Friday, 30 April 2021

30 April, 2021 Golaghat Covid update

30 April, 2021

Golaghat Covid update

গোলাঘাট জিলাত ৫ জন বা তাতকৈ অধিক লোকৰ সমাগমত নিষেধাজ্ঞা, আটচবাজিৰ ব্যৱহাৰো নিষিদ্ধ ঘোষণা

30 April, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৬৫/২০২১

গোলাঘাট জিলাত ৫ জন বা তাতকৈ অধিক লোকৰ সমাগমত নিষেধাজ্ঞা, আটচবাজিৰ ব্যৱহাৰো নিষিদ্ধ ঘোষণা

গোলাঘাট, ৩০এপ্ৰিল : অহা ২ মে'ত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি ক'ভিড-19ৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে গোলাঘাট জিলা প্ৰশাসনে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ চি আৰ পি চি ৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে । সেই অনুসৰি ৫ জন বা তাতকৈ অধিক লোকৰ সমাগম নিষিদ্ধ কৰা হৈছে । লগতে আটচবাজি, ফটকা আদি ফুটোৱা, বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । অতিৰিক্ত জিলা দণ্ডাধীশ ৰক্তিম বৰুৱাই এই সম্পৰ্কে নিৰ্দেশ জাৰি কৰিছে ।এই নিৰ্দেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
 
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট


NORTHEAST NEWS INDIA

গোলাঘাট জিলাত ২ মে'ত ড্ৰাই দে ঘোষণা

30 April, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৬৪/২০২১

গোলাঘাট জিলাত ২ মে'ত ড্ৰাই দে ঘোষণা

গোলাঘাট, ৩০এপ্ৰিল : বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে অহা ২ মে'ৰ দিনটো ভোটগণনা শেষ নোহোৱালৈকে ড্ৰাই দে ঘোষণা কৰিছে । যদি ভোটগণনা ৩ মে' দিনৰ ১১বজাৰ পাছতো অব্যাহত থাকে তেনেহ'লে ৩ মে'ৰ দিনটোও ড্ৰাই দে হিচাপে গণ্য কৰা হ'ব ।  এই সময়ছোৱাত সকলো পাইকাৰী আৰু খুচুৰা সুৰাৰ বিপনী বন্ধ থাকিব । লগতে সুৰা বিক্ৰীৰ অনুজ্ঞাপ্ৰাপ্ত ক্লাব, হোটেল আদিতো সুৰাৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে । এই সময়ছোৱাত অনুজ্ঞাপত্ৰ নথকা স্থানত সুৰা মজুত ৰাখিবও নোৱাৰিব । এই নিৰ্দেশ উলংঘা কৰিলে অসম আবকাৰী আইন আৰু নিৰ্বাচন বিধিৰ ১৩৫ চি ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
 
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Covid Update Assam

30 April, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 29/04/2021.

Thursday, 29 April 2021

29 April, 2021 Golaghat Covid Update

29 April, 2021

Golaghat Covid Update

Press ReleaseGuwahati, 29th April 2021

Press Release
Guwahati, 29th April 2021

18+ নাগৰিকৰ টিকাকৰণৰ বাবে পঞ্জীয়ন মুকলি হৈছে।

29 April, 2021

18+ নাগৰিকৰ টিকাকৰণৰ বাবে পঞ্জীয়ন মুকলি হৈছে। এতিয়া আপোনাৰ স্লটটো কোউইন প্লেটফৰ্ম আৰু আৰোগ্য সেতু এপত বুক কৰক। 

সৰ্ববৃহৎ ভেকছিন ড্ৰাইভ য়ুনাইট2 ফাইট কৰোনা

গোলাঘাটত এতিয়া ক’ভীড-১৯ ভইৰাচ প্ৰতিৰোধৰ বাবে দৈনিক চলিছে টিকাকৰণ ৷

 29 April, 2021

গোলাঘাটত এতিয়া ক’ভীড-১৯ ভইৰাচ প্ৰতিৰোধৰ বাবে দৈনিক চলিছে টিকাকৰণ ৷


জিলাখনৰ বিভিন্ন ঠাইত ভেকচিন দিয়া হৈছে যদিও এই ব্যৱস্থাত নিয়োজিত পয্যাপ্ত চিকিৎসাকৰ্মীৰ অভাৱ হৈছে ৷ ফলত টিকা গ্ৰহণৰ বাবে অহা লোকে ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিবলগা হৈছে ৷ ইয়াৰ মাজতে হঠাতে ভেকচিন শেষ হোৱাত বুধবাৰে ভেকচিন লবলৈ অহা লোক নিৰাশ হৈ ওভতিবলগা হোপাৰ পিছত বৃহস্পতিবাৰে পুণৰ ৰাইজক ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হয় ৷ :: 


গোলাঘাট পৰা প্ৰকাশ শৰ্মা   ৰিপৰ্ত  নৰ্থইষ্ট নিউজ ইণ্ডিয়া

Covid Update Assam

29 April, 2021

Covid Update Assam 
Covid19 Assam and actions taken as on 28/04/2021.

Wednesday, 28 April 2021

28 April, 2021Order

28 April, 2021

Order

আজিৰ প্ৰসংগ ভুমিকম্প

28 April, 2021

আজিৰ প্ৰসংগ
   ভুমিকম্প

আজি পুৱা 7 বাজি 52 মিনিট আৰু 8 বাজি 4 মিনিটত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। আমি কল্পনা কৰিব নোৱাৰা এটা জোকাৰণি। 

আপুনি ভাবকছোন কিছু মুহু্ৰ্তৰ বাবে, যদি আপোনাৰ সকলো উপাজিত সামগ্রী, ঘৰ, অট্টালিকা, দালান, গাড়ী টকা পইচা, সকলো ভূগর্ভত বিলীন হয় যায় কি হব। 

আপুনি টো বহোত কষ্ট কৰি, ঠগি পৱঞ্চনাৰে, দুখিয়াক ঠগি বা আন আন পৱঞ্চনাৰে, সমাজ খন পদুখিত কৰি, আপুনি পাহাৰ সদৃশ সম্পত্তি গোটায়। যদি আপুনি খাৱলৈয়ে নাপায়। ভোগ কৰিব নোৱাৰে। 

আমি এনেই মিচা মৰিচিকাৰ পাছত দৌৰি আছো। আমাৰ একো লাভ নাই অন্যায় ভাবে ধন ঘটি। 

ভাবকছোন এবাৰ, 

কিবা লাভ আছে জানো পাৰ্প কৰি অৰ্থ উপাজন  ঘটাৰ। একো লাভ নাই। 
হয় লাভ আছিল, যদি আপুনি সত পথত আপোনাৰ সম্পত্তি অধিকাৰি হলহেতেন। 

আনকো যিমান পাৰে সহায় কৰিলেহেতেন। সমাজখনো পদুখিতৰ পৰা দুৰত থাকিলেহেতেন। 
আপুনি যিটো আনন্দ লাভ কৰিলেহেতেন, সেইতো আনন্দ পৃথিবীৰ কতো পাবলৈ সখম নহয়। 

মানুহৰ জীবন টোত একো নাই, মাএ আমি এই পৃথিবীলৈ কিছু সময়ৰ বাবেহে আহিছো। 

আমাক সৃষ্টি কৰতাই পৃথিবীলৈ পথাইছে, আমাৰ দ্বাৰা কিছু ভাল কৰ্ম হওক, পৃথিবীৰ জীৱকোলৰ কিছু ভাল হওক। 
আমাক ধংস কৰিবলৈ পথোৱা নাই। আমি যিহেতু সৃষ্টি কৰিব নোৱাৰো, আমাৰ ধংস কৰাৰো অধিকাৰ নাই। 

আহক আমি সকলোৱে এই সকলো খিনি বেয়া কৰ্মৰ পৰা দুৰত থাকো। এখন সুস্থ সবল পৃথিবী সমাজ গঢ় দিয়াৰ মানসেৰে  আগবাঢ়ো। সমাজৰ পৰা অপায় অসুয়া অমঙ্গল , সমাজৰ পৰা বেয়া কৰ্ম দূৰ কৰো। 

 আহক আমি সংকল্প লওঁ। 


মাধৱ গগৈ
গোলাঘাট।

28 April, 2021Golaghat Covid Update

28 April, 2021

Golaghat Covid Update

গোলাঘাট নিৰ্বাচন জিলাত ভোটগননাৰ বাবে সাজু জিলা প্ৰশাসন

28 April, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৬৩/২০২১

গোলাঘাট নিৰ্বাচন জিলাত ভোটগননাৰ বাবে সাজু জিলা প্ৰশাসন

ভোটগননা প্ৰক্ৰিয়াত জড়িত সকলো বিষয়া-কৰ্মচাৰীৰে ক'ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক : উপায়ুক্ত

৬টা ভোটগননা কক্ষত ৩৩ খনকৈ টেবুলত হ'ব গননা

গোলাঘাট, ২৮ এপ্ৰিল : গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই সমষ্টিৰ বাবে অহা ২ মে'ত হ'বলগীয়া ভোটগননাৰ বাবে জিলা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া বিভাষ চন্দ্ৰ মোদীয়ে আজি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত ভোটগননাৰ প্ৰস্তুতিৰ বুজ লয় । তেওঁ ভোটগননাৰ দিনা ক'ভিডৰ স্বাস্থ্য বিধিসমূহ কঠোৰ ভাৱে পালন কৰাৰ লগতে ভোটগ্ৰহণৰ দৰে ভোটগণনাও শান্তিপূৰ্ণভাৱে আৰু সুচাৰুৰূপে সম্পন্ন হ'ব বুলি আশা প্ৰকাশ কৰে । তেওঁ কয় যে ভোটগননা প্ৰক্ৰিয়াত জড়িত সকলো বিষয়া-কৰ্মচাৰীৰে ক'ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক কৰা হৈছে । লগতে ভোটগননা কেন্দ্ৰসমূহত শাৰীৰিক ব্যৱধান বজাই ৰখাৰ বিষয়টোত তেওঁ গুৰুত্ব আৰোপ কৰে । শ্ৰীমোদীয়ে ভোটগননা সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰে । উল্লেখযোগ্য যে গোলাঘাট ৰেছিডেন্সিয়েল গাৰ্লছ পলিটেকনিকত ভোটগণনাৰ বাবে প্ৰয়োজনীয় সকলো প্ৰস্তুতি গ্ৰহণ কৰা হৈছে । সেইদিনা ৬টা ভোটগননা কক্ষত ৩৩ খনকৈ টেবুলত হ'ব ভোটগননা কৰা হ'ব ।  প্ৰতিটো সমষ্টিৰ বাবে দুটাকৈ ভোটগণনা কক্ষ আৰু এটাকৈ পষ্টেল বেলট ভোটগননা কক্ষ থাকিব । প্ৰতিটো কক্ষত ৭ খনকৈ টেবুলত ভোটগননা কৰা হ'ব । গোলাঘাট সমষ্টিৰ পষ্টেল বেলট গণনা কক্ষত ৩ খন আৰু খুমটাই সমষ্টিৰ পষ্টেল বেলট গণনা কক্ষত ২ খন টেবুল থাকিব । ভোটগননা কক্ষত পুৱা চাৰে ৭ বজাৰ ভিতৰত সকলো ভোটগননাকাৰী বিষয়া- কৰ্মচাৰী প্ৰৱেশ কৰিব লাগিব । ভোটগননাৰ বাবে ১৮৭ গৰাকী ভোটগননা চুপাৰভাইজৰ, ভোটগননা সহকাৰী আৰু মাইক্ৰ' অবজাৰ্ভাৰ নিয়োগ কৰা হৈছে আৰু পৰ্যায়ক্ৰমে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে ।স্মৰ্তব্য যে যোৱা ২৭ মাৰ্চত প্ৰথম পৰ্যায়ত গোলাঘাট নিৰ্বাচন জিলাৰ বাবে হোৱা ভোটগ্ৰহনৰপৰা ই ভি এম সমূহ গাৰ্লছ পলিটেকনিকৰ ষ্ট্ৰং ৰুমত ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰখা হৈছে । গোলাঘাট নিৰ্বাচন জিলাত এইবাৰৰ নিৰ্বাচনত প্ৰায় ৮০শতাংশ ভোটদান হৈছিল ।

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Covid Update Assam

28 April, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 27/04/2021.

BREAKING NEWSআজি পুৱা 7 বাজি 52 মিনিট আৰু 8 বাজি 4 মিনিটত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।

28 April, 2021

BREAKING NEWS

আজি পুৱা 7 বাজি 52 মিনিট আৰু 8 বাজি 4 মিনিটত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।

প্ৰাবল্যৰ ভূমিকম্প:3.4, 28-04-2021, 10:39:12 ভাৰতীয় সময়মতে, লাট: 26.62 আৰু দীঘল: 92.46, গভীৰতা: 10 কিমি, অৱস্থান:

Tuesday, 27 April 2021

27 April, 2021ক'ভিডৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ বাবে ১২ মে'লৈকে গোলাঘাট জিলাত সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ বাবে নিৰ্দেশ ।

27 April, 2021

ক'ভিডৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ বাবে ১২ মে'লৈকে গোলাঘাট জিলাত সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ বাবে  নিৰ্দেশ  ।

অসমৰ #Covid19 পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি,

27 April, 2021

অসমৰ #Covid19 পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, 
অসম চৰকাৰৰ মুখ্য সচিব শ্ৰী জিষ্ণু বৰুৱাই নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ ব্যক্তিৰ চলাচল সীমিত কৰি এক নিৰ্দেশ জাৰি কৰিছে, যাৰ তাৎক্ষণিক কাৰ্যকৰীতা ১ মে, ২০২১ লৈকে হ'ব। 

Assam Covid Update

27 April, 2021Golaghat Covid Update

27 April, 2021

Golaghat Covid Update

কামৰূপ মেট্ৰ'ৰ অধীনত চৰকাৰী #COVID19 পৰীক্ষা আৰু স্ক্ৰীণিং কেন্দ্ৰৰ তালিকা।

27 April, 2021

Covid Update Assam 

কামৰূপ মেট্ৰ'ৰ অধীনত চৰকাৰী #COVID19 পৰীক্ষা আৰু স্ক্ৰীণিং কেন্দ্ৰৰ তালিকা।
Assam Fights Corona

গোলাঘাট জিলাত ভোটগননাৰ দিনা নিৰ্বাচনী বিজয় সমদল উলিওৱাত নিষেধাজ্ঞা আৰোপ

27 April, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৬২/২০২১

গোলাঘাট জিলাত ভোটগননাৰ দিনা নিৰ্বাচনী বিজয় সমদল উলিওৱাত নিষেধাজ্ঞা আৰোপ
গোলাঘাট, ২৭ এপ্ৰিল : নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি গোলাঘাট জিলাত ক'ভিড-19ৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে অহা ২ মে' ভোটগননাৰ দিনা নিৰ্বাচনী বিজয় সমদল উলিওৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । অতিৰিক্ত জিলা দণ্ডাধীশ ৰক্তিম বৰুৱাই এই সন্দৰ্ভত চি আৰ পি চিৰ ১৪৪ ধাৰাৰ অধীনত এই নিষেধাজ্ঞা আৰোপ কৰিছে । লগতে সংশ্লিষ্ট ৰিটাৰ্নিং বিষয়াৰ পৰা নিৰ্বাচনৰ প্ৰমানপত্ৰ সংগ্ৰহ কৰিবলৈ যাওঁতে বিজয়ী প্ৰাৰ্থীগৰাকী বা তেওঁৰ প্ৰতিনিধিৰ সৈতে দুজনতকৈ অধিক লোক প্ৰৱেশ কৰিব নোৱাৰিব বুলি নিৰ্দেশনাটোত স্পষ্ট কৰি দিয়া হৈছে । এই নিৰ্দেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট


NORTHEAST NEWS INDIA

BREAKING NEWS*ক'ভিড -19ৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে গোলাঘাট জিলাতো নৈশ সান্ধ্য আইন জাৰি*

27 April, 2021

BREAKING NEWS

*ক'ভিড -19ৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে গোলাঘাট জিলাতো নৈশ সান্ধ্য আইন জাৰি* 


ক'ভিড-19 ৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে অসমৰ প্ৰতিখন জিলাতে আজিৰেপৰা পহিলা মে'লৈকে কাৰ্যকৰী হোৱাকৈ নৈশ সান্ধ্য আইন জাৰি কৰিছে । গোলাঘাট জিলাতো আজিৰে পৰা এই নিৰ্দেশ কাৰ্যকৰী হ'ব বুলি জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে । সেই অনুসৰি নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ তলত উল্লেখ কৰা কেতবোৰ নিৰ্দিষ্ট সেৱাৰ সৈতে জড়িত তথা বিশেষ কেতবোৰ ক্ষেত্ৰৰ বাহিৰে সকলো লোকৰ আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে -

১/ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ অধীনৰ বিষয়া-কৰ্মচাৰী, জৰুৰীকালীন সেৱাৰ সৈতে জড়িত চৰকাৰৰ অধীনস্থ তথা স্বতন্ত্ৰ কাৰ্য্যালয়, ৰাজহুৱা নিগম যেনে স্বাস্থ্য আৰু পৰিয়াল কল্যান তথা ইয়াৰ সৈতে জড়িত সকলো কেন্দ্ৰ আৰু চিকিৎসালয়, আৰক্ষী, কাৰাগাৰ, গৃহৰক্ষী বাহিনী, অসামৰিক প্ৰতিৰক্ষা, অগ্নি নিৰ্বাপক আৰু জৰুৰী সেৱা, জিলা প্ৰশাসন, পে এণ্ড একাউণ্ট অফিচ, বিদ্যুৎ, পানী আৰু অনাময়, ৰাজহুৱা পৰিবহন ( বিমান / ৰেল / বাছ) তথা ৰাজহুৱা পৰিবহন সুচাৰুৰূপে সম্পন্ন কৰিব পৰাকৈ সকলো ব্যৱস্থা (যেনে সামগ্ৰী পৰিবহন ব্যৱস্থা, টিকট, বিমানযোগে সামগ্ৰী পৰিবহনৰ কেন্দ্ৰ, চি এফ এছ, আই চি ডি আদি ), দুৰ্যোগ ব্যৱস্থাপনা আৰু ইয়াৰ সৈতে জড়িত সেৱা, এন আই চি, এন চি চি আৰু পৌৰ সেৱা আৰু আন সকলো অত্যাৱশ্যকীয় সেৱাক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে । কিন্তু এইসমূহ সেৱাৰ সৈতে জড়িত লোকৰ বৈধ পৰিচয় পত্ৰ থাকিব লাগিব । ৰাজহুৱা সেৱা বাধাহীনভাৱে আগবঢ়োৱাটো সংশ্লিষ্ট বিভাগ তথা সংস্থাই সুনিশ্চিত কৰিব । 
২/ ন্যায় ব্যৱস্থাৰ সৈতে জড়িত সকলো বিষয়া-কৰ্মচাৰীক ৰেহাই দিয়া হৈছে ।
৩/ চিকিৎসক, নাৰ্ছ আৰু পেৰামেডিকেল কৰ্মচাৰীকে ধৰি ব্যক্তিগত খণ্ডৰ সকলো চিকিৎসাকৰ্মী আৰু আন চিকিৎসা সেৱা (যেনে চিকিৎসালয়, পৰীক্ষা কেন্দ্ৰ, ক্লিনিক, ফাৰ্মাচী, ঔষধ কোম্পানী আৰু আন চিকিৎসা তথা স্বাস্থ্য সেৱা )ৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহয় ।
৪/ গৰ্ভৱতী মহিলা আৰু ৰোগীক এইক্ষেত্ৰত ৰেহাই দিয়া হৈছে ।
৫/ বিমান বন্দৰ, ৰেলৱে ষ্টেচন আৰু আই এছ বি টি আদিলৈ যোৱা আৰু অহা লোকে বৈধ টিকট দেখুৱাই আহ-যাহ কৰিব পাৰিব । 
৬/ বিভিন্ন দেশৰ দূতাবাস অথবা কাৰ্যালয় তথা সাংবিধানিক পদবীত কৰ্মৰত বিষয়া - কৰ্মচাৰীকো ৰেহাই দিয়া হৈছে । কিন্তু তেওঁলোকে বৈধ পৰিচয় পত্ৰ দেখুৱাব লাগিব ।
৭/ এই নিষেধাজ্ঞাৰ পৰা  বৈধ পৰিচয় পত্ৰ থকা ছপা আৰু ইলেক্ট্ৰনিক মাধ্যমত কৰ্মৰত সংবাদকৰ্মীসকলে ৰেহাই পাব ।
৮/ এই সময়চোৱাত আন্ত:ৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰত চলাচল কৰা জৰুৰীকালীন অথবা আন সামগ্ৰীৰ সৰবৰাহৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব । ইয়াৰ বাবে কোনো সুকীয়া অনুমতি পত্ৰৰো প্ৰয়োজন ন’হ’ব ।
৯/ ব্যক্তিগত আৰু বাণিজ্যিক ব্যৱসায় প্ৰতিষ্ঠানৰ তলত উল্লেখ কৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহণৰ লগত জড়িত ব্যক্তিসকলৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা নাথাকিব :
ক) খাদ্যসামগ্ৰী, ফল-মূল আৰু শাক-পাচলিৰ দোকান, গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী, মাছ-মাংসৰ দোকান, পশুখাদ্য, ফাৰ্মাচী, দৰৱ আৰু চিকিৎসা সামগ্ৰীৰ পৰিবহণ
খ) বেংক, বীমা আৰু এ টি এম
গ) টেলি কমিউনিক্যেশ্যন, ইন্টাৰনেট সেৱা, ব্ৰ’ডকাষ্টিং আৰু কেবল সেৱা, তথ্য প্ৰযুক্তিৰ সৈতে জড়িত ব্যক্তি 
ঘ) ই-কমাৰ্চৰ জড়িয়তে খাদ্য সামগ্ৰী, ফাৰ্মাচী তথা চিকিৎসা সামগ্ৰীৰ পৰিবহণ
ঙ) পেট্ৰ’ল পাম্প, এল পি জি, চি এন জি, পেট্ৰলিয়াম আৰু গেছ আদিৰ খুচুৰা তথা মজুতকৰণ কেন্দ্ৰ
চ) শক্তি উৎপাদন আৰু বিদ্যুৎ সৰবৰাহ তথা বিতৰণ
ছ) শীতল ভঁড়াল আৰু গুদামৰ সৈতে জড়িত সেৱা
জ) ব্যক্তিগত নিৰাপত্তা সেৱা
ঝ) অত্যাৱশ্যকীয় সামগ্ৰী প্ৰস্তুতকৰণ গোট
ঞ) ধাৰাবাহিক প্ৰক্ৰিয়াৰ প্ৰয়োজন হোৱা যিকোনো উৎপাদন গোট তথা সেৱা

