জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৭০
*মৰঙী চক্ৰৰ কৃষি উন্নয়ন বিষয়াৰ উদ্যোগত আত্মসহায়ক গোটক ড্ৰেগন ফলৰ গছৰ ৫০০ টা ডাল আৰু ১০ জন উদ্যমী খেতিয়কক ১ কুইন্টল আদা বিতৰণ*
গোলাঘাট, ২৭ এপ্ৰিল : আজাদি কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে অব্যাহত ৰখা কিষাণ ভাগিদাৰী প্ৰাথমিকতা হামাৰি অভিযানৰ অংশৰূপে আজি গোলাঘাট জিলাৰ মৰঙী চক্ৰৰ কৃষি উন্নয়ন বিষয়া সংঘমিত্ৰা শৰ্মাই খেতিয়কসকলৰ মাজত আদা আৰু ড্ৰেগন ফলৰ গছৰ ৰোপনৰ উপযোগী ডাল বিতৰণ কৰে । এই উপলক্ষে দৈগ্ৰোং গাঁও পঞ্চায়তৰ কাৰ্যালয় চৌহদত আয়োজিত অনুষ্ঠানটো প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জিলা নডেল বিষয়া ৰঞ্জন বৰুৱাই শুভাৰম্ভ কৰে । তেওঁ কয় যে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে সমগ্ৰ দেশজুৰি আজাদি কা অমৃত মহোৎসৱ উদযাপন কৰি থকা হৈছে আৰু তাৰেই অংশৰূপে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে ২৫ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ কিষাণ ভাগিদাৰি প্ৰাথমিকতা হামাৰি শীৰ্ষক অভিযান ৰূপায়ন কৰে । এই অভিযানৰ উদ্দেশ্য হ'ল কৃষি খণ্ডৰ বিভিন্ন ধবজাবাহী আঁচনিৰ অধীনৰ কাম-কাজ আৰু সাফল্যসমূহৰ বিষয়ে কৃষকসকলক অৱগত কৰা । তেওঁ কিষাণ ক্ৰেডিট কাৰ্ড আৰু বিভিন্ন বীমা আঁচনিৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ কৃষকসকলক আহ্বান জনায় । কৃষি উন্নয়ন বিষয়া সংঘমিত্ৰা শৰ্মাই ড্ৰেগন ফলৰ খেতিৰ বিষয়ে খেতিয়কসকলৰ আগত বিতংভাৱে বৰ্ণনা কৰে । তেওঁ কয় যে ১৯৯০ চনত ড্ৰেগন ফলৰ খেতি মানুহে ক্ষুদ্ৰ পৰিসৰত নিজৰ ঘৰৰ বাৰীতে কৰিছিল । কিন্তু ২০১৩ চনত উত্তৰ বঙ্গ বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানীয়ে বৃহৎ পৰিসৰত ইয়াৰ খেতি কৰে । এই ফলবিধ অত্যধিক তাপমাত্ৰা আৰু অতি নিম্নমানৰ মাটিটো কৰিব পাৰি । তেওঁ কয় যে কেকটাছ প্ৰজাতিৰ গছৰ এই ফলবিধৰ বাবে অতি উন্নত মানৰ মাটি অথবা অধিক পানীৰো প্ৰয়োজন নহয় । তেওঁ লগতে কয় যে ডাল কাটি তাৰপৰাই এইবিধ গছ গজাব পাৰি । অনুষ্ঠানত ৫ টা আত্মসহায়ক গোটক ড্ৰেগন ফলৰ গছৰ ৫০০ টা ডাল আৰু ১০ জন উদ্যমী খেতিয়কক খেতিৰ বাবে এক কুইন্টল আদা প্ৰদান কৰা হয় । অনুষ্ঠানত কিষাণ মৰ্চাৰ উপ সভানেত্ৰী পূৰবী শৰ্মা, মৰঙীৰ খণ্ড উন্নয়ন বিষয়া নিপজ্যোতি পাটিৰি, দৈগ্ৰোং গাঁও পঞ্চায়তৰ সভাপতি জুমণি বৰুৱা, কাউন্সিলৰ চুকুমনি ওৰাং, কৃষি সহকাৰী পৰিদৰ্শক ৰাজু শইকীয়া, কৃষি সম্প্ৰসাৰণ সহায়ক পৱন গগৈ, এপাৰ্ট প্ৰকল্পৰ ৰিচাৰ্ছ টেকনিচিয়ান অভিষেক সিংহ, কিষাণ মৰ্চাৰ মৰঙী মণ্ডলৰ সভানেত্ৰী লিপিকা বৰা আৰু দৈগ্ৰোং গাঁও পঞ্চায়তৰ সচিব নিতুল ফুকনৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India