Saturday, 13 August 2022

১৩ আগষ্ট ২০২২ঃ ঘৰে ঘৰে উৰুৱাও ৰাষ্ট্ৰীয় পতাকা !গোলাঘাট জিলাৰ হাতীখুলি চাহ বাগিচা এলেকাত "হৰ ঘৰ তিৰংগা" কাৰ্যসূচীৰ অংশৰূপে পতাকা উত্তোলন আৰু সজাগতা অভিযানৰ কেইটামান দৃশ্য ।

১৩ আগষ্ট ২০২২ঃ ঘৰে ঘৰে উৰুৱাও ৰাষ্ট্ৰীয় পতাকা !
গোলাঘাট জিলাৰ হাতীখুলি চাহ বাগিচা এলেকাত "হৰ ঘৰ তিৰংগা" কাৰ্যসূচীৰ অংশৰূপে পতাকা উত্তোলন আৰু সজাগতা অভিযানৰ কেইটামান দৃশ্য ।

NORTHEAST NEWS INDIA

ঘৰে ঘৰে উৰুৱাও ৰাষ্ট্ৰীয় পতাকা !গোলাঘাট জিলাৰ জামুগুৰি আৰু ৱকা চাহ বাগিচাত আজি চাহ বাগিচাৰ বিষয়া-কৰ্মচাৰী, বনুৱা আৰু কৰ্মীসকলে "হৰ ঘৰ তিৰংগা" কাৰ্যসূচীৰ সজাগতা অভিযান চলায় ।

ঘৰে ঘৰে উৰুৱাও ৰাষ্ট্ৰীয় পতাকা !
গোলাঘাট জিলাৰ জামুগুৰি আৰু ৱকা চাহ বাগিচাত আজি চাহ বাগিচাৰ বিষয়া-কৰ্মচাৰী, বনুৱা আৰু কৰ্মীসকলে "হৰ ঘৰ তিৰংগা" কাৰ্যসূচীৰ সজাগতা অভিযান চলায় ।

NORTHEAST NEWS INDIA

আজিৰে পৰা ১৫ আগষ্টলৈ আহক আমি ঘৰে ঘৰে উৰুৱাও ৰাষ্ট্ৰীয় পতাকা !গোলাঘাট জিলাৰ দক্ষিণ হেঙেৰা চাহ বাগিচাত "হৰ ঘৰ তিৰংগা" কাৰ্যসূচীৰ সজাগতা অভিযান আৰু পতাকা উত্তোলনৰ কেইটামান দৃশ্য ।

আজিৰে পৰা ১৫ আগষ্টলৈ আহক আমি ঘৰে ঘৰে উৰুৱাও ৰাষ্ট্ৰীয় পতাকা !
গোলাঘাট জিলাৰ দক্ষিণ হেঙেৰা চাহ বাগিচাত "হৰ ঘৰ তিৰংগা" কাৰ্যসূচীৰ সজাগতা অভিযান আৰু পতাকা উত্তোলনৰ কেইটামান দৃশ্য ।

NORTHEAST NEWS INDIA

গোলাঘাট জিলাৰ আঠাবাৰী চাহ বাগিচাতো "হৰ ঘৰ তিৰংগা" কাৰ্যসূচীৰ সজাগতা অভিযান চলোৱা হয় ।

গোলাঘাট জিলাৰ আঠাবাৰী চাহ বাগিচাতো "হৰ ঘৰ তিৰংগা" কাৰ্যসূচীৰ সজাগতা অভিযান চলোৱা হয় ।

NORTHEAST NEWS INDIA

হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ অংশৰূপে মৰঙী উন্নয়ন খণ্ডৰ ফলঙনী গাওঁ পঞ্চায়তৰ অন্তৰ্গত কৌৱানী পথাৰ অসম আদৰ্শ গাঁৱত আজি এটা সৰ্বধৰ্ম সাংস্কৃতিক শোভাযাত্ৰা

১৩ আগষ্ট ২০২২ঃ ৭৬সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ অংশৰূপে মৰঙী উন্নয়ন খণ্ডৰ ফলঙনী গাওঁ পঞ্চায়তৰ অন্তৰ্গত কৌৱানী পথাৰ অসম আদৰ্শ গাঁৱত আজি এটা সৰ্বধৰ্ম সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । মৰঙীৰ খণ্ড উন্নয়ন বিষয়া শ্ৰী নিপজ্যোতি পাটিৰি, বগীজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰী বকুল চেতিয়া, ফলঙনী গাঁও পঞ্চায়তৰ সভাপতি শ্ৰী কন্দৰ্প গগৈ তথা পঞ্চায়তৰ বিষয়ববীয়াসকলৰ লগতে কৌৱানী পথাৰৰ গাঁওপ্ৰধান শ্ৰী ইয়োব বিলুং আৰু ৰাইজে এই শোভাযাত্ৰাত অংশ লয় । শোভাযাত্ৰাত গায়ন বায়ন, আদীবাসী নৃত্য আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰা হয় ।

NORTHEAST NEWS INDIA

জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অসম য়ুথ অলিম্পিক, ২০২২ত পদক প্ৰাপকসকলক সম্বৰ্ধনা জ্ঞাপন

১৩ আগষ্ট ২০২২ঃ  গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আজি জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অসম য়ুথ অলিম্পিক, ২০২২ত পদক প্ৰাপকসকলক সম্বৰ্ধনা জ্ঞাপন কৰা কৰা হয় । এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিভিন্ন শিতানত জিলাখনৰ পৰা ৫৫টা পদক লাভ কৰা খেলুৱৈসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানত জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱা, অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰ, জিলা ক্ৰীড়া বিষয়া শ্ৰীযুতা ছেমি শইকীয়া, গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডাঃ অজিত বৰুৱা, জিলা ক্ৰীড়া সন্থাৰ সম্পাদক শ্ৰী সঞ্জীৱ সন্দিকৈ, উপ-সভাপতি শ্ৰী‌ দীনেশ গগৈ আৰু ডঃ নৃপেন বৰুৱা আৰু ভালেসংখ্যক গন্যমান্য ব্যক্তি, খেলুৱৈ, অভিভাৱক আৰু ৰাইজে অংশগ্ৰহন কৰে । অনুষ্ঠানৰ সৈতে সংগতি ৰাখি স্বাধীনতাৰ অমৃত মহোৎসৱ আৰু হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশৰূপে গোলাঘাট নগৰত এটা সজাগতামূলক পদযাত্ৰাও উলিওৱা হয় ।

NORTHEAST NEWS INDIA

পদুমণিৰ উদ্যোগত আজি উন্নয়ন খণ্ড কাৰ্যালয়ৰ পৰা হৰ ঘৰ তিৰঙ্গা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এটা সমদল

১৩ আগষ্ট ২০২২ঃ  গোলাঘাট পূব উন্নয়ন খণ্ড ও আঞ্চলিক পঞ্চায়ত, পদুমণিৰ উদ্যোগত আজি উন্নয়ন খণ্ড কাৰ্যালয়ৰ পৰা হৰ ঘৰ তিৰঙ্গা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এটা সমদল উলিওৱা হয় । অতিৰিক্ত উপায়ুক্ত শ্ৰী কুলদীপ হাজৰিকাই সমদলটো আনুষ্ঠানিকভাবে মুকলি কৰে । সমদলত আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শ্ৰীযুতা অঞ্জুমনি সন্দিকৈ বৰা, গোলাঘাট পূব উন্নয়ন খণ্ডৰ উন্নয়ন খণ্ড বিষয়া শ্ৰী ৰামচন্দ্ৰ দেউৰী আৰু আত্মসহায়ক গোটৰ মহিলাসকলে অংশ লয় ।

NORTHEAST NEWS INDIA

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...