Monday, 5 September 2022

কেশৱ বৰা লৈ কৃতী শিক্ষক বঁটা।

৫ ছেপ্টেম্বৰ ২০২২ঃ 
কেশৱ বৰা লৈ কৃতী শিক্ষক বঁটা।        নগাঁও জিলাৰ প্ৰশাসনৰ উদ্যোগত এই বছৰ 10 গৰাকী কৃতী শিক্ষকৰ ভিতৰত কেশৱ বৰাও নিৰ্বাচিত হয়।এই বঁটা হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয় আৰু জিলাৰ অতিৰিক্ত উপায়ুক্ত মহোদয় তথা শিক্ষা বিভাগৰ বিষয়া সকলৰ present ত কেশৱ বৰা কো এই বঁটা প্ৰদান কৰে। কেশৱ বৰাই কৃতী শিক্ষকৰ হৈ দীঘলীয়া ভাষণ প্ৰদান কৰে।

NORTHEAST NEWS INDIA

*গোলাঘাটত জিলা পৰ্য্যায়ত পোষণ মাহ, ২০২২ আৰু মাত্ৰু বন্দনা সপ্তাহ, ২০২২ ৰ শুভাৰম্ভণি*

জনসংযোগ, গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং - ৩৩৪/২০২২

*গোলাঘাটত জিলা পৰ্য্যায়ত পোষণ মাহ, ২০২২ আৰু মাত্ৰু বন্দনা সপ্তাহ, ২০২২ ৰ শুভাৰম্ভণি*

গোলাঘাট, ৫ ছেপ্টেম্বৰ: "সবল নাৰী, স্বাক্ষৰ শিশু, সুস্থ ভাৰত"- এই মূল বিষয়বস্তুৰে জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আজি গোলাঘাট জিলা গ্ৰামোন্নয়ন অভিকৰণৰ সভাকক্ষত আনুষ্ঠানিকভাবে "পোষণ মাহ-২০২২" আৰু  "মাত্ৰু বন্দনা সপ্তাহ-২০২২" ৰ শুভাৰম্ভণি কৰা হয় ৷ এই উপলক্ষে অতিৰিক্ত উপায়ুক্ত ডাঃ সংগীতা বৰঠাকুৰৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত পোষণ অভিযানৰ জিলা সমন্বয়ক প্ৰিয়মজিত দুৱৰাই গৰ্ভৱতী মহিলা, দুগ্ধপান কৰোৱাই থকা মহিলা, ০ পৰা ৬ বছৰ বয়সৰ শিশু আৰু কিশোৰীসকলৰ  পৰিপুষ্টি তথা কল্যাণৰ বাবে সমাজ কল্যাণ বিভাগৰ দ্বাৰা ৰূপায়ন হৈ থকা বিভিন্ন আচঁনিৰ বিষয়ে উল্লেখ কৰাৰ লগতে পোষণ মাহ আৰু মাত্ৰু বন্দনা সপ্তাহৰ জৰিয়তে সমাজখনত পৰিপুষ্টি সন্দৰ্ভত সজাগতা সৃষ্টিৰ  বাবে গ্ৰহণ কৰিবলগীয়া  পদক্ষেপৰ বিষয়ে বিতংভাবে বৰ্ণনা আগবঢ়ায় । পোষণ মাহ উপলক্ষে 'পুষ্টি ৰথ' আৰু 'পোষণ পঞ্চায়ত'ৰ ব্যৱস্থা কৰাৰ লগতে ঋতুস্ৰাৱৰ সময়ত লবলগীয়া সাৱধানতা সন্দৰ্ভত সজাগ কৰাৰ বাবে 'কিশোৰী পঞ্চায়ত', ঔষধি গছৰ পুলি ৰোপণৰ বাবে 'পোষণ বাটিকা' শীৰ্ষক কাৰ্যসূচী ৰূপায়ন কৰা, যোগ আৰু আয়ুষৰ প্ৰসাৰ আৰু প্ৰচাৰ, ৰক্তহীনতা সম্পৰ্কীয় শিবিৰ, পৰীক্ষা শিবিৰ, পুষ্টিকৰ খাদ্যৰ ৰন্ধন প্ৰতিযোগিতা, পুষ্টিহীনতাত ভোগা শিশু চিনাক্ত কৰি উপযুক্ত পুষ্টিকৰ খাদ্যৰ ব্যৱস্থা কৰা আদি ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে ।  

সভাত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে জিলাখনত পোষণ মাহ তথা মাত্ৰু বন্দনা সপ্তাহৰ লগত জড়িত সকলো কাৰ্য্যসূচী সৰ্বতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি  তুলিবলৈ সংশ্লিষ্ট সকলো বিভাগৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে মহিলাসকলক সবল কৰি তুলিলেহে ল'ৰা-ছোৱালী সুস্থ সবল হ'ব । চৰকাৰী আঁচনিসমূহৰ বিষয়ে মহিলাসকলক সজাগ কৰাৰ বাবে এই অভিযান ৰূপায়ন কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে গৰ্ভাৱস্থাত মৃত্যু হোৱা, প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা, শিশুৰ মাজত পুষ্টিহীনতা দুৰ কৰা, মাহেকীয়াৰ সময়ত ল'বলগীয়া সাৱধানতা আদিৰ বিষয়ে সজাগতা সৃষ্টিয়েই এই অভিযানৰ প্ৰধান লক্ষ্য । 

