Monday, 12 September 2022

*কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন উপায়ুক্তৰ**উচ্চ আশংকা থকা গৰ্ভৱতী মহিলা আৰু ৰোগীৰ ক্ষেত্ৰত চিকিৎসা বিষয়াক নিয়মীয়া ক্ষেত্ৰ পৰিদৰ্শনৰ নিৰ্দেশ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩৪১/২০২২

*কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন উপায়ুক্তৰ*

*উচ্চ আশংকা থকা গৰ্ভৱতী মহিলা আৰু ৰোগীৰ ক্ষেত্ৰত চিকিৎসা বিষয়াক নিয়মীয়া ক্ষেত্ৰ পৰিদৰ্শনৰ নিৰ্দেশ*
গোলাঘাট, ১২ ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে আজি কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ কাম-কাজৰ বুজ লয় । এই ভ্ৰমণকালত উপায়ুক্তগৰাকীয়ে চিকিৎসালয়খনৰ বহিঃ ৰোগী বিভাগ, প্ৰসৱ কক্ষ আৰু প্ৰতিষেধক মজুত ৰখা ক'ল্ড চেইন পইণ্ট পৰিদৰ্শন কৰি চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ সৈতে স্বাস্থ্য আৰু চিকিৎসা সেৱা তথা জনসাধাৰণক প্ৰদান কৰা সুবিধাসমূহৰ বিষয়ে বিতংভাবে আলোচনা কৰে ।  চিকিৎসালয়খনৰ মাতৃ স্বাস্থ্য বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰি তেওঁ চিকিৎসালয় কৰ্তৃপক্ষক প্ৰসৱ কক্ষৰ বাহিৰত পাৰ্ট’গ্ৰাফ চাৰ্ট সঠিকভাৱে প্ৰদৰ্শন কৰিবলৈ আৰু নৱজাতকসকলক জন্মৰ সময়ত পাবলগীয়া প্ৰতিষেধক প্ৰদান কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।  বিশেষকৈ উচ্চ আশংকা থকা গৰ্ভৱতী মহিলা আৰু ৰোগীৰ ক্ষেত্ৰত চিকিৎসা বিষয়াগৰাকীক নিয়মীয়াকৈ ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈও উপায়ুক্তই নিৰ্দেশ দিয়ে । ৰোগীসকলক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আৰু কৰ্মচাৰীসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়েও আলোচনাত স্থান পায় ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Friday, 9 September 2022

*দুৰ্গা পূজাৰ সময়ত গোলাঘাট জিলাৰ ৭৭ খন চাহ বাগিচাত অবৈধ সুৰাৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ নিৰ্দেশ উপায়ুক্তৰ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩৪০/২০২২

*দুৰ্গা পূজাৰ সময়ত গোলাঘাট জিলাৰ ৭৭ খন চাহ বাগিচাত অবৈধ সুৰাৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ নিৰ্দেশ উপায়ুক্তৰ*

গোলাঘাট, ৯ ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত জিলা উন্নয়ন সমিতিৰ দ্বিতীয় দিনাৰ বৈঠকত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে দুটা বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । উপায়ুক্তগৰাকীয়ে আবকাৰী বিভাগ আৰু জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ অধীনত হৈ থকা কাম-কাজ তথা আঁচনিৰ সবিশেষ বুজ লয় । তেওঁ আবকাৰী বিভাগক সমাগত দুৰ্গা পূজাৰ সময়ত গোলাঘাট জিলাৰ বিভিন্ন ঠাইত বিশেষকৈ জিলাখনৰ ৭৭ খন চাহ বাগিচাত অবৈধ সুৰাৰ বিৰুদ্ধে ব্যাপক অভিযান চলাবলৈ নিৰ্দেশ দিয়ে । তেওঁ বিভাগটোক ৰাজহ সংগ্ৰহৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে এটা পৰিকল্পনা যুগুত কৰিবলৈও নিৰ্দেশ দিয়ে । 

আনহাতে তেওঁ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ অধীনত জিলাখনত ৰূপায়িত বিভিন্ন আঁচনিৰ বিষয়ে পৰ্যালোচনা কৰে । উপায়ুক্তগৰাকীয়ে ডাবিডুবিত নিৰ্মীয়মান আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰো কামৰ অগ্ৰগতিৰ বুজ লয় । লগতে গোলাঘাটৰ জোনাকী নগৰত থকা ঔদ্যোগিক অঞ্চলৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত তেওঁ বিতংভাবে বুজ লয় । বৈঠকত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰধান পৰিচালক ৰাজু প্ৰসাদ বৰা আৰু আবকাৰী বিভাগৰ অধীক্ষক শিৱাশিষ পালৰ লগতে দুয়োটা বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

*যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ পৰ্যালোচনা বিত্তমন্ত্ৰী অজন্তা নেওগৰ**গোলাঘাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ সৈতেও বিত্তমন্ত্ৰীৰ বৈঠক*

