Friday, 12 March 2021

गोलाघाट निर्वाचन जिले के लिए व्यय पर्यवेक्षक चुनाव व्यय से संबंधित शिकायतों के लिए सीधे संपर्क की अपील करता है

12 March, 2021

प्रेस विज्ञप्ति संख्या: 19/2021

गोलाघाट निर्वाचन जिले के लिए व्यय पर्यवेक्षक चुनाव व्यय से संबंधित शिकायतों के लिए सीधे संपर्क की अपील करता है

गोलाघाट, 12 मार्च: भारतीय राजस्व सेवा के अधिकारी, गोलाघाट चुनाव जिले के व्यय पर्यवेक्षक
हेमंत हिंगोनिया लोगों से अपील करते हैं कि वे चुनाव खर्च से संबंधित किसी भी शिकायत के लिए उनसे सीधे संपर्क करें। पहले चरण में, 27 मार्च को, गोलाघाट चुनाव जिले के तहत 95-गोलाघाट और 96-खुमताई LAC के लिए मतदान होगा। चुनाव खर्चों में अनियमितता या किसी भी शिकायत के मामले में लोग उसे सीधे 93941-77601 और 60005-47090 पर कॉल कर सकते हैं। व्यय पर्यवेक्षक मतदाताओं से स्वतंत्र और निष्पक्ष चुनाव कराने में सहयोग करने का आग्रह करता है।

मीडिया एंड पब्लिसिटी सेल, गोलाघाट

NORTHEAST NEWS INDIA

গোলাঘাট নিৰ্বাচন জিলাত নিৰ্বাচনী ব্যয় সম্পৰ্কীয় অভিযোগৰ বাবে পোনপটীয়াকৈ যোগাযোগৰ আহ্বান ব্যয় পৰ্যবেক্ষকৰ

12 March, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ১৯/২০২১

গোলাঘাট নিৰ্বাচন জিলাত নিৰ্বাচনী ব্যয় সম্পৰ্কীয় অভিযোগৰ বাবে পোনপটীয়াকৈ যোগাযোগৰ আহ্বান ব্যয় পৰ্যবেক্ষকৰ 

গোলাঘাট, ১২ মাৰ্চ : সমাগত বিধানসভা নিৰ্বাচনৰ বাবে গোলাঘাট নিৰ্বাচন জিলাৰ অন্তৰ্গত দুটা বিধানসভা সমষ্টিৰ নিৰ্বাচনী ব্যয় পৰ্যবেক্ষকৰ দায়িত্বত থকা ভাৰতীয় ৰাজহ সেৱা বিষয়া হেমন্ত হিংগনিয়াই ইতিমধ্যে দায়িত্বভাৰ গ্ৰহণ কৰিছে । প্ৰথম পৰ্যায়ত অৰ্থাৎ ২৭ মাৰ্চত ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই সমষ্টিৰ বাবে ভোটগ্ৰহন কৰা হ'ব । নিৰ্বাচনী ব্যয়ৰ ক্ষেত্ৰত কোনো অনিয়ম দৃষ্টিগোচৰ হ'লে অথবা নিৰ্বাচনী ব্যয় সম্পৰ্কীয় যিকোনো অভিযোগৰ বাবে ব্যয় পৰ্যবেক্ষকগৰাকীক ৯৩৯৪১-৭৭৬০১ আৰু ৬০০০৫-৪৭০৯০ নম্বৰত ফোন কৰিব পাৰিব । ব্যয় পৰ্যবেক্ষকগৰাকীয়ে নিৰ্বাচন নিকা আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ ভোটদাতাসকলৰ প্ৰতি আহ্বান জনাইছে । 

গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

Thursday, 11 March 2021

11 March, 2021 আজি শ্ৰী শ্ৰী শিবৰাত্ৰি ৷ গোলাঘাটৰো বিভিন্ন স্থানত শিবথান সমুহত ভক্তৰ লানী নিচিঙা স্ৰোত বৈছে ৷ মহাদেৱ শিৱৰ ভক্তি অৰ্চনাত ব্যস্ত ভক্তগণ ৷ : চাও আহক গোলাঘাটৰ পাঁচআলি ; বেঙেনাখোৱা আলুপট্টি আৰু বাটাচাৰ্কোলৰ দৃশ্য :: প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন ৷ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 11 March, 2021


