কেশৱ বৰা লৈ মহাত্মা গান্ধী শান্তি সেৱা ৰাষ্ট্ৰীয় বঁটা। 
23 ছেপ্টেম্বৰ,২০২২ঃ কেশৱ বৰা লৈ মহাত্মা গান্ধী শান্তি সেৱা ৰাষ্ট্ৰীয় বঁটা : বিগত ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য সংস্কৃতি শিক্ষা পৰিবেশ ক্ষেত্ৰখনৰ সৈতে জড়িত নগাঁৱৰ বিশিষ্ট উদ্যোগী তথা সমাজ সেৱক লগতে গুৱাহাটীৰ শান্তি সাধনা আশ্ৰমৰ একান্ত সেৱক কেশৱ বৰাক অহা ২ অক্টোবৰ তাৰিখে মহাৰাষ্ট্ৰত গান্ধী জয়ন্তী উপলক্ষে নৱৰাত্ৰি আৰু ভাৰতৰ স্বাধীনতা ৭৫ তম অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অসমৰ নগাঁৱৰ কেশৱ বৰাক উক্ত বঁটা প্ৰদান কৰিব। ইয়াৰ উপৰিও ১৬ অক্টোবৰ তাৰিখে বিশাখাপটনমত চিননাৰাও ওৱেলফেৱাৰ সমাজে কেশৱ বৰাক মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব। উক্ত দুয়োটা বঁটাৰ বাবে বঢ়মপুৰ ৰাইজে গৌৰৱ অনুভৱ কৰিছে লগতে বঁটা প্ৰাপ্ত গৰাকীক অভিনন্দন জনাইছে ।
NORTHEAST NEWS INDIA
  
No comments:
Post a Comment
Welcome Northeast News India