Tuesday, 21 February 2023

*গোলাঘাটত সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰস্তুতি সন্দৰ্ভত আলোচনা**বান ক্ষতিগ্ৰস্তই ছঘণ্টাৰ ভিতৰতে লাভ কৰিব সাহায্য সামগ্ৰী, ১০ মাৰ্চৰ ভিতৰত পৰিকল্পনা যুগুত কৰিবলৈ বিভাগসমূহক নিৰ্দেশ উপায়ুক্তৰ*

জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৯/২০২৩

*গোলাঘাটত সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰস্তুতি সন্দৰ্ভত আলোচনা*

*বান ক্ষতিগ্ৰস্তই ছঘণ্টাৰ ভিতৰতে লাভ কৰিব সাহায্য সামগ্ৰী, ১০ মাৰ্চৰ ভিতৰত পৰিকল্পনা যুগুত কৰিবলৈ বিভাগসমূহক নিৰ্দেশ উপায়ুক্তৰ*

গোলাঘাট, ২১ ফেব্ৰুৱাৰী : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি বাৰিষাৰ বতৰত সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি সন্দৰ্ভত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন বৈঠক অনুষ্ঠিত হয় । জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰস্তুতি তথা বিভিন্ন বিভাগৰ দায়িত্ব আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন দিশ আলোচনা কৰা হয় । উপায়ুক্তগৰাকীয়ে বানপানী আৰু যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত হোৱা ক্ষয়-ক্ষতি সম্পৰ্কে ততালিকে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক অৱগত কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে । তেওঁ বিশেষকৈ বানৰ ক্ষয়-ক্ষতি নিয়ন্ত্ৰণ ব্যৱস্থাটো সফল আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ ওপৰতে সকলো নিয়ন্ত্ৰণ নাৰাখি বিকেন্দ্ৰীকৰণ ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাতে চক্ৰ বিষয়া পৰ্যায়তে বিষয়সমূহৰ জোৰা মাৰিব পৰা যায় । উপায়ুক্তগৰাকীয়ে বানৰ কবলত পৰা লোকক এই বিষয়ে অৱগত হোৱাৰ ছঘণ্টাৰ ভিতৰতে যাতে প্ৰয়োজনীয় সাহায্য সামগ্ৰী যোগান ধৰিব পৰা যায়, সেয়া সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে । উপায়ুক্তগৰাকীয়ে স্বাস্থ্য বিভাগক প্ৰয়োজনীয় ঔষধ-পাতি মজুত ৰাখিবলৈ আৰু পশুপালন আৰু পশুচিকিৎসা বিভাগক বানপানীৰ সময়ত যাতে পোহনীয়া জীৱ-জন্তুৱে খাদ্যৰ অভাৱত ভুগিবলগীয়া নহয় তাৰ বাবে পৰ্যাপ্ত পশুখাদ্য মজুত ৰাখিবলৈ নিৰ্দেশ দিয়ে । তেওঁ জলসম্পদ বিভাগ আৰু লোকনিৰ্মাণ (পথ) বিভাগক বানপানীৰ পূৰ্বে চিগা মথাউৰি, পথ আদি চিনাক্ত কৰি মেৰামতিৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে । লগতে সমাজ কল্যাণ বিভাগক প্ৰয়োজনীয় শিশু খাদ্য মজুত ৰখাৰ ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশ দিয়ে । তেওঁ শিক্ষা বিভাগক আশ্ৰয় শিবিৰ স্থাপন কৰিবলগীয়া বিদ্যালয় গৃহসমূহৰ আন্তঃগাঁথনিৰ ওপৰত বিশেষভাৱে চকু দিবলৈ নিৰ্দেশ দিয়ে । লগতে উদ্ধাৰ অভিযানৰ বাবে প্ৰয়োজনীয় নাৱৰ ব্যৱস্থা, এছ ডি আৰ এফৰ দল আৰু বিভিন্ন বিভাগৰ কৰণীয় সন্দৰ্ভত সভাত আলোচনা কৰা হয় । উপায়ুক্তগৰাকীয়ে আশ্ৰয় শিবিৰসমূহত বিশুদ্ধ খোৱাপানী, খাদ্য সামগ্ৰীৰ পৰ্যাপ্ত যোগান, বিজ্ঞানসন্মত অনাময় ব্যৱস্থা আৰু শিশুৰ বাবে অনুকূল স্থানৰ ব্যৱস্থা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ অহা ১০ মাৰ্চৰ ভিতৰত সংশ্লিষ্ট বিভাগসমূহক বানৰ প্ৰস্তুতি সন্দৰ্ভত পৰিকল্পনা যুগুত কৰিবলৈ নিৰ্দেশ দিয়ে । জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰণি ৰাজকুমাৰে সভাত জিলাখনত বিগত বৰ্ষৰ বানত হোৱা ক্ষয়-ক্ষতি আৰু সম্ভাব্য বানৰ জোৰা মৰাৰ বাবে প্ৰস্তুতি সন্দৰ্ভত পাৱাৰপইণ্ট প্ৰেজেণ্টেচনৰ সহায়ত বিতংভাৱে বৰ্ণনা কৰে । তেওঁ মাৰ্চ মাহৰ ভিতৰতে আশ্ৰয় শিবিৰৰ দায়িত্বত থকাসকলৰ বাবে প্ৰশিক্ষণ অনুষ্ঠিত কৰা হ'ব বুলি উল্লেখ কৰে । সভাত অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিঞ্চেংফা বৰুৱা, চক্ৰ বিষয়াসকল, বিভিন্ন বিভাগৰ মুৰব্বী আৰু প্ৰতিনিধিসকল উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

আঠখেলীয়া সৰু কছাৰী গাওঁত কৃষি বিভাগৰ কৰ্মশালা সম্পন্ন

আঠখেলীয়া সৰু কছাৰী গাওঁত কৃষি বিভাগৰ কৰ্মশালা সম্পন্ন
গোলাঘাট, ২১ ফেব্ৰুৱাৰী:

গোলাঘাট জিলাৰ পদুমনী উন্নয়ন খণ্ডৰ অন্তৰ্গত সৰু কছাৰী গাওঁত আজি  'চাউলৰ গুণগত মানদণ্ড' সন্দৰ্ভত এখন কৰ্মশালা অনুষ্ঠিত  হয়। এপাৰ্ত ৰ উদ্যোগত জিলা কৃষি বিভাগে আয়োজন কৰা কৰ্মশালা খনত সমল ব্যক্তি হিচাপে অংশগ্ৰহন কৰে মহকুমা কৃষি বিষয়া ৰঞ্জন বৰুৱাই । তেওঁ সৰু কছাৰী গাঁওৰ কৃষক সকলক চাউলৰ ব্ৰেণ্ডিং, মানদণ্ড নিয়ন্ত্ৰণ, চাউলৰ বজাৰ সংযোগৰ বেৱস্থাপনা আদি বিষয়ত বিশদভাৱে আলোচনা কৰে। আঠখেলীয়া এগ্র ফাৰ্মাৰ প্রদুচৰ কোম্পানীৰ সহযোগত অনুষ্ঠিত কৰা কৰ্মশালা খনত আন্তৰাষ্ট্ৰীয় ধান গৱেষনা প্ৰতিষ্ঠানৰ ধান বিশেষজ্ঞ সৌৰজ্যোতি বৈশ্য উপস্থিত থাকি ধানৰ আদ্ৰতা, ধান খেতিৰ উৎপাদন বৃদ্ধি, কৃষি যান্ত্ৰীকৰণ, ধানৰ গুণগত মান, ধানৰ মূল্য সংযোজক আদি বিষয়ত বক্তব্য প্ৰদান কৰে। আজিৰ এই কৰ্মশালা খনত ধান খেতিৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত কৰ্মসূচী বিষয়া ড: অমৰজিত শইকীয়াই কৃষক সকলৰ সৈতে মত বিনিম়য় কৰে।আজিৰ কৰ্মশালা খনৰ অন্তত ভাম্যমান ধান বনা কলত কি দৰে ধান বনোৱা হয় এই সন্দৰ্ভত খেতিয়ক সকলক  কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰে। উল্লেখযোগ্য যে আজিৰ এই সভাত জিলা কৃষি বিভাগৰ হৈ সংবাদ বিশেষজ্ঞ ভাৰ্গব শইকীয়া, সামাজিক ক্ষেত্ৰ ততাধায়ক ময়ুৰি বৰা, ব্লক টেকনলজি মেনেজাৰ আব্দুছ ছালাম আৰু মৌচমজ্যোতি দত্ত উপস্থিত থাকে। আজিৰ কৰ্মশালা খনত প্ৰায় অৰ্ধ শতাধিক কৃষকে অংশগ্ৰহন কৰে।

NORTHEAST NEWS INDIA

Saturday, 18 February 2023

*২০ আৰু ২১ ফেব্ৰুৱাৰীত বোকাখাতৰ বিভিন্ন ঠাইত বিদ্যুৎ কৰ্তন*

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৮/২০২৩

*২০ আৰু ২১ ফেব্ৰুৱাৰীত বোকাখাতৰ বিভিন্ন ঠাইত বিদ্যুৎ কৰ্তন*

গোলাঘাট, ১৮ ফেব্ৰুৱাৰী : এ পি ডি চি এলৰ বোকাখাত বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনৰ ৩৩ কে ভি লখৌজান-বোকাখাত আৰু বোকাখাত-কহঁৰা ফিদাৰৰ মেৰামতিৰ বাবে অহা ২০ আৰু ২১ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাৰ পৰা ১০ বজালৈ দুয়োটা ফিদাৰৰ বিদ্যুৎ কৰ্তন কৰা হ'ব । তাৰোপৰি লখৌজানত থকা ১৩২ কে ভি গ্ৰীড উপ কেন্দ্ৰৰ লাইনৰ মেৰামতিৰ বাবে ২০ ফেব্ৰুৱাৰীত উক্ত সময়চোৱাত বিদ্যুৎ কৰ্তন কৰা হ'ব । এপিডিচিএলৰ বোকাখাত বিদ্যুৎ উপ -সংমণ্ডলৰ উপ -সংমণ্ডল অভিযন্তাই জাৰি কৰা এখন জাননীত এই বিষয়ে কোৱা হৈছে । বিদ্যুৎ কৰ্তনৰ ফলত উল্লিখিত সময়চোৱাত বোকাখাত নগৰ, কঁহৰা, ৰজাবাৰী, বিহৰা, কুৰুৱাবাহী, গেলেকী, কাজিৰঙা, বাগৰি, দলমৰা আদি অঞ্চল প্ৰভাৱিত হ'ব । এই সময়চোৱাত বিভাগক সহযোগ কৰিবলৈ জাননীখনত ৰাইজৰ প্ৰতি আহ্বান জনোৱা হৈছে ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Friday, 17 February 2023

*সৰুপথাৰত কৃষি বিভাগৰ সজাগতা সভা আৰু পথাৰ দিৱস সম্পন্ন*

*সৰুপথাৰত কৃষি বিভাগৰ সজাগতা সভা আৰু পথাৰ দিৱস সম্পন্ন*
গোলাঘাট,১৭ ফেব্ৰুৱাৰী:২০২৩


গোলাঘাট জিলাৰ  সৰুপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১নং পদুমনি গাওঁত আজি  'প্ৰাকৃতিক কৃষি' সন্দৰ্ভত এখন সজাগতা সভা আৰু সৰিয়হৰ পথাৰ দিৱস উদযাপন কৰা হয়। কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (আত্মা) ৰ উদ্যোগত জিলা কৃষি বিভাগে আয়োজন কৰা এই সজাগতা সভাত মাটিৰ উৰ্বৰতা শক্তি ব্যাহত নোহোৱাকৈ সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে প্ৰস্তুত কৰা সাৰ কৃষি কাৰ্যত ব্যৱহাৰ কৰাৰ সন্দৰ্ভত খেতিয়ক সকলৰ সৈতে বিশদভাৱে অৱগত কৰে কৰ্মসূচী বিষয়া ড: অমৰজিত শইকীয়াই। তদুপৰি আজিৰ এই সভাত  উপস্থিত আছিল  গোলাঘাট জিলাৰ জ্যেষ্ঠ গৱেষণা (আইচিএআৰ-ডিআৰএমআৰ) উদ্দীপনা চান্দ্রিল্য। আজিৰ এই সভাত কৃষক সকলক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ বিভিন্ন আঁচনি সন্দৰ্ভত কৃষি সংবাদ বিশেষজ্ঞ ভাৰ্গব শইকীয়াই কৃষক সকলক এক সজাগতামূলক বক্তব্য প্ৰদান কৰে ।   উল্লেখযোগ্য যে সভা খনত জিলা সামাজিক ক্ষেত্ৰ ততাধায়ক ময়ুৰী বৰা উপস্থিত আছিল। আজিৰ অনুষ্ঠানটোৰ আঁত ধৰে  গোলাঘাট জিলাৰ আত্মাৰ ব্লক টেকনলজি মেনেজাৰ অংকুৰ জ্যোতি শৰ্মাই। উল্লেখযোগ্য যে আজিৰ সভাত প্ৰায় অৰ্ধ শতাধিক কৃষক ৰাইজ উপস্থিত থাকে।