আজি শ্ৰী শ্ৰী শিবৰাত্ৰি ৷ গোলাঘাটৰো বিভিন্ন স্থানত শিবথান সমুহত ভক্তৰ লানী নিচিঙা স্ৰোত বৈছে ৷ মহাদেৱ শিৱৰ ভক্তি অৰ্চনাত ব্যস্ত ভক্তগণ ৷ : চাও আহক গোলাঘাটৰ পাঁচআলি ; বেঙেনাখোৱা আলুপট্টি আৰু বাটাচাৰ্কোলৰ দৃশ্য :: 


প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন ৷

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


गोलाघाट निर्वाचन जिले में मतदाता सेल्फी ज़ोन के साथ चुनाव शुभंकर टीखर और चुतिबाई को लॉन्च किया गया

11 March, 2021

प्रेस विज्ञप्ति

गोलाघाट निर्वाचन जिले में मतदाता सेल्फी ज़ोन के साथ चुनाव शुभंकर टीखर और चुतिबाई को लॉन्च किया गया
गोलाघाट, 11 मार्च: गोलाघाट चुनाव जिले के मतदाताओं को मतदान के बारे में जागरूक और संवेदनशील बनाने के लिए, सेल्फी जोन के साथ-साथ टीखर (दलदला हिरण) और सुतिबाई (तितली) नाम के दो शुभंकरों को व्यवस्थित मतदाता शिक्षा और चुनावी भागीदारी SVEEP के तहत आज उपायुक्त और जिला निर्वाचन अधिकारी बिभाष चंद्र मोदी द्वारा लॉन्च किया गया । उन्होंने नागरिक से वोट देने की अपील की क्योंकि मतदान एक जिम्मेदारी है और सभी को अपनी जिम्मेदारियों और कर्तव्यों को पहचानना चाहिए। "इस बार आवश्यक सेवाओं में शामिल लोगों के लिए पोस्टल बैलेट सिस्टम प्रदान किया गया है ताकि हर कोई बिना किसी असफलता के अपना वोट दे सके। यह उल्लेखनीय है कि शुभंकरों का नाम प्रसिद्ध असमिया लेखक लक्ष्मीनाथ बेजबरुआ की कहानियों या संग्रह पर आधारित है। लक्ष्मीनाथ बेजबरुआ की लोककथाओं, "बुरही ऐर साधु" जहां "टीखर और चुतीबाई" एक लोकप्रिय लोककथा है। 2016 के एक सर्वेक्षण के अनुसार, Nambar-Daigrung Sanctuary में 224 प्रजातियों की तितलियां हैं । दूसरी ओर, भारत के कुछ जंगलों में दलदली हिरण पाए जाते हैं । काजीरंगा नेशनल पार्क में 1000 से अधिक दलदली हिरण हैं। मानस नेशनल पार्क में भी दलदली हिरण  पाए जाते हैं। दलदली हिरण पहले ही पाकिस्तान और बांग्लादेश में विलुप्त हो चुके हैं। IUCN ने इसे खतरा श्रेणी में शामिल किया है। 12 सींग वाले दलदली हिरण को अक्सर शिकारियों द्वारा शिकार किया जाता है। न्यू अमोलापट्टी में बिशाल मेगामार्ट के सामने सेल्फी ज़ोन के साथ चुनाव शुभंकर टीखर और चुतिबाई को स्थापित किया जाएगा। इस अवसर पर जिला विकास आयुक्त Orpah Baglary और अतिरिक्त उपायुक्त मून गोगोई, पल्लवी गोगोई, चुनाव अधिकारी सुलक्षणा बोरपात्रगोहिन और कई अन्य अधिकारी और कर्मचारी सदस्य उपस्थित थे।

मीडिया एंड पब्लिसिटी सेल, गोलाघाट

NORTHEAST NEWS INDIA

কবি সন্মিলন উত্তৰ লখিমপুৰ শাখাৰ তৃতীয় প্ৰতিষ্ঠা দিৱস

 11 March, 2021


*কবি সন্মিলন উত্তৰ লখিমপুৰ শাখাৰ তৃতীয় প্ৰতিষ্ঠা দিৱস


* Date :- 11/3/21


## কবিতাক মানুহৰ পৰমতম সম্পদ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস সদৌ অসম কবি সন্মিলন উত্তৰ লখিমপুৰ শাখাই যোৱা তিনিটা বছৰে কৰি আহিছে ।


## বুধবাৰে বিয়লি মঙ্গলময় পত্ৰিকাৰ কাৰ্য্যলয়ত সদৌ অসম কবি সন্মিলন উত্তৰ লখিমপুৰ শাখাৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উৎযাপন কৰা হয়।


