*শিক্ষা আৰু বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনসমূহ পূৰণ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অধীনৰ মিছন বাৎসল্যৰ অন্তৰ্গত এটা উল্লেখনীয় কাৰ্য্যসূচী হৈছে 'অনুপালন' (Sponsorship)*
গোলাঘাট, ১৭ আগষ্ট, ২০২৩ঃ সমাজৰ দুৰ্বল তথা স্পৰ্শকাতৰ শিশুসকলৰ বাবে তেওঁলোকৰ চিকিৎসা, শিক্ষা আৰু বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনসমূহ পূৰণ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অধীনৰ মিছন বাৎসল্যৰ অন্তৰ্গত এটা উল্লেখনীয় কাৰ্য্যসূচী হৈছে 'অনুপালন' (Sponsorship)। গোলাঘাট জিলাত এনে শিশু থাকিলে জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়, গোলাঘাটৰ সৈতে যোগাযোগ কৰক। উপযুক্ত প্ৰক্ৰিয়াৰ মাজেৰে ১৮ বছৰ বয়সৰ তলৰ এনে শিশুক প্ৰতি মাহে ৪,০০০ টকাকৈ আগবঢ়োৱা হ'ব।
প্ৰয়োজনীয় চৰ্তসমূহ 👇👇
✔️ পৰিয়ালৰ উপাৰ্জন বছৰি গ্ৰামাঞ্চলত ৭২,০০০ আৰু অন্য অঞ্চলত ৯৬,০০০ তকৈ অধিক হ'ব নোৱাৰিব।
আবেদনকাৰীৰ বাবে চৰ্ত 👇👇
👉 যদি শিশুটিৰ মাতৃ বিধৱা, বিবাহ বিচ্ছেদ হোৱা অথবা পৰিয়ালে এৰি দিয়া হয়।
👉 যদি শিশুটি পিতৃ-মাতৃহীন হয় আৰু যৌথ পৰিয়াল বা আত্মীয়ৰ সৈতে বাস কৰে।
👉 যদি শিশুটিৰ পিতৃ-মাতৃ জটিল ৰোগত আক্ৰান্ত হয়।
👉 যদি আৰ্থিক আৰু শাৰীৰিক উভয় ক্ষেত্ৰত শিশুটিৰ পিতৃ-মাতৃয়ে শিশুটিৰ যতন লোৱাত অসমৰ্থ হয়।
👉 সহায় আৰু পুনৰসংস্থাপনৰ প্ৰয়োজন হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ভুক্তভোগী, শিশু শ্ৰমিক, বাল্য বিবাহ, সৰবৰাহ, এইচ আই ভি/ এইডছত আক্ৰান্ত শাৰীৰিকভাৱে অক্ষম, নিৰুদ্দিষ্ট বা পলাতক শিশু, ভিক্ষাবৃত্তিত জড়িত, পদপথত বাস কৰা শিশু, হাৰাশাস্তিৰ সন্মুখীন হোৱা, নিৰ্যাতিত আৰু শোষণৰ বলি হোৱা শিশু আদিয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰে।
👉 PM CARES আঁচনিৰ অন্তৰ্ভুক্ত শিশু।
বৰ্তমান এই কাৰ্যসূচীৰ বাবে গোলাঘাট জিলাত ৪২ টি শিশু বাচনি কৰা হৈছে।
আগ্ৰহী ব্যক্তি/ অনুষ্ঠান/ প্ৰতিষ্ঠান/ কোম্পানী/ বেংক/ ঔদ্যোগিক গোট/ ন্যাস আদিয়ে যদি এনে শিশুৰ বাবে সহায়ৰ হাত আগবঢ়াব খোজে তেনেহ'লে যোগাযোগ কৰিব পাৰে।
বিতং তথ্যৰ বাবে যোগাযোগৰ ঠিকনা
👇👇
জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্য্যালয়,
কৰ্ট ৰোড (ছানু খেৰিয়া ক্লিনিকৰ সমীপত)
গোলাঘাট - ৭৮৫৬২১ (অসম)
ফোন : 8486885709/ 9365291226/ 8638411712
NORTHEAST NEWS INDIA