16 November, 2020 GOLAGHAT PRESS DAY
চৰম নিৰাপত্তা হিনতাত ভুগিছে ৰাজ্যৰ সাংবাদিক সকল l গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ দুষ্কৃতিকাৰীৰ l সাংবাদিকৰ নিৰাপত্তাত ব্যৰ্থ হৈছে গৃহ বিভাগ তথা জনসংযোগ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল l আজি প্ৰেছ দিৱস I প্ৰেছ দিৱসৰ প্ৰাকক্ষণত দিনে নিশাই নিষ্ঠাৰে সততাৰে কৰ্তব্য কৰা সাংবাদিকৰ ওপৰত ঘটা ইটোৰ পিছত সিটো অমানবীয় ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্য্যকৰী সভাপতি বিকাশ শৰ্মায়ে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এনে অমানবীয় কাৰ্য্যৰ কেতিয়াও সহ্য কৰা নহব আৰু অতি সোনকালেই এনে ঘটনাৰ ওপৰত চৰকাৰে এক সঠিক আৰু গুৰুত্বপূৰ্ণ সিধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে গোলাঘাট জিলা সাংবাদিক সকলৰ লগতে ৰাইজে। আনফালে গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত অনুষ্ঠিত কৰা গোলাঘাট জিলা আৱৰ্ত্ত ভবনত অনুষ্ঠিত কৰা হয় l অনুষ্ঠানতোত গোলাঘাট জিলাৰ সাংবাদিক সকলৰ লগতে গোলাঘাট জিলা অতিৰিক্ত উপায়ুক্ত অৰূপা বাগলাৰী,ধিৰাস দাস,জনসংযোগ বিভাগৰ বিষয়া পাপু গগৈকে উপস্থিত থাকে l সভাখনত বৰ্তমান গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ ওপৰত অহা বিপৰ্যয় কি দৰে নিৰাময় কৰিব পাৰি আৰু সাংবাদিকৰ স্বাধীনতাৰ ওপৰত ভাষণ প্ৰদান কৰে সাংবাদিক বিকাশ শৰ্মা আৰু সাংবাদিক পেঞ্চনপ্ৰাপ্ত ,দিপেন
দত্ত, l '' প্ৰকাশ শৰ্মা গোলাঘাট
No comments:
Post a Comment
Welcome Northeast News India