আজিৰ অনুষ্ঠানতে জিলাখনৰ ১৭ টি শিশুক স্বাস্থ্যবান শিশু হিচাপে পুৰস্কৃত কৰা হয় । আজিৰ অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া সুলক্ষণা বৰপাত্ৰগোহাঁই, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, উপ-আৰক্ষী অধীক্ষক মাধুৰ্য বৰুৱা, জ্যেষ্ঠ চিকিৎসক ডাঃ হীৰেণ শইকীয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাটৰ জিলা প্ৰকল্প প্ৰবন্ধক অনুষ্কা বৰুৱা আৰু সমাজ কল্যাণ বিভাগ তথা স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী, অংগনৱাড়ী কৰ্মী, মহিলা আৰু শিশুসকল উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

*গোলাঘাটত শিক্ষক দিৱস উদযাপন**হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ বৰ্তমানৰ ৬০ শতাংশৰ পৰা ৮০ শতাংশলৈ বৃদ্ধিৰ লক্ষ্য ল'বলৈ আহ্বান উপায়ুক্তৰ**স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ দৃষ্টিশক্তি হ্ৰাস পোৱা বিষয়টোক 'নীৰৱ মহামাৰী' আখ্যা*

জনসংযোগ, গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং - ৩৩৩/২০২২

*গোলাঘাটত শিক্ষক দিৱস উদযাপন*

*হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ বৰ্তমানৰ ৬০ শতাংশৰ পৰা ৮০ শতাংশলৈ বৃদ্ধিৰ লক্ষ্য ল'বলৈ আহ্বান উপায়ুক্তৰ*

*স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ দৃষ্টিশক্তি হ্ৰাস পোৱা বিষয়টোক 'নীৰৱ মহামাৰী' আখ্যা*
গোলাঘাট, ৫ ছেপ্টেম্বৰ:  গোলাঘাট জিলা প্ৰশাসন, শিক্ষা বিভাগ আৰু শিক্ষক সংগঠনসমূহৰ উদ্যোগত আজি গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৬১ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয় । এই উপলক্ষে আয়োজিত সভাত সভাপতিত্ব কৰে গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে । ডঃ এ পি জে আব্দুল কালামৰ উক্তিৰে নিজৰ ভাষণ আৰম্ভ কৰি তেওঁ কয় যে শিক্ষকতা এনে এটা মহৎ বৃত্তি যি এজন ব্যক্তিৰ চৰিত্ৰ, যোগ্যতা আৰু ভৱিষ্যত গঢ় দিয়ে । তেওঁ কয় যে শিক্ষকসকলে কেৱল ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ় দিয়াই নহয়, তেওঁলোক দেশ নিৰ্মাণৰো অংশীদাৰ । তেওঁ ক'ভিডকালত ছাত্ৰ-ছাত্ৰীসকলৰ জিজ্ঞাসা আৰু আগ্ৰহক জীয়াই ৰাখিবলৈ শিক্ষকসকলে কৰা প্ৰয়াসৰ শলাগ লয় । তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনৰ উত্তীৰ্ণৰ হাৰ বৰ্তমানৰ ৬০ শতাংশৰ পৰা ৮০ শতাংশলৈ বৃদ্ধিৰ লক্ষ্য ল'বলৈ শিক্ষকসকলৰ আহ্বান জনায় । তেওঁ আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীসকলৰ বিষয়টোক লৈ উদ্বিগ্নতা ব্যক্ত কৰি তেওঁলোকক বিদ্যালয়লৈ পুনৰ ওভতাই অনাৰ বাবে প্ৰয়াস চলাবলৈও আহ্বান জনায় । আনহাতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ দৃষ্টিশক্তি হ্ৰাস পোৱা বিষয়টোক এটা 'নীৰৱ মহামাৰী' আখ্যা দি তেওঁ অহা ৮ ৰ পৰা ১২ ছেপ্টেম্বৰলৈ বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ চকু পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ আগবঢ়ায় যাতে কোনো ছাত্ৰ-ছাত্ৰীয়ে কম দৃষ্টি শক্তিৰ বাবে শিক্ষা গ্ৰহণত অসুবিধা নাপায় । 

সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি গোলাঘাট শিক্ষক শিকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অণু খনিকৰে কয় যে শিক্ষকসকল সমাজৰ সেইটো বৃত্তিৰ সৈতে জড়িত যি মানৱ সম্পদ গঢ় দিয়ে । জিলাখনত উত্তীৰ্ণৰ হাৰ বৃদ্ধি কৰিবলৈ সকলোৱে ঐক্যবদ্ধভাবে প্ৰয়াস কৰিব লাগিব বুলি তেওঁ কয় । 

অনুষ্ঠানত অংশ লৈ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰাই শিক্ষক দিৱসৰ পৱিত্ৰ দিনটোতে প্ৰতিজন শিক্ষকক সমাজৰ হিতৰ বাবে কাম কৰি যাবলৈ সংকল্পবদ্ধ হোৱাৰ বাবে আহ্বান জনায় । নিজে জ্বলি আনক পোহৰ বিলোৱা শিক্ষকসকলৰ বাবে আজিৰ দিনটো এটা মহান আৰু গৌৰৱৰ দিন বুলি তেওঁ উল্লেখ কৰে । এই অনুষ্ঠানতে জিলাখনৰ ১১ গৰাকী কৃতী শিক্ষক- শিক্ষয়িত্ৰীক সম্বৰ্দ্ধনা জনোৱা হয়। আজিৰ অনুষ্ঠানত গোলাঘাটৰ অতিৰিক্ত উপায়ুক্ত ডাঃ সংগীতা বৰঠাকুৰ, শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰীসকল, অধ্যক্ষ আৰু প্ৰধান শিক্ষক আৰু শিক্ষকসকল উপস্থিত আছিল।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Welcome

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...