১০) ক’ভিডৰ প্ৰতিষেধক ল'বলৈ যোৱা ব্যক্তিৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা নাথাকিব ।

 *উপৰোক্ত নিৰ্দেশনাসমূহ অমান্য কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ ৫১ৰ পৰা ৬০ ধাৰাৰ লগতে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।* 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Covid Update Assam

27 April, 2021

Covid Update Assam 
Covid19 Assam and actions taken as on 26/04/2021.

Monday, 26 April 2021

গোলাঘাটত আজি ৬৭ জন লোকৰ দেহত ক'ভিডৰ সংক্ৰমণ, সক্ৰিয় ৰোগীৰ সংখ্যা ৩৭০ লৈ বৃদ্ধি

26 April, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৬০/২০২১

গোলাঘাটত আজি ৬৭ জন লোকৰ দেহত ক'ভিডৰ সংক্ৰমণ, সক্ৰিয় ৰোগীৰ সংখ্যা ৩৭০ লৈ বৃদ্ধি
গোলাঘাট, ২৬ এপ্ৰিল : গোলাঘাট জিলাত আজি নতুনকৈ ৬৭ জন লোকৰ দেহত ক'ভিড-19ৰ সংক্ৰমণ ধৰা পৰিছে । ইয়াকে লৈ জিলাখনত বৰ্তমান সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা ৩৭০ লৈ বৃদ্ধি পাইছে । ইয়াৰে ৩১৬ জন ঘৰতে আছুটীয়াকৈ থকাৰ বিপৰীতে ৪৭ জন লোক গোলাঘাট ক'ভিড চিকিৎসালয়, দুজন যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেল, ৩জন বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয় আৰু দুজন গুৱাহাটীত চিকিৎসাধীন হৈ আছে । আজি ২,৭৪১ জন লোকৰ ৰেপিড এন্টিজেন টেষ্ট আৰু ১৪৬ জনৰ আৰ টি পি চি আৰ পৰীক্ষা কৰা হয় । ৰেপিড টেষ্টতে ৬৭ জন লোকৰ দেহত সংক্ৰমণ ধৰা পৰে । উল্লেখযোগ্য যে গোলাঘাট জিলাত পহিলা এপ্ৰিলৰ পৰা আজিলৈকে ৩৩,৬১০ টা ৰেপিড এন্টিজেন টেষ্ট কৰা হৈছে । এই সময়ছোৱাত জিলাখনত ৪৭৪ জন লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয় । অৱশ্যে বৰ্তমান ইয়াৰে ৩৭০ জনহে সক্ৰিয় ক'ভিড ৰোগী । জিলাখনত এই সময়ছোৱাত দুজন লোকৰ ক'ভিডত মৃত্যু হৈছে । আজি চিনাক্ত হোৱাসকলৰ ভিতৰত কে বি আলিত ৮ জন, বোকাখাতত ১২ জন, সৰুপথাৰত ২৫ জন, শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ৮ জন, মিছামৰাত ১১ জন আৰু চাৰিঙিয়াত ৩ জন ৰোগী চিনাক্ত কৰা হয় । ইয়াৰ ভিতৰত দুটি শিশুও আছে । আজি ঘৰতে আছুটীয়াকৈ থকা ১০ জন লোক আৰোগ্য হোৱাৰ বিপৰীতে চিকিৎসালয়ৰ পৰা ৪ জন ৰোগীক ঘৰলৈ যাবলৈ দিয়া  হয় । আনহাতে ১৮ জন লোকক চিকিৎসালয়ৰ পৰা হোম আইছ'লেচনলৈ প্ৰেৰণ কৰা হয় ।  গোলাঘাট জিলাত ক'ভিড-19ৰ প্ৰতিষেধক প্ৰদান কার্যসূচীও অব্যাহত আছে । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Fights Corona Assam

