Friday, 2 September 2022
Thursday, 1 September 2022
*গোলাঘাট জিলাৰ উপায়ুক্তৰ পি এম কিষাণ আঁচনিৰ পৰ্যালোচনা* *এজনো যোগ্য কৃষক যাতে বঞ্চিত নহয় সেয়া সুনিশ্চিত কৰাৰ নিৰ্দেশ*
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩৩১/২০২২
*গোলাঘাট জিলাৰ উপায়ুক্তৰ পি এম কিষাণ আঁচনিৰ পৰ্যালোচনা*
*এজনো যোগ্য কৃষক যাতে বঞ্চিত নহয় সেয়া সুনিশ্চিত কৰাৰ নিৰ্দেশ*
গোলাঘাট, ১ ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনত কৃষি বিভাগৰ উদ্যোগত ৰূপায়িত বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰে । তেওঁ জিলাখনত ৰূপায়িত কৃষি বিভাগৰ বিভিন্ন আঁচনি বিশেষকৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি চমুকৈ পি এম কিষাণ আঁচনিৰ বিষয়ে বিতংভাবে বুজ লয় । উপায়ুক্তগৰাকীয়ে যোগ্য হিতাধিকাৰীসকলক শীঘ্ৰে চিনাক্ত কৰাৰ বাবে প্ৰস্তুত কৰি থকা তথ্যভাণ্ডাৰৰ কামৰ অগ্ৰগতিৰো বুজ লয় । তেওঁ এজনো যোগ্য কৃষক যাতে বঞ্চিত হ'বলগীয়া নহয় সেয়া সুনিশ্চিত কৰাৰ বাবে বাবে তথ্যৰ সত্যাসত্য নিৰূপণ প্ৰক্ৰিয়া এমাহৰ ভিতৰত সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ এই অভিলাষী আঁচনিৰ দ্বাৰা উপকৃত হোৱা অযোগ্য খেতিয়কসকলৰ নাম কৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰে । উল্লেখযোগ্য যে ২০১৯ চনত আৰম্ভ কৰা এই আঁচনিৰ অধীনত একোজন কৃষকক তিনিটা কিস্তিত বছৰি ৬,০০০টকা প্ৰদান কৰা হয় । এই ধন পোনে পোনে কৃষকৰ বেংক একাউণ্টত জমা হয় । বৈঠকত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিন্সেংফা বৰুৱা, সহকাৰী আয়ুক্ত অম্লান ফুকন, জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মা, মহকুমা কৃষি বিষয়াসকল, কৃষি উন্নয়ন বিষয়াসকল, কৃষি সম্প্ৰসাৰণ বিষয়াসকল আৰু সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
গণেশ চতুৰ্থী
গণেশ চতুৰ্থী
। গোলাঘাটৰ বিভিন্ন ঠাইত যোৱাকালি পুৱাৰে পৰা আৰম্ভ হৈছে পুজা অৰ্চনা । পুৱাৰে পৰা পুজা অৰ্চনাৰে পুজা আৰম্ভ হৈছে গোলাঘাটৰ ঢ়োদৰ আলি ; লডিয়া কম্প্লেক্সৰ কাষৰ শিব মন্দিৰ আদিত। পুৱাৰে পৰা ভক্ত প্ৰাণ লোকৰ সমগম হৈ গনেশ মন্দিৰত চাকি বন্তি জ্বলোৱা লগতে মঙ্গলমূৰ্তী বাবা গণেশক সাষ্টাঙ্গে প্ৰণিপাত জনাই প্ৰসাদ গ্ৰহণ কৰিছে । :::
গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন NORTHEAST NEWS INDIA
Wednesday, 31 August 2022
Golaghat Breaking
GOLAGHAT 31 August, 2022 :
Vaccination drive for livestock aiming prevention of Foot and Mouth Disease (FMD) and Brucellosis under National Animal Disease Control Programme is going on at various parts of the Golaghat District including Merapani, Hatiakhowa, Dergaon and Ahom Gaon under the aegis of Animal Husbandry and Veterinary Department, Golaghat. Ear tagging of cattle is also being carried out at Hatiakhowa area to keep track and record information such as gender, age, weight, when a cow last calved, number of calves she has had, etc.
গোলাঘাট জিলাৰ হাতীচুকীয়া গাৱঁত গাহৰি, গাহৰিৰ মাংস, গাহৰিৰ দানা আৰু অন্য গাহৰিৰ মাংসৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ বিক্ৰীত নিষেধাজ্ঞা
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩৩০/২০২২
*গোলাঘাট জিলাৰ হাতীচুকীয়া গাৱঁত গাহৰি, গাহৰিৰ মাংস, গাহৰিৰ দানা আৰু অন্য গাহৰিৰ মাংসৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ বিক্ৰীত নিষেধাজ্ঞা*
গোলাঘাট, ৩১ আগষ্ট : গোলাঘাট জিলাৰ পূব উন্নয়ন খণ্ডৰ অধীনৰ হাতীচুকীয়া গাঁৱৰ এজন লোকৰ ঘৰৰ গাহৰি ফাৰ্মত হোৱা গাহৰিৰ অস্বাভাৱিক মৃত্যু আফ্ৰিকান ছোৱাইন ফিভাৰৰ ঘটনা বুলি নিশ্চিত হোৱাৰ পিছতেই গোলাঘাটৰ অতিৰিক্ত জিলা দণ্ডাধীশে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে । অতিৰিক্ত জিলা দণ্ডাধীশ শ্ৰী কুলদীপ হাজৰিকাই ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰিছে । অসম চৰকাৰে এক নিৰ্দেশনা যোগে ইতিমধ্যে গাঁওখনক আফ্ৰিকান ছোৱাইন ফিভাৰৰ অভিকেন্দ্ৰ হিচাপে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত এই ৰোগ যাতে অন্য ঠাইলৈ বিয়পিব নোৱাৰে তাৰ বাবে গাঁওখনৰ ১ কিলোমিটাৰ ব্যাসাৰ্ধলৈকে গাহৰি, গাহৰিৰ মাংস, গাহৰিৰ দানা আৰু অন্য গাহৰিৰ মাংসৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ ঘোষণা কৰা হৈছে । তদুপৰি হাতীচুকীয়া গাঁও ( সংক্ৰমিত এলেকা) ৰ পৰা অসংক্ৰমিত এলেকালৈ গাহৰি, গাহৰিৰ মাংস, গাহৰিৰ দানা আৰু অন্য গাহৰিৰ মাংসৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ আদান-প্ৰদান নিষিদ্ধ কৰা হৈছে । গাহৰিক পেলনীয়া সামগ্ৰী খুওৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । জৰুৰীভাবে কাৰ্যকৰী হোৱাকৈ এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে । এই নিৰ্দেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...