Tuesday, 10 May 2022

*গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত হাঁহ-কুকুৰা পালন আৰু ট্ৰেভেল আৰু টুৰিষ্ট গাইডৰ প্ৰশিক্ষণৰ আয়োজন*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৭১

*গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত হাঁহ-কুকুৰা পালন আৰু ট্ৰেভেল আৰু টুৰিষ্ট গাইডৰ প্ৰশিক্ষণৰ আয়োজন*

গোলাঘাট, ১০ মে' : পঞ্জাৱ নেশ্যনেল বেংকৰ গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান, গোলাঘাটৰ দ্বাৰা অহা ১৮ মে'ৰ পৰা ২৭ মে'লৈ বোকাখাত উন্নয়ন খণ্ডৰ অধীনৰ বোকাখাতৰ এ টি ৰোডত থকা প্ৰতিষ্ঠানৰ কাৰ্যালয় চৌহদত এটা ১০ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । এই প্ৰশিক্ষণ কাৰ্যসূচীত ভাগ ল'বৰ বাবে প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ পৰা ৪৫ বছৰৰ ভিতৰত হ'ব লাগিব । প্ৰশিক্ষণৰ বাবে দৰিদ্ৰ সীমাৰেখাৰ তলৰ/ শাৰীৰিকভাৱে অক্ষম/ অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ প্ৰাৰ্থীৰ লগতে বোকাখাত মহকুমাৰ আত্মসহায়ক গোট আৰু জব কাৰ্ড থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব । অনা আৱাসিক এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অধীনত হাঁহ-কুকুৰা পালন আৰু ট্ৰেভেল আৰু টুৰিষ্ট গাইডৰ প্ৰশিক্ষণ দিয়া হ'ব । বিতং তথ্যৰ বাবে বোকাখাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান, বোকাখাতৰ কাৰ্যালয় অথবা ৮৭২০৯-৬২৮৭০ নম্বৰত যোগাযোগ কৰিব পাৰে । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...