Wednesday, 24 June 2020
24 Jun, 2020 শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ১১১গৰাকী কৃষি উন্নয়ন বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰে। অসমৰ কৃষি খণ্ডক অধিক গতিশীলতা প্ৰদান কৰিবলৈ। কৃষি মন্ত্রী শ্ৰী যুত অতুল বৰাই সকলোকে অভিনন্দন জ্ঞাপন জনায়। চৰকাৰখনৰ প্ৰধান লক্ষ্য৷ নৱ-নিযুক্ত কৃষি উন্নয়ন বিষয়াসকলে যাতে কৃষকসকলৰ সৈতে সুসম্পৰ্ক স্থাপন কৰি সততা-নিষ্ঠাৰে নিজ কৰ্তব্য পালন কৰি কৃষি খণ্ডলৈ এক যুগান্তকাৰী পৰিৱৰ্তন কঢ়িয়াই আনে৷ আজিৰ অনুষ্ঠানত লগতে উপস্থিত আছিল অসম বিধানসভাৰ উপাধ্যক্ষ শ্ৰী আমিনুল হক লস্কৰ ডাঙৰীয়া, সাংসদ শ্ৰী ৰাজদীপ ৰয় ডাঙৰীয়া, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা শ্ৰী হৃষিকেশ গোস্বামী ডাঙৰীয়া, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শ্ৰী শান্তনু ভৰালী ডাঙৰীয়া, কৃষি উৎপাদন আয়ুক্ত শ্ৰী ৰাজেশ প্ৰসাদ, কৃষি বিভাগৰ আয়ুক্ত তথা সচিব শ্ৰী কুলেন্দ্ৰ তালুকদাৰ, কৃষি বিভাগৰ সঞ্চালক শ্ৰী মনোজ কুমাৰকে ধৰি বিভাগীয় কেইবাগৰাকী বিষয়া৷
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...






No comments:
Post a Comment
Welcome Northeast News India