । ৰাইজৰ সহযোগতহে এই পানী যোগান আঁচনিসমূহৰ সফল ৰূপায়ন সম্ভৱ বুলি উল্লেখ কৰি তেওঁ জনসাধাৰনক এই আঁচনিসমূহক নিজৰ আঁচনি জ্ঞান কৰি চোৱা-চিতা কৰিবলৈ আহ্বান জনায় । জলমিত্ৰসকলে সন্মুখীন হৈ অহা সমস্যাসমূহৰ সমাধানৰ বাবে চৰকাৰে চিন্তা-চৰ্চা কৰিছে বুলি উল্লেখ কৰি আঁচনিসমূহ দীৰ্ঘস্থায়ী কৰাৰ বাবে উপভোক্তা সমিতিসমূহ অৰ্থাৎ ৰাইজৰ অংশীদাৰিত্ব নিতান্তই প্ৰয়োজন বুলি তেওঁ কয় । তেওঁ কয় যে গুনোৎসৱৰ আৰ্হিত অচিৰেই জলোৎসৱ আৰম্ভ কৰা হ'ব । জলোৎসোৱ কাৰ্যসূচীৰ অধীনত চৰকাৰী বিষয়াসকলে প্ৰতিখন পানী যোগান আঁচনি পৰিদৰ্শন কৰি আঁচনিসমূহৰ ৰূপায়ন সন্দৰ্ভত মূল্যায়ন কৰিব । লগতে আত্মসহায়ক গোটৰ মহিলাসকলে ঘৰে ঘৰে গৈ জল জীৱন আঁচনিৰ অধীনত সকলোৱে পানী লাভ কৰিছেনে নাই সেয়া সুনিশ্চিত কৰাৰ লগতে পানীৰ গুণাগুণ পৰীক্ষাৰ ব্যৱস্থা কৰিব । তেওঁ কয় যে দূষিত পানী সেৱন কৰাৰ ফলতেই সৰ্বাধিক ৰোগৰ সংক্ৰমণ হোৱা দেখা যায় । সেয়ে বিশুদ্ধ পানী আৰু প্ৰাকৃতিক উৎসসমূহৰ পৰা পোৱা সহজলভ্য পানীৰ মাজৰ পাৰ্থক্য অনুধাৱন কৰি পানীৰ অপব্যৱহাৰ নকৰিবলৈ মন্ত্ৰীগৰাকীয়ে ৰাইজৰ প্ৰতি আহ্বান জনায় । আনহাতে পৰ্যটন বিভাগৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনলৈ আগমন ঘটা দেশী-বিদেশী পৰ্যটকসকলৰ আগত যাতে অসমৰ ছবিখন কোনো কাৰণতে নঞাৰ্থক ৰূপত প্ৰতিফলিত নহয় তাৰ বাবে সকলোকে সচেতন হ'বলৈ আহ্বান জনায় । সামগ্ৰিকভাৱে ৰাজ্যখনৰ পৰ্যটন খণ্ড আৰু কাজিৰঙাৰ কাষৰীয়া অঞ্চলসমূহত গ্ৰাম্য পৰ্যটনৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ পৰ্যটকসকলৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে কাজিৰঙাৰ জীপ ছাফাৰি ব্যৱস্থা অধিক উন্নত কৰাৰ বাবে ৰাজসাহায্য মূল্যত নতুন জীপ আগবঢ়োৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব । তদুপৰি কেইমাহমানৰ ভিতৰতে টুৰিষ্ট গাইডসকলক উন্নত মানৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি তেওঁ কয় ।
অনুষ্ঠানত দিয়া ভাষণত কৃষি মন্ত্ৰী অতুল বৰাই পানী যোগান আঁচনি সমূহক চৰকাৰৰ আঁচনি বুলি নাভাবি নিজৰ সম্পদ হিচাপে জ্ঞান কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । লগতে ৰাইজক আঁচনিসমূহ নিজে চোৱা-চিতা কৰিবলৈ কয় ।
উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে আদৰণি ভাষণ দিয়া অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীক্ষক অভিযন্তা বিজিত দত্তই শলাগৰ শৰাই আগবঢ়ায় । অনুষ্ঠানত জিলা পৰিষদৰ সভানেত্ৰী হেলিনা পেগু দলে, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, আঞ্চলিক পঞ্চায়তৰ সদস্য ববিতা পেগু, গুলোংতেমেৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী জয়ন্তী লয়িং, জিলা বিজেপিৰ সভাপতি দেবপ্ৰদীপ বৰা আৰু ভালেসংখ্যক ৰাইজ উপস্থিত আছিল ।
উল্লেখযোগ্য যে ২০২২-২৩ বৰ্ষৰ জল জীৱন অভিযানৰ অধীনত ১২৯.৯৪ লাখ টকা ব্যয়সাপেক্ষে ৰূপায়ন কৰা এই আঁচনিৰ দ্বাৰা গুলোংতেমেৰা গাঁও পঞ্চায়তৰ অধীনৰ ১৫৫ ঘৰ লোক উপকৃত হ'ব ।
*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA
Thursday, 20 October 2022
এটি বিশেষ আহ্বান সকলো মানৱ জাতিলৈ।
*মা আৰু প্ৰকৃতি*
এটি বিশেষ আহ্বান সকলো মানৱ জাতিলৈ।
আগন্তুক আহি থকা দীপান্বিতা , দিপাৱলীৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন জনাইছো।
আহক আমি সকলোৱে প্ৰাকৃতিক পৰিৱেশ প্ৰদূষণ দুষিত হোৱা যি কোনো সামগ্রী বৰ্জন কৰো।
দীপান্বিতা , দিপাৱলী আমি সকলোৱে অকল মাটিৰ চাকি জলাই উৎসৱ পালন কৰো আৰু শব্দ প্ৰদূষণৰ পৰা দুৰত থাকো, আৰু প্ৰকৃতি, পৰিৱেশ, প্ৰদূষণৰ পৰা ৰক্ষা কৰো।।
