জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ৩৫৩/২০২২
*গোলাঘাটত অসম বিধানসভাৰ ৰাজহুৱা হিচাপৰক্ষী সমিতিৰ পৰ্যালোচনা সভা*
গোলাঘাট, ১২ অক্টোবৰঃ অসম বিধানসভাৰ ৰাজহুৱা হিচাপৰক্ষী সমিতিয়ে আজি গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত জিলাখনৰ গুৰুত্বপূৰ্ণ উন্নয়নী বিভাগসমূহৰ সৈতে এখন পৰ্য্যালোচনা সভাত মিলিত হয়। এই পৰ্য্যালোচনা সভাত সমিতিখনে বিভাগসমূহৰ অধীনত জিলাখনত ৰূপায়ন হৈ থকা আচঁনিসমূহৰ কাম-কাজ আৰু অগ্ৰগতিৰ বুজ লয়। উল্লেখযোগ্য যে, আজি দিনজোৰা কাৰ্য্যসূচীৰে গোলাঘাট জিলাত উপস্থিত হোৱা এই সমিতিখনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ আদি কেইবাটাও বিভাগৰ দ্বাৰা ৰূপায়ন হৈ থকা কেইবাখনো আচঁনি পৰিদৰ্শন কৰে। দলটোৱে জলসম্পদ, লোকনিৰ্মাণ, পঞ্চায়ত ও গ্ৰামোন্নয়ন, সমাজ কল্যাণ, জলসিঞ্চন, জনস্বাস্থ্য কাৰিকৰী, পৰিৱেশ আৰু বন, কৃষি, শিক্ষা, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, খাদ্য আৰু অসামৰিক যোগান, স্বাস্থ্য, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভিন্ন বিভাগৰ পৰ্যালোচনা কৰে । আজিৰ পৰ্য্যালোচনা সভাত অসম বিধানসভাৰ ৰাজহুৱা হিচাপৰক্ষী সমিতিখনে প্ৰতিটো বিভাগকে নিষ্ঠাসহকাৰে তথা কামৰ মানৰ সৈতে কোনো আপোচ নকৰাকৈ আচঁনিসমূহ ৰূপায়ন কৰিবলৈ আহ্বান জনায়। সভাত অসম বিধানসভাৰ ৰাজহুৱা হিচাপৰক্ষী সমিতিৰ সভাপতি বিধায়ক ৱাজেদ আলি চৌধুৰী তথা সমিতিৰ সদস্য ক্ৰমে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বিধায়ক বসন্ত দাস, বিধায়ক হাফিজ বচিৰ আহমেদ, বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী, বিধায়ক উৎপল বৰা, বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থ, বিধায়ক কৰিম উদ্দিন বৰভূঞা, বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী, বিধায়ক চক্ৰধৰ গগৈ, বিধায়ক কৌশিক ৰায় সমন্বিতে সচিব অনুসুৱা দত্ত বৰুৱা, অতিৰিক্ত সচিব ক্ৰমে মুনিন্দ্ৰ শৰ্মা, তেজ প্ৰসাদ ভূষাল, দেৱ কুমাৰ কলিতা, জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী আৰু বিভিন্ন বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল ।
*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA