জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৬৮/২০২২
*গোলাঘাটত পথ নিৰাপত্তা সপ্তাহৰ শুভাৰম্ভ*
গোলাঘাট, ১১ জানুৱাৰী : জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আজি গোলাঘাটৰ এমেচাৰ থিয়েটাৰ ছচাইটিৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় পথ নিৰাপত্তা সপ্তাহৰ শুভাৰম্ভ কৰা হয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ তথা সভাত সভাপতিত্ব কৰি বিশিষ্ট নিবন্ধকাৰ তথা চলচ্চিত্ৰ পৰিচালক দীনেশ গগৈয়ে পথ নিৰাপত্তা সন্দৰ্ভত কয় যে কেৱল আইনৰ ভয়ত নহয়, নিজৰ জীৱনৰ বাবে পথ সুৰক্ষাৰ নীতি-নিৰ্দেশনাসমূহ মানি চলা দৰকাৰ । পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পোৱা বিষয়টোক লৈ সন্তুষ্টি প্ৰকাশ কৰি তেওঁ ইয়াক নিজৰ দায়িত্ব হিচাপে পালন কৰিবলৈ আহ্বান জনায় । প্ৰতিজন নাগৰিকে পথত পালন কৰিবলগীয়া নিৰ্দেশনাসমূহক নিজৰ দায়বদ্ধতা হিচাপে গ্ৰহণ কৰিলে নিশ্চয় পথ দুৰ্ঘটনা বহু পৰিমাণে ৰোধ কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জীয়ে কয় যে পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ১১ৰ পৰা ১৭জানুৱাৰীলৈ ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ পালন কৰিবলৈ লোৱা হৈছে । পথ দুৰ্ঘটনাক এটা সামাজিক ব্যাধি বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতবৰ্ষত পথ দুৰ্ঘটনা এটা অতি গুৰুত্বপূৰ্ণ বিষয় । তেওঁ কয় যে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে মানুহৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস চলাই অহা হৈছে আৰু গোলাঘাট জিলাত বিগত বছৰসমূহৰ তুলনাত ১০ৰ পৰা ১২শতাংশ পথ দুৰ্ঘটনা কমিছে । অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকাই কয় যে পথ সুৰক্ষা মানেই জীৱন সুৰক্ষা । পথ দুৰ্ঘটনাৰ ফলত ভাৰতত লাখ লাখ লোকৰ মৃত্যু হয় । তেওঁ কয় যে গোলাঘাট জিলাত পথ দুৰ্ঘটনাৰ হাৰ হ্ৰাস পাইছে, এইয়া অতি সুখৰ বিষয় । কিন্তু এতিয়াও ব্যাপক সজাগতা সৃষ্টিৰ প্ৰয়োজন আছে বুলি তেওঁ কয় । সভাত অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে প্ৰতিজন ব্যক্তিয়েই যানবাহন আইন আৰু নীতি-নিৰ্দেশনাসমূহৰ বিষয়ে সজাগ হ'ব লাগিব বুলি উল্লেখ কৰে । অনুষ্ঠানত বক্তাসকলে মূলতঃ সজাগতাৰ অভাৱত পথ দুৰ্ঘটনা সংঘটিত হয় বুলি উল্লেখ কৰি এই পথ সুৰক্ষা সপ্তাহৰ অংশৰূপে ব্যাপক সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে । অনুষ্ঠানত মৰঙিৰ উন্নয়ন খণ্ড বিষয়া নিপজ্যোতি পাতিৰি, ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমৰ মহাপ্ৰবন্ধক শ্যামসুন্দৰ চৌধুৰী, নুমলীগড় শোধনাগাৰৰ অগ্নি নিৰ্বাপন সুৰক্ষা শাখাৰ উপ-মহাপ্ৰবন্ধক গণেশ বৰ্মন আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি তথা ছাত্ৰ-ছাত্ৰী, ৰাইজ উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA