Tuesday, 24 May 2022

গুণোৎসৱৰ আজি দ্বিতীয় দিনা গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিধায়ক শ্ৰী মৃণাল শইকীয়াই খুমটাইৰ শালমৰা বাগান প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্যসূচীত বৰ্হি মূল্যায়ক হিচাপে অংশ লয় ।

গোলাঘাট ২৪ মে ২০২২ঃ গুণোৎসৱৰ আজি দ্বিতীয় দিনা গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিধায়ক শ্ৰী মৃণাল শইকীয়াই খুমটাইৰ শালমৰা বাগান প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্যসূচীত বৰ্হি মূল্যায়ক হিচাপে অংশ লয় । উল্লেখযোগ্য যে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে গোলাঘাট জিলাৰ শিক্ষানুষ্ঠানসমূহতো কালিৰে পৰা গুণোৎসৱ-২০২২ অনুষ্ঠিত হৈছে । জিলাখনৰ মুঠ ১৪৭৮ খন নিম্ন প্ৰাথমিক, উচ্চ মাধ্যমিক আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গুণোৎসৱৰ আয়োজন কৰা হৈছে । গুণোৎসৱৰ মূল্যায়নত প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে সামৰি লোৱা হৈছে ।

মাধৱ গগৈ গোলাঘাট
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...