বাৰ্তা নং –MIN/F/WCD/17/2021/23
প্ৰেছ বাৰ্তা

*যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ পৰ্যালোচনা বিত্তমন্ত্ৰী অজন্তা নেওগৰ*

*গোলাঘাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ সৈতেও বিত্তমন্ত্ৰীৰ বৈঠক*
গুৱাহাটী, ৯ ছেপ্টেম্বৰ –    সমগ্ৰ অসমবাসীৰ লগতে মাজুলীবাসীৰ বহু প্ৰত্যাশিত যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য ইতিমধ্যে আৰম্ভ হৈছে। দলংখনৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান U.P.State Bridge Corporation Limited-ৰ সৈতে আজি এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক কৰে ৰাজ্যৰ বিত্ত, মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে। ৯২৫.৪৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান দলংখনৰ দৈৰ্ঘ্য হব ৮.০২৫ কিলোমিটাৰ। বৈঠকখনত নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ কামৰ অগ্ৰগতি মন্ত্ৰী নেওগক অৱগত কৰাৰ লগতে কিছু ক্ষেত্ৰত চৰকাৰৰ আৰু সহযোগিতা বিচাৰে। মন্ত্ৰী নেওগেও প্ৰতিষ্ঠানটোৰ কাম-কাজ খৰতকীয়া কৰাৰ লগতে তেওঁলোকৰ অনুৰোধসমূহ শীঘ্ৰে সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।
ইফালে, বিত্তমন্ত্ৰীগৰাকীয়ে আজি গোলাঘাটত নিৰ্মাণ হবলগীয়া গোলাঘাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নিৰ্মাণকাৰী সংস্থা 'Larsen & Turbo Construction Building & Factories' ৰ সৈতেও গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। ৬৩১.৮২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া চিকিৎসা মহাবিদ্যালয়খন নিৰ্দিষ্ট সময়ৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ  মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰে।
আজিৰ দিনৰ বিয়লি ৪ বজাৰ পৰা বিত্তমন্ত্ৰী অজন্তা নেওগ ৰাজ্যৰ জ্যেষ্ঠ কৰ আৰু চৰকাৰী নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতেও এক বৈঠকত মিলিত হয়। ৰাজ্যৰ বিভিন্ন স্থানত নিৰ্মীয়মান অৱস্থাত থকা বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ খতিয়ান লয় মন্ত্ৰীগৰাকীয়ে।
প্ৰেৰক, পি আৰ অ’ 
09-09-2022

NORTHEAST NEWS INDIA

*ৰাজ্যিক লোক আদালতত উত্থাপন হ'বলগীয়া মটৰ গাড়ী আইন সম্পৰ্কীয় গোচৰসমূহ ১২ নৱেম্বৰলৈ স্থগিত*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩৩৯/২০২২

*ৰাজ্যিক লোক আদালতত উত্থাপন হ'বলগীয়া মটৰ গাড়ী আইন সম্পৰ্কীয় গোচৰসমূহ ১২ নৱেম্বৰলৈ স্থগিত*
গোলাঘাট, ৯ ছেপ্টেম্বৰ : গোলাঘাট জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত গোলাঘাট জিলা আদালত চৌহদত ১০ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক লোক আদালতত উত্থাপন হ'বলগীয়া মটৰ গাড়ী আইন সম্পৰ্কীয় গোচৰসমূহ স্থগিত ৰাখি অহা ১২ নৱেম্বৰ তাৰিখে হ'বলগীয়া পৰৱৰ্তী ৰাষ্ট্ৰীয় লোক আদালতত উত্থাপন কৰা হ'ব । জিলা আইন সেৱা প্ৰাধিকৰণ, গোলাঘাটৰ ভাৰপ্ৰাপ্ত অধ্যক্ষই এই সম্পৰ্কে জাৰি কৰা এখন প্ৰেছ বিজ্ঞপ্তিত এই বিষয়ে কোৱা হৈছে । সেই অনুসৰি উত্থাপিত অন্যান্য গোচৰৰ ক্ষেত্ৰত ৰাজ্যিক লোক আদালতৰ বাবে নিৰ্দিষ্ট কৰা দিনটোতে প্ৰাক লোক আদালত বৈঠক অনুষ্ঠিত হ'ব । মটৰ গাড়ী আইন সম্পৰ্কীয় গোচৰসমূহৰ ক্ষেত্ৰত জাননী লাভ কৰাসকলক ১২ নৱেম্বৰত লোক আদালতত উপস্থিত থাকিবলৈ আৰু অন্যান্য গোচৰৰ ক্ষেত্ৰত ১০ ছেপ্টেম্বৰ বা নিৰ্দিষ্ট আদালতে দিয়া নিৰ্দেশ অনুযায়ী প্ৰাক লোক আদালত বৈঠকত উপস্থিত থাকিবলৈ জিলা আইন সেৱা প্ৰাধিকৰণ, গোলাঘাটৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।