জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৯৩/২০২২
*গোলাঘাটতো জুন মাহতো শিশু শ্ৰমিকৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণৰ ৰাজ্যিক মাহ হিচাপে পালন, শিশু শ্ৰমিকৰ বিৰুদ্ধে ব্যাপক অভিযান*
গোলাঘাট, ২৪ জুন : শিশু শ্ৰমিক সম্পৰ্কীয় জিলা কৰ্মবাহিনীয়ে যোৱা ১৮ আৰু ২৩ জুনত গোলাঘাটৰ বিভিন্ন ঠাইত অভিযান চলাই কেইবাটিও শিশু শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সমৰ্থ হয় । জিলা সহকাৰী শ্ৰম আয়ুক্তই প্ৰকাশ কৰা মতে গোলাঘাট নগৰ আৰু ইয়াৰ কাষৰীয়া কেতবোৰ ঠাইত এই অভিযান চলোৱা হৈছিল । অভিযানকালত কৰ্মবাহিনীয়ে ৯ টি শিশু শ্ৰমিকক উদ্ধাৰ কৰি শিশু কল্যান সমিতিৰ হাতত অৰ্পন কৰে আৰু পৰৱৰ্তী সময়ত তেওঁলোকক বোকাখাতত থকা শিশু আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰা হয় । এই সন্দৰ্ভত শিশু তথা কিশোৰসকলক কামত নিয়োগ কৰি শিশু আৰু কিশোৰ শ্ৰমিক আইন উলংঘা কৰা কেইবাজনো নিয়োগকৰ্তাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । উল্লেখযোগ্য যে অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ নিৰ্দেশক্ৰমে ৰাজ্যিক শিশু সুৰক্ষা সমিতি অসমে গোলাঘাট জিলাকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত পহিলা জুনৰ পৰা ৩০ জুনলৈকে সমগ্ৰ জুন মাহটো শিশু শ্ৰমিকৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণৰ ৰাজ্যিক মাহ হিচাপে পালন কৰিবলৈ নিৰ্দেশ দিছিল । সেই অনুসৰি জিলা পৰ্যায়ত সভা অনুষ্ঠিত কৰি শিশু শ্ৰমিকৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন প্ৰক্ৰিয়া ব্যাপক ৰূপত সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল । লগতে শিশু শ্ৰমিক নিয়োগৰ ঘটনা ৰোধ কৰাৰ বাবে ব্যাপক জন সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰা হয় । স্মৰ্তব্য যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহ, বচপন বছাও আন্দোলন আৰু বিভিন্ন সংস্থাক লৈ সমগ্ৰ দেশজুৰি ৰূপায়ন কৰা শিশু শ্ৰমিকৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণৰ ৰাষ্ট্ৰীয় মাহৰ অংশৰূপে অসমতো এই অভিযান চলোৱা হয় ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India