NORTHEAST NEWS INDIA

*চাৰিচকীয়া বাহনৰ গৰাকীসকলক অহা ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত ২০২৩-২৪ বৰ্ষৰ যানবাহন কৰ আৰু বকেয়া কৰসমূহ আদায় দিবলৈ আহ্বান*

*চাৰিচকীয়া বাহনৰ গৰাকীসকলক অহা ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত ২০২৩-২৪ বৰ্ষৰ যানবাহন কৰ আৰু বকেয়া কৰসমূহ আদায় দিবলৈ আহ্বান*
গোলাঘাট ১৭ ফেব্ৰুৱাৰী ২০২৩ঃ 

গোলাঘাট জিলাবাসী চাৰিচকীয়া বাহনৰ গৰাকীসকলক অহা ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত ২০২৩-২৪ বৰ্ষৰ যানবাহন কৰ আৰু বকেয়া কৰসমূহ আদায় দিবলৈ আহ্বান জনোৱা হৈছে । লগতে ফিটনেছ চাৰ্টিফিকেট আৰু পাৰ্মিট অৰ্থাৎ অনুমতি পত্ৰসমূহ ২৮ ফেব্ৰুৱাৰীৰ পূৰ্বে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত গৈ প্ৰস্তুত কৰিবলৈ কাৰ্যালয়ৰ তৰফৰ পৰা আহ্বান জনাইছে । জিলা পৰিবহণ বিষয়াই যানবাহন কৰ আৰু বকেয়া কৰ আদায় দিবলৈ থকা আৰু ফিটনেছ চাৰ্টিফিকেট আৰু পাৰ্মিট অৰ্থাৎ অনুমতি পত্ৰ নথকা তথা ম্যাদ উকলি যোৱা যানবাহনৰ গৰাকীয়ে নিৰ্ধাৰিত সময় অতিক্ৰম কৰিলে জৰিমনা ভৰিব লগা হ'ব পাৰে বুলি স্পষ্ট কৰি দিছে । সেয়ে যানবাহন কৰ আৰু বকেয়া কৰ আদায় দি পৰিবহণ বিভাগক সহযোগ কৰক ।

NORTHEAST NEWS INDIA

Thursday, 16 February 2023

*গোলাঘাটতো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত প্ৰথম কিস্তিৰ পুঁজি মুকলি-গোলাঘাটত ১২,৪০০ টা গৃহ আৱণ্টন* *গৃহ নিৰ্মাণৰ বাবে দিয়া পুঁজিৰ সদব্যৱহাৰ কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ আহ্বান সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ*

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৭/২০২৩

*গোলাঘাটতো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত প্ৰথম কিস্তিৰ পুঁজি মুকলি-গোলাঘাটত ১২,৪০০ টা গৃহ আৱণ্টন* 

