গোলাঘাট জিলাৰ কৃষিভূমি পৰিদৰ্শন অসম কৃষি আয়োগৰ
গোলাঘাট,১৫ ফেব্ৰুৱাৰী ২০২৩ :
ৰাজ্য চৰকাৰে বাণিজ্যিক কৃষি উৎপাদনৰ বিকল্প অন্বেষণ কৰিবলৈ গঠন কৰা অসম কৃষি আয়োগে আজি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলৰ কৃষি ভূমি পৰিভ্ৰমন কৰে। দলটোৱে প্ৰথমে জিলা খনৰ ফৰকাটিং কৃষি চক্ৰৰ অন্তৰ্গত দ চমুৱা গাঁওৰ বহু কেইজন খেতিয়কৰ সৰিয়হ,কবি,বিলাহী, আলু আদিৰ বহু কেইখন কৃষিভূমি পৰিদৰ্শন কৰি খেতিয়কৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পাছত দলটোৱে ফৰকাটিং কৃষি চক্ৰৰ অন্তৰ্গত গোলাঘাট বিলাহী খেতিয়ক উৎপাদন কোম্পানীয়ে কৰা বিভিন্ন খেতি পথাৰ পৰিদৰ্শন কৰে লগতে খেতিয়ক সকলৰ সৈতে এখন সভাত অংশগ্ৰহন কৰে।উক্ত সভাত খেতিয়কৰ ফচল আৰু বজাৰ সন্দৰ্ভত খেতিয়ক সকলৰ সৈতে আলোচনা কৰে। অসম চৰকাৰৰ এই উচ্চস্তৰীয় আয়োগৰ সদস্য সকলে ইয়াৰ পাছত মৰঙি মৌজাৰ জাঠি পতিয়া গাঁওৰ কৃষি সজুলি ভাৰা দিয়া কেন্দ্ৰত(CHC) খেতিয়ক সকলৰ সৈতে এখন সভাত অংশগ্ৰহন কৰে লগতে খেতিয়ক সকলৰ বিভিন্ন সমস্যাৰ ওপৰতো বিষদ বাবে আলোচনা কৰে। উক্ত সভাত জিলাখনৰ কৃষি ভূমিত চৰকাৰী সুবিধাৰ জৰিয়তে দ্বৈত খেতি, কৃষি যান্ত্ৰীকৰণ, খেতিয়কৰ উৎপাদন বৃদ্ধি,কৃষকৰ আয় বৃদ্ধি আদি বিষয়ত মত বিনিময় কৰে।তদুপৰি আজিৰ দিনটোত নুমলীগড় তেল শোধনাগাৰৰ সামাজিক দায়বদ্ধতা শিতানৰ অধীনত মিথামচাপৰি জাথিপটিয়া ওখ মাটি উন্নয়ন প্ৰকল্পৰ আনুষ্ঠানিক ভাৱে ফিটা কাটি শুভাৰম্ভ কৰে।উক্ত সভাখনত নুমলীগড় তেল শোধনাগাৰৰ সামাজিক দায়বদ্ধ শিতানৰ মহাপ্ৰবন্ধক মিণ্টো সন্দিকৈ, কৃষি বিজ্ঞান কেন্দ্ৰৰ জেষ্ঠ বিজ্ঞানী ড:ভৱেশ চন্দ্ৰ ডেকা, ড: ভৈৰৱ গগৈ আৰু প্ৰায় দুই শতাধিক কৃষক ৰাইজ উপস্থিত থাকে। আজি গোলাঘাট জিলা পৰিদৰ্শন কৰা অসম কৃষি আয়োগৰ সদস্য সকল হল ক্ৰমে ড: নলিন মহন, ড: ভূৱন চন্দ্ৰ বৰা ,ড: অতুল চন্দ্ৰ শৰ্মা আৰু সংবাদ বিশেষজ্ঞ মৃদুস্মিতা চৌধুৰী। উল্লেখযোগ্য যে , অসম কৃষি আয়োগৰ এই উচ্চস্তৰীয় দলটোক সংগ দিয়ে গোলাঘাট জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মাৰ লগতে বহুকেইজন কৃষি বিভাগৰ বিষয়াই।
NORTHEAST NEWS INDIA