13 October, 2020
*গোলাঘাট নগৰত বাঘে খালে কুকুৰ : আতংকিত বাসিন্দা ৷
গোলাঘাট : ১৩অক্টোবৰ
গোলাঘাট নগৰৰ ১১নং ৱাৰ্ডত মঙ্গলবাৰে নিশা এজন লোকৰ ঘৰত বাঘে বিচৰণ কৰি এটা পোহনীয়া কুকুৰ আক্ৰমণ কৰা ঘটনাই আতংকৰ সৃষ্টি কৰিছে চহৰৰৰ উপেন গগৈৰ ঘৰত এই ঘটনা সংঘটিত হয় ৷ বাঘৰ আতংকৰ মাজতে বন বিভাগৰ বাঘৰ সন্ধান বিচাৰি অভিযান চলায় । বাঘৰ খোজ বিচাৰি স্থানীয় ৰাইজ আৰু বন বিভাগৰ লোকে বাঘ অহাটো নিশ্চয় কৰিছে । নিশাই ৰাইজে বাঘটো প্ৰত্যক্ষকৰি চিঞৰবাখৰ কৰাত দেৱাল বগাই আঁতৰি গ'ল বাঘটো। ফলত নিশাৰে পৰাই আতংকিত হৈ পৰিছে গোলাঘাটৰ ৰংপুৰবাসী। উল্লেখযোগ্য যে, চাহ বাগিচা নতুবা কাঠনিত বাঘৰ বিচৰণ, পিঞ্জৰাবদ্ধ কোনো নতুন কথা নহয়। কিন্তু গোলাঘাট নগৰত বাঘৰ সন্ত্ৰাসে চকু কপালত তুলিছে সকলোৰে। নিশা নগৰৰ মাজমজিয়াৰ ৰংপুৰত বাঘৰ মুক্ত বিচৰণ আৰু গৃহস্থৰ পোহনীয়া কুকুৰক আক্ৰমণক লৈ বৰ্তমান হৈ পৰিছে গোলাঘাট বন বিভাগ সস্তম হৈ পৰিছে ৷ : কল্পনা ফুকনৰ ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
No comments:
Post a Comment
Welcome Northeast News India