Wednesday, 3 August 2022

গোলাঘাট জিলাত স্বাধীনতা দিৱসৰ পূৰ্বে আৱৰ্জনা নিষ্কাষণ আৰু এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ ৰোধ কৰাৰ বাবে নিৰিক্ষণ আৰু অভিযান চলোৱাৰ নিৰ্দেশ

জনসংযোগ গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং : ৩১৩/২০২২

*গোলাঘাট জিলাত স্বাধীনতা দিৱসৰ পূৰ্বে আৱৰ্জনা নিষ্কাষণ আৰু এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ ৰোধ কৰাৰ বাবে নিৰিক্ষণ আৰু অভিযান চলোৱাৰ নিৰ্দেশ*

গোলাঘাট, ৩ আগষ্ট : গোলাঘাট জিলাত সমাগত স্বাধীনতা দিৱসৰ কাৰ্যসূচী সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনে প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা (সংশোধনী) বিধি, ২০২১ কঠোৰভাবে বলৱৎ কৰাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে এটা নিৰ্দেশনা জাৰি কৰিছে । সেই অনুসৰি জিলা দণ্ডাধীশে জিলাখনৰ সকলো ঠাইতে পথৰ কাষত থকা দোকান, পথৰ কাষৰ ব্যৱসায়, শ্বপিং কমপ্লেক্স, দৈনিক বজাৰ এলেকা আদিৰ চৌপাশে থকা আৱৰ্জনা আঁতৰ কৰা, পৰিষ্কাৰ কৰা আৰু নিষ্কাষণ আদি বিষয়সমূহ নিৰিক্ষণ কৰাৰ লগতে ৭৫ মাইক্ৰণৰ তলৰ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ, বিক্ৰী, মজুতকৰণ আৰু বিতৰণৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা পালন কৰা হৈছেনে নাই এই বিষয়েও নিৰিক্ষণ তথা অভিযান চলাবলৈ চক্ৰ বিষয়াসকল, মেৰাপানী ডি ছেক্টৰৰ সীমান্ত দণ্ডাধীশ, আটাইকেইখন পৌৰ সভাৰ অধ্যক্ষ আৰু উন্নয়ন খণ্ড বিষয়াসকলক নিৰ্দেশ দিছে । জিলা দণ্ডাধীশে জাৰি কৰা নিৰ্দেশনাটোত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকক এই সন্দৰ্ভত সংশ্লিষ্ট থানা আৰু আৰক্ষী চকীৰ বিষয়াসকলক নিৰ্দেশ দিবলৈ আহ্বান জনোৱা হৈছে । বিষয়াসকলক সংশ্লিষ্ট থানা বা আৰক্ষী চকীৰ সহযোগত পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখি সময়ে সময়ে জিলা দণ্ডাধীশগৰাকীক অৱগত কৰিবলৈ নিৰ্দেশনাটোত কোৱা হৈছে । 
        
 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

सुप्रभात

Tuesday, 2 August 2022

গোলাঘাটত স্বাধীনতা দিৱস উদ্‌যাপনৰ প্ৰস্তুতি সভা সম্পন্ন

জনসংযোগ গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং : ৩১২/২০২২

*গোলাঘাটত স্বাধীনতা দিৱস উদ্‌যাপনৰ প্ৰস্তুতি সভা সম্পন্ন*

*ৰাষ্ট্ৰীয় পতাকা কোনো কাৰণতে যাতে ৰাস্তাত পৰি নাথাকে অথবা দুৰ্ব্যৱহাৰ নহয় তাৰ বাবে জনসাধাৰণক সতৰ্ক হ'বলৈ আহ্বান উপায়ুক্তৰ*

*ৰাষ্ট্ৰীয় পতাকা ক্ৰয় কৰিবলৈ অসমৰ্থ দুখীয়া লোকসকলক পতাকা উপহাৰ দিয়ক : উপায়ুক্ত*

গোলাঘাট, ২ আগষ্ট : গোলাঘাট জিলাৰ সদৰত সমাগত স্বাধীনতা দিৱস উদ্‌যাপনৰ প্ৰস্তুতি সম্পৰ্কত আজি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় ৷ জিলা প্ৰশাসনৰ বিষয়া, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ উপৰি আৰক্ষী প্ৰশাসন, অদ্ধৰ্সামৰিক বাহিনীৰ প্ৰতিনিধি, বেচৰকাