Tuesday, 27 December 2022

২৯ ডিচেম্বৰত বোকাখাতৰ বিভিন্ন ঠাইত বিদ্যুৎ কৰ্তন*

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৬৬/২০২২

*২৯ ডিচেম্বৰত বোকাখাতৰ বিভিন্ন ঠাইত বিদ্যুৎ কৰ্তন*

গোলাঘাট, ২৭ ডিচেম্বৰ : অসম শক্তি সংবহন নিগম লিমিটেড ( এ ই জি চি এল), বোকাখাতৰ অধীনৰ ১৩২ কে ভি ক্ষমতাসম্পন্ন  যোৰহাট (পশ্চিম)- বোকাখাত বিদ্যুৎ পৰিবাহী লাইনৰ কৰিডৰ পৰিষ্কাৰকৰণৰ অৰ্থে অহা ২৯ ডিচেম্বৰৰ পুৱা ৬.৩০ বজাৰ পৰা ১০ বজালৈ বিদ্যুৎ কৰ্তন কৰা হ'ব । এপিডিচিএলৰ গোলাঘাট বিদ্যুৎ সংমণ্ডলৰ সহকাৰী মহাপ্ৰবন্ধকে জাৰি কৰা এখন জাননীত এই বিষয়ে কোৱা হৈছে । বিদ্যুৎ কৰ্তনৰ ফলত উল্লিখিত সময়চোৱাত বোকাখাত, কঁহৰা, ৰজাবাৰী, বিহৰা, নুমলীগড়, তেলগৰম, কমাৰগাঁও, বাদুলীপাৰ, খুমটাই তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ প্ৰভাৱিত হ'ব । এই সময়চোৱাত বিভাগক সহযোগ কৰিবলৈ জাননীখনত ৰাইজৰ প্ৰতি আহ্বান জনোৱা হৈছে ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Friday, 23 December 2022

*গোলাঘাটত সু-শাসন দিৱস পালন, কৰ্মশালা আৰু বিশেষ গাঁওসভা সম্পন্ন*

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৬৪/২০২২

*গোলাঘাটত সু-শাসন দিৱস পালন, কৰ্মশালা আৰু বিশেষ গাঁওসভা সম্পন্ন*
গোলাঘাট, ২৩ ডিচেম্বৰ : গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আজি গোলাঘাট আৱৰ্ত ভৱনৰ সভাকক্ষত সু-শাসন সপ্তাহৰ সৈতে সংগতি ৰাখি এখনি কৰ্মশালা অনুষ্ঠিত হয় । উক্ত কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গোলাঘাটৰ হেমপ্ৰভা বৰবৰা গাৰ্লছ কলেজৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা শিৱ প্ৰসাদ বৰা । জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা আৰু ডঃ সংগীতা বৰঠাকুৰৰ লগতে কৰ্মশালাত প্ৰায় প্ৰতিটো বিভাগৰ জিলা পৰ্যায়ৰ মুৰব্বী বিষয়াসকলে অংশগ্ৰহণ কৰে । কৰ্মশালাত সু-প্ৰশাসন ব্যৱস্থাৰ অন্যতম স্তম্ভস্বৰূপ স্বচ্ছতা আৰু দায়বদ্ধতাৰ ওপৰত মুখ্য অতিথিগৰাকীয়ে বিতংভাবে আলোকপাত কৰে । লগতে প্ৰশাসন ব্যৱস্থাক ৰাইজৰ ওচৰ চপাই নিব পৰাকৈ জনসাধাৰণৰ অনুকূল কৰি গঢ় দিয়াৰ ওপৰত বিভিন্নজনে মত প্ৰকাশ কৰে । আজিৰ কৰ্মশালাত কামৰ গতি আৰু ধাৰাবাহিকতাক অক্ষুণ্ণ ৰাখি অধিক ত্বৰান্বিত কৰাৰ সন্দৰ্ভতো আলোচনা কৰা হয় যাতে সমান্তৰালভাবে উন্নয়নৰ গতিও ক্ষীপ্রতৰ হয় । গোলাঘাটৰ বাবে ভিজন ডকুমেণ্ট প্ৰস্তুত কৰা সন্দৰ্ভতো সভাত আলোচনা কৰা হয় । উল্লেখযোগ্য যে সু-শাসন সপ্তাহৰ সৈতে সংগতি ৰাখি গোলাঘাট জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ উদ্যোগত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । ভাৰতৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মদিৱসৰ দিনা অৰ্থাৎ ২৫ ডিচেম্বৰৰ দিনটোত প্ৰতি বছৰে এই দিৱস পালন কৰা হয় । ২৫ ডিচেম্বৰলৈ সপ্তাহজোৰা কাৰ্যসূচীৰে পালন কৰা চলিত বৰ্ষৰ সু-শাসন সপ্তাহৰ মূল বিষয়বস্তু হৈছে "গাওঁ অভিমূখে প্ৰশাসন"। প্ৰশাসন ব্যৱস্থাত মূলতঃ অংশীদাৰিত্ব, দায়বদ্ধতা, স্বচ্ছতা আৰু জবাবদিহিতা আদিৰ দৰে বিষয়সমূহ সুনিশ্চিত কৰি জনসাধাৰনক এই সন্দৰ্ভত সজাগ কৰাৰ উদ্দেশ্যে এই দিৱস তথা সপ্তাহ পালন কৰা হয় । এই দিৱস পালনৰ আন এটা উদ্দেশ্য হ'ল ৰাইজক চৰকাৰৰ ওচৰ চপাই আনি প্ৰশাসনযন্ত্ৰ নিয়াৰিকৈ পৰিচালনা কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ অংশীদাৰিত্ব নিশ্চিত কৰা । গোলাঘাট জিলাত এই সপ্তাহ তথা দিৱসৰ সৈতে সংগতি ৰাখি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত বিশেষ গাঁওসভা অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন বিভাগৰ উদ্যোগত ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লোৱাৰ লগতে সমস্যাসমূহৰ সমাধানৰ প্ৰয়াস চলোৱা হৈছে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

সমগ্র মানৱ জাতিলৈ আহ্বান

মা আৰু প্ৰকৃতি
🙏🏾জয় মা আৰু প্ৰকৃতি🙏🏾

মানৱ জাতিলৈ আহ্বান।।

মানৱ জাতিৰ এই পৃথিবীত জীৱন নিৰ্বাহ কৰিবলৈ
 👉🏿এডোখৰ ঠাই 
👉🏿 অলপ মান বস্তু লাজ নিবাৰণ কৰিবলৈ
👉🏿এমুঠি অন্ন খাই জীয়াই থাকিবৰ কাৰণে
👉🏿পানি পিয়াহঁ গুচাবলৈ
👉🏿অলপ মান বিশুদ্ধ বায়ু আৰু
👉🏿এখন সুন্দৰ সব্বাঙ্গীন সমাজ। 
👉🏿 এখন সুন্দৰ প্ৰাকৃতিক পৰিবেশ
এই খিনিয়ে মানৱ জীৱনৰ প্ৰয়োজন এই পৃথিবীত জীয়াই থাকিবলৈ। 
সেই মানৱ জাতি আহঁক আমি সকলোৱে সকলোকে লৈ সকলোকে সহসন্মান জনাই, 

👉🏿লুভ, মোহ, কাম, ক্ৰধ, দম্ভ অংহকাৰ, হিংসা ত্যাগ কৰি, সকলো জীৱকে শান্তিৰে জীয়াই থাকিবলৈ সকলো মানৱ জাতিলৈ আহ্বান জনাইছো।। 
👉🏿কোনো জীৱকে এই পাপ্যৰ পৰা বঞ্চিত নকৰিৱ। সকলোকে এই অধিকাৰ গ্রহণ কৰিব দিয়ক।
👉🏿 কোনো জীৱকোল এই পৃথিবীত চিৰজীৱন জীয়াই থাকিব নোৱাৰে। সকলো এই পৃথিবী এৰি যাব লাগিব। মাথো সময়ৰ ব্যৱধান। 

👉🏿 সমগ্র মানৱ জাতিৰ এই পৃথিবীত এটা ডাঙৰ প্ৰধান কাম টো হৈছে জন্ম নিয়ন্ত্রণ কৰা। জন্ম নিয়ন্ত্রণ কৰিব লাগে, সমগ্র জীৱকোল যাতে সুখ শান্তিৰে জীয়াই থাকিব পাৰে।। 

আহঁক আমি সকলো মানৱ জাতিয়ে এই নিয়ম পালন কৰো।। 

ধন্যবাদেৰে। 

সেৱাৰে
মাধৱ গগৈ
মা আৰু প্ৰকৃতি 
প্ৰতিষ্ঠাপক।।

Tuesday, 20 December 2022

পৃথিবীৰ সমগ্র মানৱ জাতিলৈ আহ্বান জনাইছো। আহক আমি সকলোৱে সকলোকে লগত লৈ এখন সুন্দৰ সব্বাঙ্গীন মানৱ জাতিৰ পৃথিবী নিমার্ণ কৰো। সেৱাৰেমাধৱ গগৈমা আৰু প্ৰকৃতিপ্ৰতিষ্ঠাপক।।

পৃথিবীৰ সমগ্র মানৱ জাতিলৈ আহ্বান জনাইছো। আহক আমি সকলোৱে সকলোকে লগত লৈ এখন সুন্দৰ সব্বাঙ্গীন মানৱ জাতিৰ পৃথিবী নিমার্ণ কৰো। 

সেৱাৰে
মাধৱ গগৈ
মা আৰু প্ৰকৃতি
প্ৰতিষ্ঠাপক।। 

*গোলাঘাটত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন**নৱবৰ্ষৰ সময়ত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ব্যাপক অভিযান আৰু পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা কাৰ্যসূচী গ্ৰহণৰ নিৰ্দেশ উপায়ুক্তৰ*

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৬৩/২০২২

 *গোলাঘাটত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন*

*নৱবৰ্ষৰ সময়ত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ব্যাপক অভিযান আৰু পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা কাৰ্যসূচী গ্ৰহণৰ নিৰ্দেশ উপায়ুক্তৰ*

গোলাঘাট, ২০ ডিচেম্বৰ : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা পথ সুৰক্ষা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয় । উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত নৱবৰ্ষৰ প্রাকক্ষণত আৰু নতুন বছৰৰ প্ৰথম কেইটামান দিনত সম্ভাব্য পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ল'বলগীয়া সজাগতামূলক ব্যৱস্থা আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয় । সভাত জিলা পৰিবহণ বিষয়া দিব্যজ্যোতি কাৰ্জীয়ে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী আৰু যোৱা কেইটামান বছৰত গোলাঘাট জিলাত সংঘটিত পথ দুৰ্ঘটনাৰ এটা তুলনামুলক ব্যাখ্যা পাৱাৰপইন্ট প্ৰেজেণ্টেচনৰ সহায়ত বিতংভাবে বৰ্ণনা কৰে । তেওঁ জানিবলৈ দিয়ে যে যোৱা সময়ছোৱাত জিলাখনত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে । তেওঁ পথ দুৰ্ঘটনাৰ কাৰণ আৰু এই ঘটনাসমূহ ৰোধ কৰাৰ বাবে ক্ষেত্ৰভিত্তিক অধ্যয়নৰ ওপৰত ভিত্তি কৰি পৰামৰ্শ, পথ সুৰক্ষা অভিযান, পথ সুৰক্ষা সম্পৰ্কীয় গ্ৰন্থ প্ৰকাশ কৰা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ গতিত বাহন চলোৱা আদি সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় । 

বৈঠকত উপায়ুক্তগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি জিলাখনত আসন্ন নৱবৰ্ষ উদযাপনৰ সময়ত যাতে পথ দুৰ্ঘটনা হ্ৰাস কৰিব পাৰি তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে । বৈঠকত ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন কেইবাটাও গুৰুত্বপূৰ্ণ পথৰ অৱস্থাৰ বিষয়ে আলোচনা কৰা হয় আৰু সেই পথসমূহত সম্ভাব্য দুৰ্ঘটনা ৰোধ কৰাৰ বাবে প্ৰয়োজনীয় মেৰামতিৰ কাম সম্পন্ন কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে । তেওঁ ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম (NHIDCL)ক ২৮ ডিচেম্বৰৰ ভিতৰত নুমলীগড়ৰ পৰা দেৰগাঁৱলৈকে পথটোৰ প্ৰয়োজনীয় মেৰামতি সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ লগতে বিদ্যালয়সমূহৰ পৰিদৰ্শকক শিক্ষানুষ্ঠানসমূহত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । লোকনিৰ্মাণ (পথ) বিভাগক তেওঁ সম্ভাব্য দুৰ্ঘটনাপ্ৰৱণ এলেকাসমূহ চিনাক্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । আনহাতে আবকাৰী বিভাগক অহা ১৫ জানুৱাৰীলৈকে ব্যাপক অভিযান চলোৱাৰ নিৰ্দেশ দিয়ে । লগতে পিকনিকস্থলীৰ আশে-পাশে যাতে অবৈধভাৱে সুৰা বিক্ৰী নহয় সেয়া সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । উপায়ুক্তগৰাকীয়ে সভাত চক্ৰ বিষয়াসকলৰ দ্বাৰা জিলাখনৰ পিকনিকস্থলীসমূহ চিনাক্ত কৰি আৰক্ষী আৰু পিকনিক পৰিচালনা সমিতিসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি সম্ভাব্য দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে । তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশনা অনুসৰি নিৰ্ধাৰিত গতিতকৈ উচ্চ মাত্ৰাত গাড়ী চলোৱা চালকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈয়ো নিৰ্দেশ দিয়ে । উপায়ুক্তগৰাকীয়ে স্বাস্থ্য বিভাগক পৰৱৰ্তী ১৫ৰ পৰা ২০ দিনলৈ গুৰুত্বপূৰ্ণ পথসমূহৰ কাষৰীয়া চিকিৎসালয়সমূহত পৰ্যাপ্ত এম্বুলেন্স আৰু চিকিৎসক/নাৰ্চ আদি যাতে থাকে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ।  উপায়ুক্তগৰাকীয়ে পথ সুৰক্ষা সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । 

সভাত অংশ লৈ জিলাখনৰ আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰে নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ ডাম্পাৰসমূহৰ চলাচল বন্ধ কৰাৰ বাবে নিৰ্দেশ দিয়ে । লগতে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে পথৰ কাষত যাতে ট্ৰাকৰ পাৰ্কিং বন্ধ কৰা হয় তাৰ বাবেও পৰামৰ্শ আগবঢ়ায় । 

সভাত অতিৰিক্ত উপায়ুক্তদ্বয় কুলদীপ হাজৰিকা আৰু ডঃ সংগীতা বৰঠাকুৰ, বিদ্যালয়সমূহৰ পৰিদৰ্শক, ৰাষ্ট্ৰীয় ঘাইপথ, লোকনিৰ্মাণ (পথ), দুৰ্যোগ ব্যৱস্থাপনা, আবকাৰী, আৰক্ষী, যানবাহন আৰক্ষী আৰু কেইবাটাও বিভাগৰ বিষয়াসকল উপস্থিত আছিল ।

সভাৰ অংশৰূপে পথ সুৰক্ষা বাহিনীৰ স্বেচ্ছাসেৱীসকলক একোটা পথ সুৰক্ষাৰ সামগ্ৰী থকা টোপোলাও উপায়ুক্তগৰাকীয়ে আনুষ্ঠানিকভাৱে প্ৰদান কৰে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Thursday, 15 December 2022

সমগ্র মানৱ জাতিলৈ আহ্বান,

সমগ্র মানৱ জাতিলৈ আহ্বান, আপোনালোকৰ জীৱন কালত কেতিয়াও কাকো, কোনো জীৱকে দুখ, কষ্ট, ঘৃণা, এলাগি, লুভ, মুহ, কাম, ক্ৰৰ্ধ, দম্ভ, অংহকাৰ, কৰাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। কাৰণ সকলো জীৱকোলৰ একেই অনুভব হয়, ভোক, পিয়াহ। একেই অনুভব হয় দুখ কষ্ট, কেবল মাএ সকলোৱে প্ৰকাশ কৰিব নোৱাৰে। আমি যদি সকলোকে সন্মান সম মৰ্যদাপূৰ্ণ দিৱ নোৱাৰো, তেতিয়া হলে এদিন, মানৱ জাতিৰ ধংশ সমাগত। কোনেও বচাব নোৱাৰিৱ। 

আহক সময় থাকোতেই আমি সকলোৱে ঐক্যবদ্ধ হওঁ। 

সেৱাৰে
মাধৱ গগৈ
মা আৰু প্ৰকৃতি
প্ৰতিষ্ঠাপক। 

Wednesday, 14 December 2022

*গোলাঘাটত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ১,১৯৭ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ ড০ বাণীকান্ত কাকতি মেধা বঁটা-২০২২* *স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত মেধাৱী ছাত্ৰ-ছাত্ৰীক ড০ বাণীকান্ত কাকতি মেধা বঁটাৰূপে স্কুটী প্ৰদানৰ শুভাৰম্ভ**এই বঁটাৰ মৰ্যাদা ৰক্ষা কৰি স্কুটিখনৰ অপব্যৱহাৰ নকৰিবলৈ আহ্বান স্বাস্থ্যমন্ত্ৰীৰ*

*গোলাঘাটত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ১,১৯৭ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ ড০ বাণীকান্ত কাকতি মেধা বঁটা-২০২২* 

*স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত মেধাৱী ছাত্ৰ-ছাত্ৰীক ড০ বাণীকান্ত কাকতি মেধা বঁটাৰূপে স্কুটী প্ৰদানৰ শুভাৰম্ভ*

*এই বঁটাৰ মৰ্যাদা ৰক্ষা কৰি স্কুটিখনৰ অপব্যৱহাৰ নকৰিবলৈ আহ্বান স্বাস্থ্যমন্ত্ৰীৰ*

