Saturday, 3 September 2022
Friday, 2 September 2022
*গোলাঘাট জিলাত অহা ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব বিশেষ পলিঅ' প্ৰতিষেধক অভিযান**৫ বছৰৰ তলৰ ১ লক্ষাধিক শিশুক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য*
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩৩২/২০২২
*গোলাঘাট জিলাত অহা ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব বিশেষ পলিঅ' প্ৰতিষেধক অভিযান*
গোলাঘাট, ২ ছেপ্টেম্বৰ : গোলাঘাট জিলাত অহা ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব বিশেষ পলিঅ' প্ৰতিষেধক প্ৰদান অভিযান । আজি গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) পল্লৱী গগৈৰ সভাপতিত্বত অনুষ্ঠিত জিলা টাস্ক ফ'ৰ্চৰ এখন সভাত জিলা টীকাকৰণ বিষয়া ডাঃ জ্যোতি দেউৰীয়ে এই বিষয়ে প্ৰকাশ কৰে । পাৱাৰপইন্ট প্ৰেজেণ্টেচনৰ সহায়ত তেওঁ এই অভিযানৰ বিতং ব্যাখ্যা আগবঢ়াই কয় যে বিশ্বৰ কেতবোৰ ঠাইত পলিঅ' ৰোগী পুনৰ চিনাক্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে গোলাঘাটকে ধৰি অসমৰ ১৯ খন জিলাত অহা ১৮ ছেপ্টেম্বৰৰ পৰা উপ-ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস (Sub-National Immunization Day) ৰূপায়ন কৰাৰ নিৰ্দেশ দিছে । সেই অনুসৰি সমাজ কল্যাণ, শিক্ষা, শক্তি, ৰেল, পৰিবহণ আৰু বিভিন্ন বিভাগৰ সহযোগত গোলাঘাট জিলাৰো প্ৰতিটো স্বাস্থ্যখণ্ডৰ অধীনত পলিঅ' প্ৰতিষেধক অভিযান চলোৱাৰ লক্ষ্য লোৱা হৈছে । এই অভিযানৰ অধীনত জিলাখনৰ এক লাখৰো অধিক শূন্যৰ পৰা ৫ বছৰ বয়সৰ শিশুক পলিঅ' প্ৰতিষেধক সেৱন কৰোৱা হ'ব । তেওঁ কয় যে ভাৰতত ২০১১ চনৰ জানুৱাৰী মাহৰ পৰা আৰু অসমত ২০০৮ চনৰ জুন মাহৰ পিছত এটিও শিশু পলিঅ'ত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা হোৱা নাই । ভাৰতক এখন সম্পূৰ্ণৰূপে পলিঅ'মুক্ত দেশৰূপে প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰে এটিও শিশু যাতে প্ৰতিষেধকৰ পৰা বাদ নপৰে তাৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰিছে । ইয়াৰ অধীনত ঘৰে ঘৰে গৈ আৰু বিদ্যালয় তথা বিভিন্ন ৰাজহুৱা স্থানত শিশুসকলক পলিঅ'ৰ প্ৰতিষেধক সেৱন কৰোৱা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে । সভাত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে এই অভিযান সফল কৰি তোলাৰ বাবে ইয়াৰ সৈতে জড়িত প্ৰতিটো বিভাগক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় । তেওঁ অভিভাৱকসকলক বিনাদ্বিধাই নিজৰ সন্তানক পলিঅ' প্ৰতিষেধক সেৱন কৰোৱাবলৈ আহ্বান জনায় । অনুষ্ঠানত অংশ লৈ গোলাঘাট জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই কয় যে গোলাঘাট জিলাখনক পলিঅ'মুক্ত কৰাৰ বাবে নিৰিক্ষণ আৰু চিনাক্তকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব । তেওঁ এই অভিযানৰ সময়ত যাতে এটাও শিশু বাদ নপৰে সেয়া সুনিশ্চিত কৰিবলৈ স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী, নাৰ্চ আৰু স্বাস্থ্য কৰ্মীসকলৰ প্ৰতি আহ্বান জনায় । সভাত চিকিৎসা আৰু স্বাস্থ্য বিষয়াসকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু প্ৰতিনিধি আৰু স্বাস্থ্য বিভাগৰ বিষয়া- কৰ্মচাৰী, চিকিৎসক আৰু নাৰ্ছসকল উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Thursday, 1 September 2022
