03 November, 2020
গোলাঘাট আবকাৰী বিভাগে সোমবাৰে আবেলি জামুগুৰিৰ চিপাহীবাৰিত এক বিশেষ অভিযান চলাই এটা সুৰা মাফিয়াৰ ঘৰত বৃহৎ পৰিমানৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে।গোলাঘাটৰ জিলাৰ আৱকাৰী অধীক্ষক মানৱী দাসৰ নেতৃত্বত যোৱা আবকাৰী দলটোৱে জামুগুৰি থানাৰ অন্তগৰ্ত চিপাহীবাৰীত অভিযান চলাই যোগেন গিৰি নামৰ এটা কুখ্যাত সুৰা মাফিয়াৰ ব্যৱসায় প্ৰতিষ্ঠান আৰু ঘৰৰ পৰা বৃহৎ পৰিমানৰ অবৈধ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। অভিযান কালত দলটোৱে দি,এচ,পি ব্লেক ৫ কেচ, এচি ব্লেক ২ কেচ, বিয়েৰ ১৪ কেচ, মস্তি স্পেচিয়েল ৩৩ কেচ বিলাতী সুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ যোগ্য যে এই সুৰা মাফিয়াটোৰ সহযোগতে সমগ্ৰ জামুগুৰি অঞ্চলত অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলি আছিল। বদমাচ মহা ধুৰন্ধৰ দাদাগিৰি কৰি লোকৰ বস্তু কাঢ়ি খোৱা এইটো পাখণ্ডৰ আৰু আছে অনেক কাহিনী। এও সোঁৱে-বাঁওৱে অঘোষিত দেহৰক্ষী হিচাবে কেইটামান মদাহী লগত লৈ ফূৰা যোগেন গিৰিৰ অৱশ্যে মদাহী সমাজত ডন হিছাপে পৰিচিত। ,এ,টি, এমৰ দৰে যেতিয়াই তেতিয়াই সুৰা যোগান দিব পৰা একমাত্ৰ তেওঁৱেই ব্যক্তি।
প্ৰায় দহখনৰো অধিক চাহ বাগানত সুৰা যোগান ধৰা যোগেন গিৰি বৰ্তমান জামুগুৰি অঞ্চলৰ কুখ্যাত সুৰাসম্ৰাট হৈ পৰিছে। অ'ত বছৰে মাফিয়াৰাজ চলাই থকা সমাজৰ কলংক যোগেন গিৰিৰ সন্দৰ্ভত অনাগত দিনত আৱকাৰী বিভাগে আদালতত কি প্ৰতিবেদন দিয়ে সেয়াহে লক্ষণীয় হ'ব। : প্ৰকাশ শৰ্মা গোলাঘাট
No comments:
Post a Comment
Welcome Northeast News India