Saturday, 4 July 2020
4 July, 2020 গোলাঘাট লাইফ লাইন নাৰ্চিংহোমৰ মেনেজাৰ জয়ন্ত সিনহা সংস্পৰ্শলৈ অহা ২০ গৰাকী লোক কভিড-১৯ আক্ৰান্ত হোৱাৰ পিছতে হাহাকাৰ পৰিস্থিতি গোলাঘাটত । ২০ গৰাকী লোক পজিটিভ হোৱাৰ পিছতে গোলাঘাট উপায়ুক্ত কাৰ্যালয়, চক্ৰ বিষয়া কাৰ্যালয় , বাৰ এ'ছচিয়েছন, স্কুল উপ পৰিদৰ্শক কাৰ্যালয় সৈতে উপায়ুক্ত কাৰ্যালয় সমীপৰ ৫০ মিটাৰ অঞ্চল কন্টেইনমেন্ট জ'ন ঘোষণা কৰিলে গোলাঘাট প্ৰশাসনে । জামুগুৰি গাওপঞ্চায়তৰ ঘূলীঘাটত স্ঠাপন কৰা neepco কেম্প এটাক লৈ শনিবাৰে সমগ্ৰ অঞ্চলত আতংকময় পৰিস্থিতি হয় ৷ আন ঠাইত কুৱাইনটাইন কৰিৰখা শ্বেখ মানান নামৰ শ্ৰমিকজন যোৱানিশা কেম্পটোত উপস্থিত হোৱাত তেওঁ সংস্পৰ্শলৈ আহে কেম্পৰ আন ২২ জন শ্ৰমিক আৰু শনিবাৰে কাষতে বহা সাপ্তাহিক বজাৰত শ্বেখ মানানকে ধৰি ২৩ জনে বিচৰণ কৰিছিল ৷ আজি শ্বেখ মানানৰ পজিটিভ অহাত অঞ্চলজুৰি আতংক সৃষ্টি হয় ৷ প্ৰশাসনৰ লোকে কেম্পটো ছিল কৰি কেওজনকে গোলাঘাটলৈ লৈ আহে ৷ বজাৰখন চেনিটাইজেশ্যন কৰা হৈছে যদিও পুৱা সমাগমত বিচৰণ কৰা কেম্পৰ শ্ৰমিক সকল কাৰ কাৰ সংস্পৰ্শলৈ আহিল সেই বিষয়টোলৈ হৈ ৰাইজৰ মাজত আতংকই বিৰাজ কৰিছে ৷ : পাৰ্থ জোতি বৰা ৰিপত গোলাঘাট।
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...
No comments:
Post a Comment
Welcome Northeast News India