*গোলাঘাট জিলাৰ উপায়ুক্তৰ পি এম কিষাণ আঁচনিৰ পৰ্যালোচনা* *এজনো যোগ্য কৃষক যাতে বঞ্চিত নহয় সেয়া সুনিশ্চিত কৰাৰ নিৰ্দেশ*
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩৩১/২০২২
*গোলাঘাট জিলাৰ উপায়ুক্তৰ পি এম কিষাণ আঁচনিৰ পৰ্যালোচনা*
*এজনো যোগ্য কৃষক যাতে বঞ্চিত নহয় সেয়া সুনিশ্চিত কৰাৰ নিৰ্দেশ*
গোলাঘাট, ১ ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনত কৃষি বিভাগৰ উদ্যোগত ৰূপায়িত বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰে । তেওঁ জিলাখনত ৰূপায়িত কৃষি বিভাগৰ বিভিন্ন আঁচনি বিশেষকৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি চমুকৈ পি এম কিষাণ আঁচনিৰ বিষয়ে বিতংভাবে বুজ লয় । উপায়ুক্তগৰাকীয়ে যোগ্য হিতাধিকাৰীসকলক শীঘ্ৰে চিনাক্ত কৰাৰ বাবে প্ৰস্তুত কৰি থকা তথ্যভাণ্ডাৰৰ কামৰ অগ্ৰগতিৰো বুজ লয় । তেওঁ এজনো যোগ্য কৃষক যাতে বঞ্চিত হ'বলগীয়া নহয় সেয়া সুনিশ্চিত কৰাৰ বাবে বাবে তথ্যৰ সত্যাসত্য নিৰূপণ প্ৰক্ৰিয়া এমাহৰ ভিতৰত সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ এই অভিলাষী আঁচনিৰ দ্বাৰা উপকৃত হোৱা অযোগ্য খেতিয়কসকলৰ নাম কৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰে । উল্লেখযোগ্য যে ২০১৯ চনত আৰম্ভ কৰা এই আঁচনিৰ অধীনত একোজন কৃষকক তিনিটা কিস্তিত বছৰি ৬,০০০টকা প্ৰদান কৰা হয় । এই ধন পোনে পোনে কৃষকৰ বেংক একাউণ্টত জমা হয় । বৈঠকত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিন্সেংফা বৰুৱা, সহকাৰী আয়ুক্ত অম্লান ফুকন, জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মা, মহকুমা কৃষি বিষয়াসকল, কৃষি উন্নয়ন বিষয়াসকল, কৃষি সম্প্ৰসাৰণ বিষয়াসকল আৰু সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
গণেশ চতুৰ্থী
গণেশ চতুৰ্থী
। গোলাঘাটৰ বিভিন্ন ঠাইত যোৱাকালি পুৱাৰে পৰা আৰম্ভ হৈছে পুজা অৰ্চনা । পুৱাৰে পৰা পুজা অৰ্চনাৰে পুজা আৰম্ভ হৈছে গোলাঘাটৰ ঢ়োদৰ আলি ; লডিয়া কম্প্লেক্সৰ কাষৰ শিব মন্দিৰ আদিত। পুৱাৰে পৰা ভক্ত প্ৰাণ লোকৰ সমগম হৈ গনেশ মন্দিৰত চাকি বন্তি জ্বলোৱা লগতে মঙ্গলমূৰ্তী বাবা গণেশক সাষ্টাঙ্গে প্ৰণিপাত জনাই প্ৰসাদ গ্ৰহণ কৰিছে । :::
গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন NORTHEAST NEWS INDIA
Wednesday, 31 August 2022
Golaghat Breaking
GOLAGHAT 31 August, 2022 :
Vaccination drive for livestock aiming prevention of Foot and Mouth Disease (FMD) and Brucellosis under National Animal Disease Control Programme is going on at various parts of the Golaghat District including Merapani, Hatiakhowa, Dergaon and Ahom Gaon under the aegis of Animal Husbandry and Veterinary Department, Golaghat. Ear tagging of cattle is also being carried out at Hatiakhowa area to keep track and record information such as gender, age, weight, when a cow last calved, number of calves she has had, etc.
Subscribe to:
Posts (Atom)
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...