Wednesday, 29 June 2022

গোলাঘাট জিলা টাস্ক ফ'ৰ্চৰ বৈঠক।

গোলাঘাট জিলা টাস্ক ফ'ৰ্চৰ বৈঠক। 


গোলাঘাট 29 জুন,2022ঃ

আজি জিলা উপায়ুক্ত শ্ৰী মৃগেশ্ নাৰায়ন বৰুৱাৰ অধ্যক্ষতাত জাপানীজ এনকেফেলাইটিছ আৰু এনকেফছলাইটিছ সদৃশ ৰোগৰ ওপৰত জিলা পৰিষদৰ সভা কক্ষত সভা এখন অনুষ্ঠিত হয়। সভা খনত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপাযুক্ত শ্ৰীমতী পল্লৱী গগৈ, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ড০ অৰুণ চন্দ্ৰ মহন্ত, শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ড০ সুৰেন্দ্ৰনাথ তামূলী, গোলাঘাট পৌৰসভাৰ অধ্যক্ষা শ্ৰীমতী ডুলুমণি বৰবৰা , ডি.এচ.ও, জিলা মেলেৰিয়া বিষয়াকে আদি কৰি এন.এইহ.এম আৰু স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়া সকল, শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ শিশু আৰু মেডিচিন বিভাগৰ জ্যেষ্ঠ চিকিৎসক সকল, সদৰ দপ্তৰৰ স্বাস্থ্য বিষয়াকে আদি কৰি পশু পালন আৰু পশু চিকিৎসা, মীন, বন বিভাগ, কাজিৰঙা আৰু গোলাঘাট, জনস্বাস্থ্য কাৰিকৰী, শিক্ষা ইত্যাদি, ব্যক্তিগত চিকিৎসালয় সমূহৰ স্বত্বাধিকাৰী, খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সমূহৰ পৰা মহকুমা স্বাস্থ্য বিষয়া সকল আৰু আন আন সদস্য উপস্থিত থাকে।

উক্ত সভাত শেহতীয়া ভাবে জিলা খনত চিনাক্ত হোৱা জাপানীজ  এণকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱা লোক কেইজনৰ স্বাস্থ্যৰ স্থিতিৰ বুজ লোৱাৰ উপৰি পৰৱৰ্ত্তী সময়ত কেনেকৈ প্ৰতিটো বিভাগে বাহক জনিত ৰোগৰ সজাগতা ও প্ৰতিৰোধৰ দিশত কাম কৰিব তাৰে পৰিকল্পনা কৰা হয়। সভাপতি গৰকীয়ে সকলোকে একযুত হৈ এনে ৰোগৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰাৰ প্ৰতি মন কৰিবলৈ অনুৰোধ কৰে।

লগতে গাহৰি পালক সকলৰ মাজত জাপানীজ এনকেফেলাইটিছৰ ওপৰত সজাগতা বঢ়াবলৈ আৰু প্ৰতিৰোধমূলক পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে উৎসাহিত কৰিবলৈ পশু পালন বিভাগক বেচৰকাৰী অনুষ্ঠান সকলৰ লগত কাৰ্যসূচী তৈয়াৰ কৰিবলৈ অনুৰোধ কৰে।

স্বাস্থ্য বিভাগক আৰু উদ্যমেৰে সজাগতা বৃদ্ধি কৰিবলৈ জিলা উপায়ুক্ত গৰাকীয়ে অনুৰোধ জনায়। লগতে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক গৰাকীয়ে বন কৰ্মী সকলক JE প্ৰতিষেধক লোৱাৰ প্ৰতি সংলিষ্ট বিভাগক অনুৰোধ জনোৱাৰ লগতে যিকোনো জ্বৰ থকা ব্যক্তিক সময় নষ্ট নকৰাকৈ পৰীক্ষা কৰোৱা আৰু ৰোগী জনক ১০৮ এম্বুলেন্সত হে যাতে পৰিয়ালৰ সদস্যই চিকিৎসালয়লৈ আনে তাৰ বাবে সকলোকে সজাগ হ'বলৈ কয় । বিভিন্ন প্ৰতিকুল পৰিৱেশৰ মাজতো স্বাস্থ্য কৰ্মী সকলে দায়িত্ব পালন কৰি থকা বাবে তেওঁ শলাগ লয় আৰু আগলৈও উদ্যমেৰে কাম কৰি যাবলৈ উৎসাহ জগায় ।

মাধৱ গগৈ
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...