Thursday, 24 March 2022

গোলাঘাটত ৰাষ্ট্ৰীয় যক্ষ্মা দিৱস পালন

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৫১

*গোলাঘাটত ৰাষ্ট্ৰীয় যক্ষ্মা দিৱস পালন*

গোলাঘাট, ২৪ মাৰ্চ : ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাটতো আজি বিশ্ব যক্ষ্মা দিৱস পালন কৰা হয় । এই উপলক্ষে গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা স্বাস্থ্য সমিতি (ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচী)ৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয় । গোলাঘাট জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিষয়া, চিকিৎসক, সমাজকৰ্মী, স্বাস্থ্যকৰ্মী, আশা কৰ্মী, এন চি চি কেডেট আৰু ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে । সভাত উপস্থিত থাকি তিনিচুকীয়া জিলাৰ স্বাস্থ্য সেৱাৰ প্ৰাক্তন যুটীয়া সঞ্চালক ডাঃ জ্যোতি ভুঞাই যক্ষ্মা ৰোগৰ লক্ষণ দেখা পালেই চিকিৎসকৰ ওচৰ চাপিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় । তেওঁ কয় যে এই ৰোগৰ চিকিৎসা বিনামূলীয়া আৰু চিকিৎসাৰ দ্বাৰা সম্পূৰ্ণৰূপে এই ৰোগৰ পৰা নিৰাময় লাভ কৰিব পৰা যায় । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচী, গোলাঘাটৰ জিলা যক্ষ্মা বিষয়া ডাঃ সুনিতা এক্কাই যক্ষ্মা ৰোগৰ ইতিহাস আৰু ইয়াৰ চিকিৎসা সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় । তেওঁ এই ৰোগক লৈ শংকিত হোৱাৰ পৰিৱৰ্তে সজাগ হবলৈ আহ্বান জনায় । ২০২৫ চনৰ ভিতৰত যক্ষ্মা নিৰ্মূল কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছে যদিও অসমত ২০২৩ চনৰ ভিতৰতে যক্ষ্মা নিৰ্মূল কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । এই ৰোগত আক্ৰান্ত হলেও ১০০ শতাংশ সুস্থ হৈ উঠাটো সম্ভৱ বুলি তেওঁ দোহাৰে । সভাত গোলাঘাট জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই যক্ষ্মামুক্ত অসম গঢ়াৰ বাবে সকলোকে সহযোগিতা আৰু ঐক্যবদ্ধভাৱে প্ৰয়াস চলাবলৈ আহ্বান জনায় ।  তেওঁ কয় যে গোলাঘাট জিলাত যাতে এজনো যক্ষ্মা ৰোগীয়ে চিকিৎসা নোপোৱাকৈ নাথাকে সেয়া সুনিশ্চিত কৰিব লাগিব । যক্ষ্মা ৰোগীসকলক উলিয়াই অনাৰ ক্ষেত্ৰত তেওঁ সকলোৰে সহযোগিতা কামনা কৰে । সভাত অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) পল্লৱী গগৈ, জ্যেষ্ঠ চিকিৎসক ডাঃ সুৰেন্দ্ৰ নাথ তামূলী, ডাঃ জাহিৰ হুছেইন, ডাঃ ৰবীন তামূলী, ডি আৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ ডঃ পুতুল চন্দ্ৰ শইকীয়া, ডি আৰ কলেজৰ প্ৰাক্তন অধ্যাপক ডঃ নৃপেন কুমাৰ বৰুৱা, বিশিষ্ট গায়িকা অণুধৃতি মহন্ত আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল । আজিৰ অনুষ্ঠানতে যক্ষ্মা ৰোগৰ বিৰুদ্ধে যুঁজ দি সফল হোৱা তথা এই ৰোগ নিৰ্মূলত বৰঙণি আগবঢ়োৱা ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয় । লগতে দুদিনীয়াকৈ আয়োজিত যক্ষ্মা দিৱসৰ কাৰ্যসূচীৰ অংশৰূপে অনুষ্ঠিত ক্ৰিকেট খেলৰ বিজয়ীসকলক পুৰস্কৃত কৰা হয় ।

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...