Friday, 12 August 2022
Thursday, 11 August 2022
গোলাঘাটত 'হৰ ঘৰ তিৰংগা' কাৰ্যসূচীৰ অধীনত চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত কুইজ প্ৰতিযোগিতা সম্পন্ন
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩২০/২০২২
গোলাঘাট, ১১ আগষ্ট ২০২২ : স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি গ্ৰহণ কৰা 'হৰ ঘৰ তিৰংগা' কাৰ্যসূচীৰ অংশৰূপে আজি গোলাঘাট চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, গোলাঘাটৰ উদ্যোগত গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় । ছখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত গোলাঘাটৰ দণ্ডধৰ গাৰ্লছ হাইস্কুলৰ দলটোৱে প্ৰথম স্থান, টাউন হিন্দী হাইস্কুলৰ দলটোৱে দ্বিতীয় স্থান আৰু কুশল কোঁৱৰ বাল্য ভৱনৰ দলটোৱে তৃতীয় পুৰস্কাৰ লাভ কৰে । গোলাঘাটৰ সহকাৰী আয়ুক্ত শ্ৰী অম্লান ফুকনে কুইজ মাষ্টৰ হিচাপে অংশগ্ৰহন কৰা প্ৰতিযোগিতাখনত প্ৰতিটো বিজয়ী দলৰ ছাত্ৰ-ছাত্ৰীক একোটা ট্ৰফি, তিৰংগা পতাকা আৰু একোখন প্ৰমাণপত্ৰ প্ৰদান কৰা হয় । অনুষ্ঠানত চক্ৰ বিষয়া শ্ৰীযুতা পাপৰি দাস, চক্ৰ বিষয়া (স) শ্ৰী ছত্রজিত নেওগ, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া শ্ৰী ৰণি ৰাজকুমাৰ, বিদ্যালয়খনৰ প্ৰধান শিক্ষক শ্ৰী ৰাজেন বৰা আৰু শিক্ষক, ছাত্ৰ-ছাত্ৰী তথা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Wednesday, 10 August 2022
Tuesday, 9 August 2022
*গোলাঘাটত 'হৰ ঘৰ তিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক সমদল**সজাগতামূলক গীত আৰু ছেলফি পইন্ট মুকলি উপায়ুক্তৰ*
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩১৯/২০২২
*গোলাঘাটত 'হৰ ঘৰ তিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক সমদল*
গোলাঘাট, ৯ আগষ্ট : 'হৰ ঘৰ তিৰংগা' কাৰ্যসূচীৰ অংশৰূপে গোলাঘাট জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ উদ্যোগত আজি গোলাঘাটৰ জোনাকী নগৰত থকা জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কাৰ্যালয়ৰ পৰা গোলাঘাট জেনেৰেল ফিল্ডলৈকে এটা সজাগতা সমদল উলিওৱা হয়। উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই এই সমদল পতাকা জোকাৰি মুকলি কৰাৰ লগতে হাতত পতাকা লৈ খোজকাঢ়ি সমদলটোত অংশগ্ৰহণ কৰে । তেওঁ সমদলটো মুকলি কৰি সকলোকে অহা ১৩ৰ পৰা ১৫ আগষ্টলৈকে ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে পতাকাখনৰ গৰিমা আৰু গৌৰৱক গভীৰভাবে উপলব্ধি কৰাৰ এয়াই সময় । তেওঁ আত্মসহায়ক গোটৰ মহিলাসকলে নিৰ্ধাৰণ কৰা ডেৰ লাখ পতাকা প্ৰস্তুতকৰণৰ লক্ষ্যত ইতিমধ্যে উপনীত হোৱাৰ বিষয়টোক লৈ সন্তুষ্টি প্ৰকাশ কৰে । আত্মসহায়ক গোটৰ মহিলাসকলৰ দিবা-নৈশ প্ৰয়াসৰ তেওঁ শলাগ লয় । অনুষ্ঠানত জিলা প্ৰশাসনৰ উদ্যোগত আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ সহযোগত প্ৰস্তুত কৰা এটি সজাগতামূলক গীতো মুকলি কৰা হয়। ' ঘৰে ঘৰে পতাকা উৰে ' শীৰ্ষক গীতটিৰ সামগ্ৰিক পৰিকল্পনা মাধুৰ্য প্ৰসাদ বৰাৰ, কথা পাপু কলিতাৰ, সুৰ দুলুমণি শইকীয়াৰ আৰু সংগীত প্ৰাঞ্জল বৰাৰ । গীতটি গাইছে জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ আৰু ডৰথী বৰদলৈয়ে । আজিৰ সমদলত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ জিলা প্ৰকল্প প্ৰবন্ধক মাধুৰ্য প্ৰসাদ বৰা, আৰচেটিৰ সঞ্চালক চিন্ময়জ্যোতি গোহাঁই, উন্নয়ন খণ্ড বিষয়াসকল আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সখীসকলে অংশ লয় ।
এই কাৰ্যসূচীৰ পিছতেই জিলা প্ৰশাসনৰ উদ্যোগত গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশৰূপে এটা ছেলফি পইন্ট মুকলি কৰা হয় । উপায়ুক্তগৰাকীয়ে এই ছেলফি পইন্টটো মুকলি কৰে । অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত উপায়ুক্তসকল আৰু উপায়ুক্তৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
ঘৰে ঘৰে পতাকা উৰে
'হৰ ঘৰ তিৰংগা' কাৰ্যসূচীৰ অংশৰূপে গোলাঘাট জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ উদ্যোগত মুকলি কৰা হৈছে এটি সজাগতামূলক গীত " ঘৰে ঘৰে পতাকা উৰে
... " । স্বাধীনতাৰ অমৃত মহোৎসৱত আহক আমি ১৩ ৰ পৰা ১৫ আগষ্টলৈ ৰাষ্ট্ৰীয় গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আমাৰ পতাকাৰ গৰিমাক আৰু অধিক গভীৰভাবে অনুধাৱন কৰোঁ । ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি এইয়া হ'ব আমাৰ দায়িত্ব আৰু প্ৰতিশ্ৰুতিবদ্ধতা ।
NORTHEAST NEWS INDIA
Subscribe to:
Posts (Atom)
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...