## বিশিষ্ট চিকিৎসক তথা কবি ডা: জগদীশ গোস্বামীয়ে সভাপতিত্ব কৰা এই সভাত আদৰণি ভাষণ প্ৰদান কৰে সদৌ অসম কবি সন্মিলনৰ উত্তৰ লখিমপুৰ শাখাৰ সম্পাদক তথা বিশিষ্ট কবি পংকজ সভাপণ্ডিতে।


## প্ৰায় একুৰি কবিৰ কবিতা পাঠে এই প্ৰতিষ্ঠা দিৱস টি এক অনন্য মাদকতা প্ৰদান কৰে।


## প্ৰতিষ্ঠা দিৱস উপলক্ষে কবি পংকজ সভাপণ্ডিতে এই সভাত উপস্থিত থকা  সকলোকে কবি প্ৰণৱ কুমাৰ বৰ্মনৰ "সন্দিকৈ কলেজৰ তুমি সাগৰিকা"  নামৰ কবিতা পুথি উপহাৰ হিচাপে প্ৰদান কৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাট নিৰ্বাচন জিলাৰ শুভংকৰ তীখৰ আৰু চুটিবাইসহ ভোটাৰ চেল্ফি জ'ন মুকলি

10 March, 2021

প্ৰেছ বিজ্ঞপ্তি 

গোলাঘাট নিৰ্বাচন জিলাৰ শুভংকৰ তীখৰ আৰু চুটিবাইসহ ভোটাৰ চেল্ফি জ'ন মুকলি 
গোলাঘাট, ১১ মাৰ্চ : গোলাঘাট নিৰ্বাচন জিলাৰ ভোটদাতাসকলক ভোটদানৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যে "ভোটদাতাৰ প্ৰণালীবদ্ধ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহন" চমুকৈ SVEEP ৰ অধীনত আজি দুটা নিৰ্বাচনী শুভংকৰ আৰু ভোটাৰ চেল্ফি জ'ন মুকলি কৰা হৈছে । জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া বিভাষ চন্দ্ৰ মোদীয়ে শুভংকৰ দুটাৰ লগতে চেল্ফি জ'নটো মুকলি কৰে । তেওঁ  প্ৰতিজন লোককে ভোট দিবলৈ আহ্বান জনাই কয় যে ভোটদান এজন নাগৰিকৰ দায়বদ্ধতা আৰু যিকোনো পৰিস্থিতিতে সকলোৱে নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ পৰিচয় দিয়া উচিত । এইবাৰ সকলোৰে ভোটগ্ৰহন সুনিশ্চিত কৰাৰ উদ্দেশ্যে অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত লোকসকলৰ বাবে পোষ্টেল বেলটৰো ব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । উল্লেখযোগ্য যে লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ "তীখৰ আৰু চুটি বাই" সাধুটোৰ
 আধাৰত দল হৰিণ আৰু পখিলাৰ আকৃতিৰে শুভংকৰ দুটা প্ৰস্তুত কৰি উলিওৱা হৈছে । ২০১৬ চনৰ এটা সমীক্ষা মতে নামবৰ দৈগ্ৰোঙ অভয়াৰণ্যত ২২৪ টা প্ৰজাতিৰ পখিলা আছে । আনহাতে দল হৰিণ ভাৰতৰ কেইখনমান বনাঞ্চলতহে পোৱা যায় । তাৰ ভিতৰত অসমৰ কাজিৰঙাত ১০০০ৰো অধিক দল হৰিণ আছে । মানাহ ৰাষ্ট্ৰীয় উদ্যানতো দল হৰিণ পোৱা যায় । ইতিমধ্যে পাকিস্তান আৰু বাংলাদেশত দল হৰিণ বিলুপ্ত হৈছে । IUCN এ ইতিমধ্যে ইয়াক threatened শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছে । ১২টা শিঙেৰে ধুনীয়া প্ৰাণীবিধ প্ৰায়ে চোৰাং চিকাৰীৰ বলি হয় । দল হৰিণৰ সংৰক্ষণ আৰু পখিলাৰ অধিক গৱেষণাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এই দুবিধ প্ৰাণীক নিৰ্বাচনী শুভংকৰ হিচাপে গ্ৰহণ কৰা হৈছে । নতুন আমোলাপট্টিত থকা বিশাল মেগামাৰ্টৰ সন্মুখত চেল্ফি জ'নটো স্থাপন কৰাৰ লগতে শুভংকৰ দুটা ৰখা হ'ব । আজিৰ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী আৰু অতিৰিক্ত উপায়ুক্ত মুন গগৈ আৰু  
পল্লৱী গগৈৰ লগতে ভালেমান বিষয়া-কৰ্মচাৰী উপস্থিত আছিল । 

