২২ অক্টোবৰ, ২০২৩
শাৰদীয় দূৰ্গাপূজাৰ উছাহৰ মাজতে আজি মহাঅষ্টমীৰ দিনা গোলাঘাটৰ জিলা আয়ুক্ত ডা° পি উদয় প্ৰৱীনে সৰুপথাৰ আৰু বৰপথাৰ অঞ্চলৰ কেইবাখনো দূৰ্গা পূজা মণ্ডপ দৰ্শন কৰি পূজা অৰ্চনা কৰে৷ জিলা আয়ুক্ত গৰাকীয়ে পূজা সমিতিৰ বিষয়ববীয়া সকলৰ সৈতে পূজা সমিতি সমূহক গোলাঘাট জিলা প্ৰশাসনৰ ফালৰ পৰা দিয়া নিৰ্দেশাৱলী সমূহ যাতে ভালদৰে পালন কৰা হয় তাৰ বিষয়ে চকু দিবলৈ অনুৰোধ কৰে৷ পূজা মণ্ডপ সমূহৰ আশপাশ যাতে পৰিষ্কাৰ হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈও জিলা আয়ুক্ত গৰাকীয়ে কয়৷
ইয়াৰ পিছতে জিলা আয়ুক্ত গৰাকীয়ে সৰুপথাৰ আৰু বৰপথাৰৰ প্ৰতিমা বিসৰ্জনস্থলী সমূহ পৰিদৰ্শন কৰে৷ বিজয়া দশমীৰ দিনা প্ৰতিমা বিসৰ্জনৰ ক্ষেত্ৰত লবলগীয়া সাৱধানতা সমূহৰ বিষয়ে জিলা আয়ুক্ত গৰাকীয়ে বিতংভাৱে প্ৰশাসনৰ বিষয়া সকলৰ সৈতে পৰ্য্যালোচনা কৰে । দৰ্শনাৰ্থীৰ সুবিধাৰ্থে সকলো সাৱধানতা যাতে প্ৰশাসন আৰু পূজা সমিতি সমূহে লয় তাৰ প্ৰতি জিলা আয়ুক্ত গৰাকীয়ে সকলোকে আহ্বান জনায় । আজিৰ পৰিদৰ্শন স্থলী সমূহত জিলা আয়ুক্ত গৰাকীৰ সৈতে ধনশিৰি মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জাংমিৰ ৰংফাৰপি, সৰুপথাৰ পৌৰসভাৰ সভানেত্ৰী ঊষা ভিৰুৱাৰিয়া, বৰপথাৰ পৌৰসভাৰ পৌৰপতি সঞ্জীৱ বৰুৱা, সৰুপথাৰৰ চক্ৰ বিষয়া মনোজ দলেৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ বিষয়ববীয়া সকল উপস্থিত আছিল৷
ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA