Saturday, 11 June 2022

শংকৰদেৱ সংঙ্ঘৰ গোলাঘাট আঞ্চলিক শাখাৰ আইমাতৃ কল্যাণ শাখাৰ আৰু সেৱাবাহিনীৰ সজাগতা সভা।

শংকৰদেৱ সংঙ্ঘৰ  গোলাঘাট আঞ্চলিক শাখাৰ আইমাতৃ কল্যাণ শাখাৰ আৰু সেৱাবাহিনীৰ সজাগতা সভা। 
গোলাঘাট ১১ জুন, ২০২২ঃ শ্ৰী মন্ত শংকৰদেৱ সংঙ্ঘৰ  গোলাঘাট আঞ্চলিক শাখাৰ আইমাতৃ কল্যাণ শাখাৰ আৰু সেৱাবাহিনীৰ সজাগতা সভা ভাগ  আজি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় শঙ্কৰ মাধৱ প্ৰাথমিক শাখাৰ নামঘৰত। সভাত উপস্থিত থাকে মূল সংঙ্ঘৰ আইমাতৃ শাখাৰ সদস্যা শ্ৰী মতী অম্বিকা শইকীয়া বৰা, আৰু গোলাঘাট জিলা শাখাৰ সভানেত্রী ৰুপাঞ্জলি বৰদলৈ, জিলা শাখাৰ উপ সভাপতি প্ৰসাদ শইকীয়া, গোলাঘাট আঞ্চলিক শাখাৰ সভাপতি বীৰেন্দ্ সন্দকৈ জিলা প্ৰচাৰ শাখাৰ সদস্য নিপেন শইকীয়া, জিলা শাখাৰ উপ সভানেত্রী ৰীণা শইকীয়া, গোলাঘাট আঞ্চলিক শাখাৰ সম্পাদক ডিম্বেশ্বৰ দাৱ, জিলা আইমাতৃ শাখাৰ প্ৰাক্তন সদস্যা শ্ৰী মতী লিলি গগৈ, সংস্কৃতি আৰু শিক্ষা শাখাৰ, আৰু গোলাঘাট আঞ্চলিক সেৱাবাহিনীৰ অধিনায়ক মাধৱ গগৈ, আৰু প্ৰাথমিক সমূহৰ  সদস্য ও সদস্যা সকল উপস্থিত থাকে।
আজিৰ সভাভাগ সুভ আৰম্ভ কৰে  শঙ্কৰ মাধৱ প্ৰাথমিক শাখাৰ দিহা  নামৰ দলৰ দিহানাম পৰিবেশনে। 
আৰু সভা ভাগ উদ্বোধন কৰে ৰীণা শইকীয়া আইয়ে। নিদিষ্ট বক্তা আগবঢ়াই মূল সংঙ্ঘৰ সদস্যা অম্বিকা শইকীয়া বৰা আইগৰাকীয়ে। মুষ্টি দান  চাৰি পুথিৰ ওপৰত  ত্ত গধূৰ মন্তব্য আগ বঢ়াই।
পুষ্পিতা নামৰ ক্ষেত্রত সুন্দৰকৈ মন্তব্য আগবঢ়াই, লগতে শংকৰদেৱ সংঘৰ সকলো সংগীৰ গৃহত গুৰু গৃহ থকাটো অতিকৈ প্ৰয়োজনীয় এই বিষয়ে তত্ব গধুৰ মন্তব্য আগ বঢ়াই। 
ইয়াৰ পিছত গোলাঘাট জিলাৰ শিশু আইমাতৃ শাখাৰ সভানেত্রী শ্ৰী যুতা  ৰূপাঞ্জলী বৰদলৈ আইয়ে বক্তব্য প্ৰদান কৰে, তেখেতে শংকৰদেৱ সংঘৰ প্ৰতি গৰাকীয়ে সংঘৰ নীতি আদর্শ, সংঘৰ চাৰি পুথি যেনেকৈ সংবিধান, বিবাহ পদ্ধতি, অশৌচ পদ্ধতি আৰু প্ৰসংগ প্ৰণালী ৰ নীতি নিয়ম। আৰু তেখেতে সেৱা বাহিনীৰ দায়িত্ব কত্বব্যৰ বিষয়েও কয়। আৰু বহুতো গুৰুত্বপূৰ্ণ কথা ভাষনত আগবঢ়াই। 
আৰু অন্যান্য বিষয় ববীয়া সকলে বহুতো  গুৰুত্বপূৰ্ণ  বক্তব্য আগবঢ়াই।।

গোলাঘাটৰ পৰা মাধৱ গগৈ প্ৰতিবেদন NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...