গোলাঘাট জিলা নিৰ্বাচন প্ৰচাৰ কোষ


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

ভোটগ্ৰহন প্ৰক্ৰিয়াৰ সৈতে জড়িত ৱিষয়াসকলৰ সহায়ৰ বাবে এন্দ্ৰয়ড এপ "প'ল-সম্পৰ্ক" মুকলি

11 March, 2021

প্ৰেছ বিজ্ঞপ্তি 

ভোটগ্ৰহন প্ৰক্ৰিয়াৰ সৈতে জড়িত ৱিষয়াসকলৰ সহায়ৰ বাবে এন্দ্ৰয়ড এপ "প'ল-সম্পৰ্ক" মুকলি
গোলাঘাট, ১১ মাৰ্চ : নেচনেল ইফৰ্মেটিক্স চেণ্টাৰ, গোলাঘাটৰ উদ্যোগত ভোটগ্ৰহন প্ৰক্ৰিয়াৰ সৈতে জড়িত ৱিষয়াসকলৰ সহায়ৰ বাবে তথা নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে এটা বিশেষ এন্দ্ৰয়ড এপ "প'ল-সম্পৰ্ক" বিকশিত কৰা হৈছে । জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া বিভাষ চন্দ্ৰ মোদীয়ে আজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত এপটো আনুষ্ঠানিকভাৱে মুকলি কৰে । এপটো মুকলি কৰি শ্ৰী মোদীয়ে কয় যে নিৰ্বাচন প্ৰক্ৰিয়াটো চলি থকাৰ সময়ত ভোটগ্ৰহনৰ সৈতে জড়িত প্ৰিজাইডিং আৰু পলিং তথা অন্য বিষয়াসকলক গুৰুত্বপূৰ্ণ তথ্য-পাতি সময়মতে যোগান ধৰিব পৰাকৈ এপটো মুকলি কৰা হৈছে । এপটোত ৱিষয়াসকলে ভোটগ্ৰহন কেন্দ্ৰৰ বিভিন্ন তথ্য-পাতি, সংশ্লিষ্ট ভোটগ্ৰহন কেন্দ্ৰত নিয়োজিত কৰ্মচাৰীৰ সবিশেষ, প্ৰশিক্ষণৰ তথ্য আদি লাভ কৰিব । ভোটগ্ৰহনৰ কামত নিয়োজিত ৱিষয়াসকলে সদৰৰ পৰা ৰাওনা হোৱাৰ সময়ত হোৱা অযথা ভিৰ এই এপটোৱে বহু পৰিমানে নিয়ন্ত্ৰণ কৰিব আৰু ঘৰতে বহি তেওঁলোকে প্ৰয়োজনীয় তথ্য-পাতি লাভ কৰিব । কোৱিড পৰিস্থিতিত ই যথেষ্ট ফলপ্ৰসূ হ'ব বুলি আশা কৰা হৈছে । ডি আই অ' অভিজিত কাকতি আৰু এ ডি আই অ' সুশ্ৰুত ৰাজখোৱাই এই এপটো বিকশিত কৰি উলিয়াইছে । উল্লেখযোগ্য যে গোলাঘাট জিলা প্ৰশাসনে "নিৰ্বাচন গোলাঘাট" নামৰ এটা এপো বিকশিত কৰিছে । এই এপটোৱে নিৰ্বাচনত জড়িত বিষয়াসকলক তথ্য যোগান ধৰাৰ লগতে ৰাজনৈতিক দলসমূহক যানবাহনৰ অনুমতি দিয়া ব্যৱস্থাটোক যথেষ্ট সৰল কৰিছে । আজিৰ অনুষ্ঠানত জিলা পৰিষদৰ চি ই অ' অভিজিৎ বৰুৱা, জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী আৰু অতিৰিক্ত উপায়ুক্ত মুন গগৈ, পল্লৱী গগৈ আৰু কুলদ্বীপ হাজৰিকা উপস্থিত আছিল । 

গোলাঘাট জিলা নিৰ্বাচন প্ৰচাৰ কোষ

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...