Thursday, 1 January 2026

শুভেচ্ছা বাৰ্তা

বিশ্বৰ সমগ্ৰ মানৱ জাতিক আন্তৰিক নতুন বছৰৰ শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ।
এই নতুন বছৰে মানৱ হৃদয়ত শান্তি, প্ৰেম, সহানুভূতি আৰু ভাতৃত্ববোধ জগাই তুলক। যুদ্ধ, হিংসা, ঘৃণা আৰু বিভাজনৰ সকলো পথ বন্ধ হৈ, মানৱতা, ন্যায় আৰু সমতাৰ পথ অধিক প্ৰশস্ত হওক।

এই বছৰত আমি সকলোৱে জাতি, ধৰ্ম, ভাষা আৰু সীমাৰ ওপৰত উঠি নিজকে একেটা মানৱ পৰিয়াল হিচাপে চিনাকি দিওঁ। মাতৃ আৰু প্ৰকৃতিৰ প্ৰতি সন্মান, সুৰক্ষা আৰু যত্ন আমাৰ সামূহিক দায়িত্ব হওক। প্ৰকৃতি সুৰক্ষিত থাকিলেই মানৱ সভ্যতা সুৰক্ষিত থাকিব—এই সত্যটো নতুন বছৰত আমাৰ কৰ্মৰ মূল আদৰ্শ হওক।

নতুন বছৰটো সমগ্ৰ পৃথিৱীত শান্তি, সুস্বাস্থ্য, খাদ্য সুৰক্ষা, শিক্ষা, সমান অধিকাৰ আৰু মৰ্যাদাৰে ভৰা জীৱনৰ আশীৰ্বাদ কঢ়িয়াই আনক।
মানৱতা জয় হওক, প্ৰকৃতি জয় হওক।

জয় মা আৰু প্ৰকৃতি 🌏🌿
মাধৱ গগৈ
মা আৰু প্ৰকৃতি সেৱক প্ৰতিষ্ঠাপক।

Northeast News India 

Saturday, 13 December 2025

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত।

সেৱাৰে
মাধৱ গগৈ
অসম, ভাৰত।

Friday, 21 November 2025

মানৱ জাতিয়ে সত্য ক গ্ৰহণ কৰক।

মানৱ জাতিয়ে সত্য ক গ্ৰহণ কৰক। আৰু এই পৃথিৱীত থকা সকলো জীৱকোলক সমান চকুৰে , সমান অধিকাৰ দিবলৈ চেষ্টা কৰক। তেতিয়াহে এই পৃথিৱীত মানৱ জাতিৰ জীয়াই থাকিবলৈ সম্ভৱ হ'ব। সকলো মানৱ জীৱনৰ অবিচ্ছেদ্য অঙ্গ।।

সেৱাৰে
মাধৱ গগৈ
অসম ভাৰত।।

Monday, 27 October 2025

মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম।

মাধৱ গগৈ
অসম,ভাৰত।

Northeast News India 

Saturday, 18 October 2025

বিশ্বৰ মানৱ জাতিলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন।।

।। জয় মা আৰু প্ৰকৃতি ।।

কাতি বিহুৰ শুভ ক্ষণত বিশ্বৰ মানৱ জাতিলৈ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন জনাইছোঁ। এই শুভ ক্ষণৰ পৰাই মানৱ জাতিৰ সূ উদয় হ‌ওঁক, মনৰ পৰা বেয়া ভাৱ ধাৰাৰ বিনাশ হওঁক, মনলৈ সঁচা অৰ্থত ভাব ধাৰাৰ জন্ম হওঁক, মনত সু বুদ্ধিৰ বিকাশ হওঁক, মানৱ জাতিৰ সু কল্যাণ হওঁক তাৰে কামনাৰে।।

কাতি বিহুৰ শুভেচ্ছাৰে।

সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ
অসম।।

NORTHEAST NEWS INDIA 

Sunday, 21 September 2025

জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকিব।

জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকিব। তেওঁৰ মৃত্যু হ'ব নোৱাৰে। আৰু আমাৰ নতুন প্ৰজন্ম সকলোৱে জুবিন দাৰ দৰে হ'বলৈ চেষ্টা কৰিব লাগিব ভাল কৰ্মৰ জড়িয়তে। জুবিন দা অমৰ হয়।

সেৱাৰে
মাধৱ গগৈ
অসম।

Northeast News India

Friday, 19 September 2025

পৃথিৱীৰ বুকুৰ পৰা বিদায় মাগিলে

।।জয় মা আৰু প্ৰকৃতি ।।

মৃত্যু হৈছে এটা চিৰ সত্য কথা। এই পৃথিৱীত জীৱ ৰূপে জন্ম ললে, এদিন মৃত্যু বৰণ কৰিব লাগিব। কিন্তু আমি মানৱ জাতি সত্য কথা মানি লবলৈ আমাৰ কষ্ট হয়। এদিন আমাৰ সকলোৰে এদিন আগতে হওঁক বা এদিন পিছত মৃত্যু অনিবাৰ্য্য। 

তাৰে আজি এই বিশেষ দিনত আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ এই পৃথিৱীৰ বুকুৰ পৰা বিদায় মাগিলে।

তথাপিও তেওঁ মৃত্যুবৰণ কৰিও এই পৃথিৱীত তেওঁৰ সুন্দৰ কৰ্ম ৰাজিৰ জৰিয়তে জীয়াই থাকিব।। তেওঁ অমৰত্ব লাভ কৰিলে।

সেই কাৰণে সকলো মানৱ জাতিয়ে এই পৃথিৱীত জীৱন্ত কালত সুন্দৰ কৰ্ম কৰিবলৈ চেষ্টা কৰিব লাগে। ভাল কৰ্মৰ জড়িয়তে মানৱ জাতিয়ে এই পৃথিৱীত জীয়াই থাকিব পাৰিব।।

সেৱাৰে
মাধৱ গগৈ
অসম।।

মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন।

মাঘ বিহুৰ পবিত্ৰ উপলক্ষে বিশ্বৰ সকলো মানৱ জাতিলৈ মা আৰু প্ৰকৃতি পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। মাঘ বিহু কেৱল...