আহঁক আমি সকলোৱে এই নতুন চিন্তা ধাৰাক আদৰি লওঁ।।
সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ।
Wednesday, 19 October 2022
Tuesday, 18 October 2022
আপুনি TB MuktBharat বাস্তৱত পৰিণত কৰাত অৰিহণা যোগাব পাৰে। নি-ক্ষয় মিত্ৰ হ'বলৈ নিম্নলিখিত লিংকত ক্লিক কৰক
আপুনি TB MuktBharat বাস্তৱত পৰিণত কৰাত অৰিহণা যোগাব পাৰে। নি-ক্ষয় মিত্ৰ হ'বলৈ নিম্নলিখিত লিংকত ক্লিক কৰক:
communitysupport.nikshay.in
Monday, 17 October 2022
Sunday, 16 October 2022
Saturday, 15 October 2022
Friday, 14 October 2022
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্মজয়ন্তী উদযাপন।*
*সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্মজয়ন্তী উদযাপন।*
১৪ অক্টোবৰ, ২০২২ঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্মজয়ন্তী উপলক্ষে আজি নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত উদযাপন কৰে। নগাঁও জিলাৰ জনজাতীয় এলেকাৰ কমাৰপাৰ কছাৰী গাঁও প্ৰাথমিক বিদ্যালয়ত উদযাপনৰ মূহুৰ্তত ,মা আৰু প্ৰকৃতি ৰ নগাঁও জিলা সমিতিৰ সভাপতি কেশৱ বৰাও উপস্থিত থাকে। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱক গভীৰ শ্ৰদ্ধা নিবেদন কৰে। তেখেতৰ অৱদানৰ বিষয়ে ভাষণ প্ৰদান কৰে।
NORTHEAST NEWS INDIA
Thursday, 13 October 2022
*গোলাঘাট জিলাৰ তিনিটা ৰাজহ চক্ৰত বান সতৰ্কতা সম্পৰ্কীয় বাটৰ নাট কাৰ্যসূচী মুকলি*
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ৩৫৪/২০২২
*গোলাঘাট জিলাৰ তিনিটা ৰাজহ চক্ৰত বান সতৰ্কতা সম্পৰ্কীয় বাটৰ নাট কাৰ্যসূচী মুকলি*
গোলাঘাট, ১২ অক্টোবৰঃ আন্তঃৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন দিৱস উপলক্ষে আজি গোলাঘাট জিলাৰ খুমটাই, বোকাখাত আৰু দেৰগাঁও ৰাজহ চক্ৰ কাৰ্যালয়ৰ উদ্যোগত বান সতৰ্কতা সম্পৰ্কীয় সজাগতামূলক বাটৰ নাট কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় । এই কাৰ্যসূচীৰ অংশৰূপে আজি খুমটাই চাৰিআলিত এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয় । এই উপলক্ষে খুমটাই ৰাজহ চক্ৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত খুমটাই ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তনভিৰ ইউচুফ আহমেদ, সমাজ সেৱক তথা অৱসৰপ্ৰাপ্ত বায়ুসেনা বিষয়া ঠগীৰাম গগৈ, দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰ বিষয়া, গাঁওপ্ৰধান আৰু প্ৰতিৰোধী বন্ধু স্বেচ্ছাসেৱীসকল আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ কৰ্মচাৰীসকলে অংশ লয় । এই কাৰ্যসূচীৰ অংশৰূপে খুমটাই আৰু বোকাখাত ৰাজহ চক্ৰৰ অধীনত ছচিয়েল ডেভেলপমেণ্ট ফ'ৰাম নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত বান অধ্যুষিত গাঁওসমূহত বান সতৰ্কতা সম্পৰ্কীয় ১০ খনকৈ বাটৰ নাট প্ৰদৰ্শন কৰা হ'ব । আনহাতে দেৰগাঁৱত জে পি প্ৰডাকচন টীমৰ উদ্যোগত দেৰগাঁৱৰ বান অধ্যুষিত এলেকাত ১০ খন বাটৰ নাট প্ৰদৰ্শন কৰা হ'ব । দেৰগাঁৱত আজি অনুষ্ঠিত বাটৰ নাট কাৰ্যসূচীত চক্ৰ বিষয়া চিৰঞ্জীত দাস, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প প্ৰবন্ধক ৰণী ৰাজকুমাৰ, দেৰগাঁও পৌৰ সভাৰ অধ্যক্ষ আৰু সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলে অংশ লয় ।
*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA
Subscribe to:
Posts (Atom)
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
।। জয় মা আৰু প্ৰকৃতি।। বিশ্বৰ মানৱ জাতিলৈ আহ্বান। সেই মানৱ জাতি এই পৃথিৱীত আপোনালোকৰ দায়িত্ব পালন কৰিবলৈ বহোত আছে। এই সংসাৰত স্বজন কৰ্...