Tuesday, 14 June 2022

*গোলাঘাটত যোগ প্ৰতিযোগিতা-২০২২*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৮৫/২০২২

*গোলাঘাটত যোগ প্ৰতিযোগিতা-২০২২*
গোলাঘাট, ১৪ জুন : আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি আয়ুষ মন্ত্ৰালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় আয়ুষ অভিযান, অসমৰ উদ্যোগত ৰাজ্যৰ প্ৰতিখন জিলাতে অহা ১৫ জুনত যোগ আৰু পৰিপুষ্টি বিজ্ঞান প্ৰতিষ্ঠানৰ দ্বাৰা যোগ প্ৰতিযোগিতা-২০২২ৰ আয়োজন কৰা হৈছে । সেই অনুসৰি গোলাঘাট জিলাতো ১৫ জুনত জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । এই উপলক্ষে গোলাঘাটৰ জিলা ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত পুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ প্ৰতিযোগীসকলে জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতাত ভাগ ল'ব পাৰিব । অংশগ্ৰহনকাৰীসকলে আহি ঠাইতে নাম পঞ্জীয়ন কৰিব লাগিব । বিতং তথ্যৰ বাবে প্ৰতিযোগীসকলে ৭০০২১-৩১১৭৫ নম্বৰত যোগাযোগ কৰিব পাৰে । উল্লেখযোগ্য যে জিলা আৰু ৰাজ্যিক দুটা পৰ্যায়ত ৪টা শ্ৰেণীত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । প্ৰথম শ্ৰেণীত ১০ বছৰ বয়সৰ তলৰ, দ্বিতীয় শ্ৰেণীত ১০ ৰ পৰা ১৮ বছৰ বয়সলৈকে, তৃতীয় শ্ৰেণীত ১৮ৰ পৰা ৩৫ বছৰ বয়সলৈকে আৰু চতুৰ্থ শ্ৰেণীত ৩৫ বছৰ বয়সৰ উৰ্ধৰ লোকে অংশ ল'ব পাৰিব । প্ৰতিটো শ্ৰেণীৰ পৰা কেৱল এজন প্ৰতিযোগীক ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতালৈ বাচনি কৰা হ'ব । ৰাজ্যিক পৰ্যায়ৰ সকলো অংশগ্ৰহনকাৰীক প্ৰমাণপত্ৰ দিয়া হ'ব । ৰাজ্যিক পৰ্যায়ত প্ৰতিটো শ্ৰেণীতে বিজয়ীসকলক ১০,০০০ টকা আৰু নতুন দিল্লীৰ মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠান ভ্ৰমনৰ সুবিধা দিয়া হ'ব আৰু বিজয়ীসকলক ৰাষ্ট্ৰীয় আয়ুষ মিছন, অসমৰ ব্ৰেণ্ড এম্বেছেদৰ ঘোষণা কৰা হ'ব । ২১ জুনৰ ৰাজ্যিক পৰ্যায়ৰ যোগ দিৱসৰ কাৰ্যসূচীত বিজয়ীসকলক পুৰস্কৃত কৰা হ'ব । জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত বৃক্ষাসন, উষ্ট্ৰাসন, বক্ৰাসন, উত্তনপদাসন আৰু নিজৰ পচন্দৰ এটা আসন কৰিব পাৰিব । ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত পদহস্তাসন, ত্ৰিকোণাসন, শালভাসন, নিজৰ পচন্দৰ দুটা ( তাৰে এটা Hand Balancing) আৰু আসনৰ বিষয়ে প্ৰশ্ন কৰা হ'ব । জিলা পৰ্যায়ৰ প্ৰতিটো আসনৰ বাবে সময় হ'ব ১০ ছেকেণ্ড আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিটো আসনৰ বাবে ১৫ ছেকেণ্ড সময় নিৰ্ধাৰণ কৰা হৈছে । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...