26 April, 2021

Fights Corona Assam 
আত্ম যত্নৰ বাবে প্ৰোনিং!
ঘৰৰ বিচ্ছিন্নতাৰ সময়ত, Covid ৰোগীয়ে অক্সিজেনৰ বাবে প্ৰ'নিং পদ্ধতি চেষ্টা কৰিব পাৰে।

Covid Update Assam

26 April, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 25/04/2021.

Sunday, 25 April 2021

Fights Corona Assam

25 April, 2021

Fights Corona Assam 

আত্ম যত্নৰ বাবে প্ৰোনিং!
ঘৰৰ বিচ্ছিন্নতাৰ সময়ত, Covid ৰোগীয়ে অক্সিজেনৰ বাবে প্ৰ'নিং পদ্ধতি চেষ্টা কৰিব পাৰে।

Covid Update Assam

25 April, 2021

Covid Update Assam  

Covid19 Assam and actions taken as on 24/04/2021.

বিশ্ব মেলেৰিয়া দিৱস

25 April, 2021

বিশ্ব মেলেৰিয়া দিৱস

মেলেৰিয়াৰ ৰোগ নিৰ্ণয় আৰু চিকিৎসা সকলো চৰকাৰী স্বাস্থ্য সুবিধাত বিনামূলীয়াকৈ উপলব্ধ। 
অসমত জিলা মেলেৰিয়া বিষয়াসকলৰ (ডিএমঅ') তালিকা জনসাধাৰণে যিকোনো ঘটনাৰ প্ৰতিবেদন দিবলৈ আৰু তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে।
আহক আমি শূন্য মেলেৰিয়াৰ ফালে আগবাঢ়ো! 
স্বাস্থ্যৱান অসম

Saturday, 24 April 2021

Dibrugarh,

Dibrugarh, April 23/2021:

The 19th convocation of Dibrugarh University will be held in virtual mode on April 25 given the prevailing situation due to the rise in Covid-19 cases. Dibrugarh University registrar Prof Jiten Hazarika through official circular stated that on behalf of the Governor of Assam and chancellor of Dibrugarh University Prof Jagdish Mukhi, the vice-chancellor in charge Prof Lilakanta Nath will award the degrees to the eligible candidates in a simple function to be held in presence of the deans of the university. The programme will be live-streamed through the official website – <www.dibru.ac.in>  from 11.30 am onwards on Sunday.
The director of the Indian Institute of Information Technology (IITG) Guwahati Prof Gautam Barua will deliver the convocation address in virtual mode as the chief guest, while Padmashree Yeshe Dorjee Thongchi, renowned Arunachal Pradesh literature will be conferred the prestigious Doctor of Literature (D Litt) honorary degree for his contribution as a litterateur, critic, academician and social reformer.
The convocation will confer the degrees on the eligible candidates who qualified for their degrees of the university during the period from November 1, 2018 to November 30, 2019 while for PhD candidates the qualifying period will be from November 1, 2018 to October 10, 2020.
“It is informed to all concerned that due to the threat of Covid-19 pandemic, candidates of any degree could not be invited to receive their degrees in person. The eligible candidates will be able to collect their certificates with effect from May 10, 2021 from Dibrugarh University and the respective colleges. The university sincerely regrets the limitation compelled by the present situation and appeals cooperation from all concerned,” a statement by the university registrar mentioned.

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...