*গৃহ নিৰ্মাণৰ বাবে দিয়া পুঁজিৰ সদব্যৱহাৰ কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ আহ্বান সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ*
গোলাঘাট, ১৬ ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত আজি গুৱাহাটীত কেন্দ্ৰীয়ভাৱে ৰাজ্যখনৰ ৩.৮ লাখ হিতাধিকাৰীলৈ প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিয়াৰ সমান্তৰালভাৱে গোলাঘাটতো ইয়াৰ অধীনত হিতাধিকাৰীসকলৰ বাবে আনুষ্ঠানিকভাৱে প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিয়া হয় । এই উপলক্ষে গোলাঘাটৰ বিৰাংগনা সাধনী কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে অংশগ্ৰহণ কৰে । জিলাখনৰ মুঠ ১২,৪০০ গৰাকী হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত গৃহ নিৰ্মাণৰ বাবে অনুমোদন লাভ কৰিছে । ইয়াৰে ২০৮ গৰাকী হিতাধিকাৰীৰ বাবে আজিৰ অনুষ্ঠানত আৰু পঞ্চায়তসমূহত একে সময়তে আয়োজন কৰা অনুষ্ঠানত ভালেসংখ্যক হিতাধিকাৰীৰ বাবে প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিয়া হয় । অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই হিতাধিকাৰীসকলক চৰকাৰে গৃহ নিৰ্মাণৰ বাবে দিয়া পুঁজিৰ সদব্যৱহাৰ কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত নিজৰ সপোনৰ ঘৰটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায় । এই পুঁজি কোনো কাৰণতে অন্য কামত খৰচ নকৰিবলৈ তেওঁ আহ্বান জনায় । তেওঁ কয় যে ৰাজ্যখনৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰিব পাৰিলেহে সৰ্বাংগীন উন্নয়ন সম্ভৱ । এই কথাক হৃদয়ংগম কৰি কাম কৰিবলৈ তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায় । এইক্ষেত্ৰত উন্নয়ন খণ্ড বিষয়াসকলে চোকা দৃষ্টি ৰাখিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে আৰক্ষীৰ ওচৰতো হিতাধিকাৰীৰ এখন তালিকা থাকিব । কোনো হিতাধিকাৰীয়ে এই ধনৰ দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে । অনুষ্ঠানত ভাষণ দি বিধায়ক বিশ্বজিৎ ফুকনেও কোনো কাৰণতে গৃহ নিৰ্মাণৰ ধনৰ অপব্যৱহাৰ নকৰিবলৈ হিতাধিকাৰীসকলৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে যিসকল লোকৰ নামত গৃহ আৱন্টন হৈছে অথচ মাটি নাই, তেওঁলোকৰ বাবে সৰুপথাৰত ক্লাষ্টাৰ গঠন কৰি একেটা ঠাইতে গৃহ নিৰ্মাণৰ বাবেও চিন্তা চৰ্চা কৰা হৈছে । প্ৰথম পৰ্যায়ত ১০ টা পৰিয়ালৰ বাবে চৰকাৰী মাটিত এনে ক্লাষ্টাৰৰ ব্যৱস্থা কৰাৰ বাবে চিন্তা কৰা হৈছে বুলি তেওঁ কয় । তেওঁ লগতে ৰেচন কাৰ্ড থকা লোকসকলক আয়ুস্মান ভাৰত কাৰ্ডৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানৰ আদৰণি ভাষণ তথা উদ্দেশ্য ব্যাখ্যা কৰি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাসে গৃহ নিৰ্মাণৰ বাবে অনুমোদন লাভ কৰা পৰিয়ালসমূহক অভিনন্দন জ্ঞাপন কৰি চৰকাৰে আগবঢ়োৱা এই ধনৰাশিৰ উচিত ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানত জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়াই কয় যে অতি সুখৰ কথা যে ২০১৬-১৭ বৰ্ষৰ পৰা এতিয়ালৈকে জিলাখনত ৫২,০০০ ৰো অধিক গৃহ নিৰ্মাণৰ বাবে অনুমোদন লাভ কৰা হৈছে । অনুমোদিত প্ৰতিটো গৃহৰ নিৰ্মাণ সম্পূৰ্ণ কৰাটো বিভাগৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান বুলি তেওঁ কয় । আজিৰ অনুষ্ঠানত জিলা পৰিষদৰ সভানেত্ৰী হেলিনা পেগু দলে, অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা, সমাজ সেৱক নৃপেন বৰুৱা, উন্নয়ন খণ্ড বিষয়াসকল আৰু ভালেসংখ্যক হিতাধিকাৰী উপস্থিত আছিল ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Wednesday, 15 February 2023

*বিশেষ টীকাকৰণ অভিযানঃ গোলাঘাটত শূন্যৰ পৰা ৫ বছৰলৈ ৩৭৮ টা শিশু আৰু ১০৪ গৰাকী গৰ্ভৱতী মহিলাৰ টীকাকৰণৰ লক্ষ্য**ৰেচন কাৰ্ড থকা ৫ লাখৰো অধিক লোকক আয়ুষ্মান ভাৰত কাৰ্ড প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ*

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৬/২০২৩

*বিশেষ টীকাকৰণ অভিযানঃ গোলাঘাটত শূন্যৰ পৰা ৫ বছৰলৈ ৩৭৮ টা শিশু আৰু ১০৪ গৰাকী গৰ্ভৱতী মহিলাৰ টীকাকৰণৰ লক্ষ্য*

*ৰেচন কাৰ্ড থকা ৫ লাখৰো অধিক লোকক আয়ুষ্মান ভাৰত কাৰ্ড প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ*
গোলাঘাট, ১৫ ফেব্ৰুৱাৰী : কাইলৈৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ'বলগীয়া বিশেষ টীকাকৰণ অভিযান ২.০ ৰ তৃতীয় পৰ্যায়ৰ কাৰ্যসূচী সন্দৰ্ভত আজি গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত এখনি পৰ্যালোচনা আৰু প্ৰস্তুতি সভা অনুষ্ঠিত হয় । এই বিশেষ টীকাকৰণ অভিযানত ইতিমধ্যে বাদ পৰি যোৱা, জন্মৰ পৰা ৫ বছৰ বয়সৰ শিশু আৰু গৰ্ভৱতী মাতৃসকলক টীকাকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । সভাত অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) কুলদীপ হাজৰিকাই এই অভিযান সফল কৰি তুলিবৰ বাবে উপস্থিত বিষয়াসকলৰ লগতে চিকিৎসক স্বাস্থ্যকৰ্মীসকলক অধিক তৎপৰতা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । তেওঁ এটিও শিশু আৰু এগৰাকীও গৰ্ভৱতী মহিলা যাতে বাদ নপৰে তাৰ বাবে নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাকৈ কাম কৰিবলৈ তেওঁ স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে । বৈঠকত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই জিলাখনত ১০০ শতাংশ টীকাকৰণ যাতে সম্পূৰ্ণ হয় সেই লক্ষ্যৰে কাম কৰিবলৈ সকলোকে আহ্বান জনায় । উল্লেখযোগ্য যে গোলাঘাট জিলাত বিশেষ টিকাকৰণ অভিযান ২.০ ৰ প্ৰথম পৰ্যায়ত ৫২৯ আৰু দ্বিতীয় পৰ্যায়ত ৩৯৫ টা টীকাকৰণ কৰোৱা হৈছিল । এই পৰ্যায়ত শূন্যৰ পৰা ৫ বছৰলৈ ৩৭৮ টা শিশু আৰু ১০৪ গৰাকী গৰ্ভৱতী মহিলাৰ টীকাকৰণৰ লক্ষ্য লোৱা হৈছে । বোকাখাত, সৰুপথাৰ, চাৰিঙীয়া আৰু গোলাঘাট (নগৰ) খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত এইসমূহ টীকাকৰণ কৰোৱা হ'ব । 

ইফালে আজিৰ বৈঠকত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে যোগ্য হিতাধিকাৰীসকলৰ বাবে আয়ুষ্মান ভাৰত কাৰ্ড প্ৰস্তুতকৰণৰ কাম ক্ষিপ্ৰতৰ কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ কয় যে জিলাখনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত মুঠ ৬,৪৬,৩৫৬ গৰাকী হিতাধিকাৰী আছে । এতিয়ালৈকে ইয়াৰে প্ৰায় ১ লাখ ৩০ হাজাৰ হিতাধিকাৰীয়েহে আয়ুষ্মান ভাৰত কাৰ্ড লাভ কৰিছে । বাকী থকা ৫ লাখৰো অধিক লোকে যাতে অহা ২৫ মাৰ্চৰ ভিতৰত এই কাৰ্ড লাভ কৰে তাৰ বাবে তেওঁ স্বাস্থ্য বিভাগক তৎপৰতাৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে । উল্লেখযোগ্য যে গোলাঘাট জিলাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহত এই কাৰ্ড প্ৰস্তুতকৰণৰ কাম অব্যাহত আছে । তেওঁ ৰেচন কাৰ্ড থকা লোকসকলক ওচৰৰ স্বাস্থ্য কেন্দ্ৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় । লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত বেংক সখী, বীমা সখী আদিয়ে ঘৰে ঘৰে গৈ এই কাৰ্ড প্ৰস্তুতকৰণৰ কাম কৰি আছে । উল্লেখযোগ্য যে এই স্বাস্থ্য বীমাৰ অধীনত এগৰাকী হিতাধিকাৰীৰ বাবদ চৰকাৰে বছৰি ৫ লাখ টকা পৰ্যন্ত চিকিৎসা ব্যয় বহন কৰিব । 

আজিৰ বৈঠকত জিলা টীকাকৰণ বিষয়া ডাঃ বিপুল কুমাৰ দাসে পাৱাৰপইন্ট প্ৰেজেণ্টেছনৰ সহায়ত এই অভিযানৰ অধীনত জিলাখনত টীকাকৰণৰ সবিশেষ তথ্য দাঙি ধৰে । সভাত সহকাৰী আয়ুক্ত অন্বেষা ঠাকুৰ, মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ জেচমিন বেগম, স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল আৰু মহকুমা স্বাস্থ্য বিষয়াসকল উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...