গোলাঘাট ১৪ ডিচেম্বৰ: গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী আৰু অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত মেধাৰ পৰিচয় দিয়া জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকলক ডঃ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদানৰ শুভাৰম্ভ কৰে । উল্লেখযোগ্য যে, ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৭৫% বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক ডঃ বাণীকান্ত কাকতি মেধা বঁটা হিচাপে একোখন স্কুটি প্ৰদান কৰা হৈছে । গোলাঘাট জিলাত মুঠ ১,১৯৭ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী প্ৰদান কৰা হৈছে । ইয়াৰে ১,০৬১ গৰাকী ছাত্ৰী আৰু ১৩৬ গৰাকী ছাত্ৰ । স্কুটি বিতৰণ অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত সভাত গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই ছাত্ৰ-ছাত্ৰীসকলক এই বঁটাৰ মৰ্যাদা ৰক্ষা কৰি তথা কোনো কাৰণতে স্কুটিখনৰ অপব্যৱহাৰ নকৰি ভৱিষ্যৎ শিক্ষা জীৱনত আৰু অধিক ভাল ফলাফল দেখুৱাব পৰাকৈ আগবাঢ়ি যাবলৈ আহ্বান জনায় । ডঃ বাণীকান্ত কাকতি বঁটা লাভ কৰাটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা সন্মানৰ বিষয় বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীক পঢ়াত সহায় হোৱাকৈ চৰকাৰে চলিত বৰ্ষৰ পৰা ১০ হাজাৰ টকাকৈ প্ৰদান কৰাৰ বাবে চিন্তা কৰিছে । অসমৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত ভাল ফলাফল দেখুৱাব পাৰে তাৰ বাবে আগ্ৰহীসকলক বিদ্যালয়ৰ পৰাই লক্ষ্য নিৰ্ধাৰণ কৰি আগবাঢ়িবলৈ তেওঁ আহ্বান জনায় । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে লক্ষ্য স্থিৰ আৰু সঠিক হলে কোনো অভাৱ-অনাতন অথবা অজুহাতেই হেঙাৰ হ'ব নোৱাৰে । বিফলতাৰ বাবে আনক দোষ দিয়াৰ বিপৰীতে নিজক দোষাৰোপ কৰিলে আগবাঢ়ি যোৱাৰ নতুন পথ মুকলি হ'ব বুলি তেওঁ কয় । 

অনুষ্ঠানত দিয়া ভাষণত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে কয় যে জীৱন গঢ়াৰ বাটত কোনো চমু পথ নাই । কঠোৰ অনুশীলনেই সফলতা প্ৰাপ্তিৰ একমাত্ৰ উপায় বুলি তেওঁ উল্লেখ কৰে । নিজৰ ভাষণত বিধায়কগৰাকীয়ে ডঃ বাণীকান্ত কাকতিৰ গুণৰাজিৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰে আৰু তেখেতৰ সৃষ্টিসমূহক অসমীয়া ভাষাৰ এক গুৰুত্বপূৰ্ণ সমল বুলি উল্লেখ কৰে । নিয়মীয়া অনুশীলন সফলতাৰ একমাত্ৰ চাবিকাঠি বুলি উল্লেখ কৰি তেওঁ ছাত্ৰ-ছাত্ৰী সকলক কোনো প্ৰতিকুল পৰিস্থিতিৰ ওচৰত হাৰ নামানি প্ৰয়াস অব্যাহত ৰাখিবলৈ আহ্বান জনায় । 

সভাত আদৰণি ভাষণ আগবঢ়ায় জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে । জিলা উপায়ুক্তগৰাকীয়ে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড০ বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰা প্ৰতিগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰাৰ লগতে উজ্বল ভৱিষ্যত কামনা কৰে। সভাত বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰা, দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জয়ন্ত বাৰুকিয়াল, ডি কে ডি কলেজৰ অধ্যক্ষ ডঃ ৰঞ্জিত বৰদলৈ, এইচ পি বি গাৰ্লছ কলেজৰ অধ্যক্ষ ডঃ বুলবুলি বৰুৱা, জয়া গগৈ কলেজৰ অধ্যক্ষ ডঃ অমিয় কুমাৰ দাস, দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ পুতুল শইকীয়া, ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া গৌৰিপ্ৰিয়া দেউৰী, অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ নৃপেন বৰুৱা, সমাজকৰ্মী দেৱপ্ৰতীম বৰা প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তি, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল উপস্থিত থাকে । অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অভিভাৱক মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ বিদ্যাঞ্জলি কাৰ্যসূচীৰ অধীনত জিলা প্ৰশাসনৰ আহ্বানমৰ্মে জিলাখনৰ কেইবাগৰাকীও সহৃদয় ব্যক্তি-অনুষ্ঠানে শিক্ষানুষ্ঠান আৰু অংগনৱাড়ী কেন্দ্ৰলৈ আগবঢ়োৱা ফেন আৰু ওজন তথা উচ্চতা জোখা যন্ত্ৰও প্ৰদান কৰে ।  

 *জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...