জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ৩২৬/২০২২
*ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা : গোলাঘাট জিলাত ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি* 
গোলাঘাট, ২০ আগষ্ট : ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট জিলাতো ২১ আগষ্ট, ২৮ আগষ্ট আৰু ১১ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বিভিন্ন পদত নিযুক্তিৰ বাবে হ'বলগীয়া লিখিত পৰীক্ষা মুক্ত, নিকা আৰু স্বচ্ছভাবে তথা সূচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে জিলাখনত ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে । জিলা দণ্ডাধীশ শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই আজি এই সম্পৰ্কীয় নিৰ্দেশ জাৰি কৰিছে । সেই অনুসৰি পৰীক্ষাৰ দিনকেইটাত জিলাখনত পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত প্ৰাৰ্থী, স্ক্রাইব আৰু পৰীক্ষা পৰিচালনা আৰু নিৰিক্ষণৰ কামত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ বাহিৰে কোনো কাৰণতে অন্য লোকৰ সমাগম হ'ব নোৱাৰিব । পৰীক্ষা হলৰ ভিতৰলৈ মোবাইল ফোন (চুইচ অন বা অফ উভয় মুডত ), স্মাৰ্ট ৱাটছ, হেলথ বেণ্ড, ইলেকট্ৰ'নিক কলম, স্কেনাৰ, ব্লুটুথ ডিভাইছ, এয়াৰ ফোন, মাইক্ৰফোন অথবা সংযোগ স্থাপনৰ ডিভাইছ হিচাপে ব্যৱহাৰ হ'ব পৰা কোনো সামগ্ৰী, ইলেকট্ৰনিক সামগ্ৰী বা প্ৰগ্ৰেম কৰিব পৰা ডিভাইছ চুইচ অফ বা অন কোনো মুডতে ৰাখিব নোৱাৰিব । কেলকুলেটৰ, পেন ড্ৰাইভ, কাগজৰ টুকুৰা, লিখা বা প্ৰিণ্ট কৰা লিখিত সামগ্ৰী অথবা কোনো অসাধু উপায় অৱলম্বন কৰাৰ বাবে ব্যৱহৃত সামগ্ৰী লগত ৰাখিব নোৱাৰিব । 
উল্লেখযোগ্য যে এই তিনিওটা পৰীক্ষাত গোলাঘাট জিলাৰ মুঠ ৪৪,২০৭ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব । ২১ আগষ্টত জিলাখনৰ ২৯টা কেন্দ্ৰত চতুৰ্থ বৰ্গৰ, ২৮ আগষ্টত ৪১টা কেন্দ্ৰত তৃতীয় বৰ্গৰ আৰু ১১ ছেপ্টেম্বৰত চাৰিটা কেন্দ্ৰত চালক পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব । ইতিমধ্যে পৰীক্ষাৰ কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব শ্ৰী দেৱজ্যোতি দত্তক নিয়োগ কৰাৰ লগতে প্ৰতিটো কেন্দ্ৰত এজনকৈ পৰ্যবেক্ষক থাকিব । 
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
  
  
  
No comments:
Post a Comment
Welcome Northeast News India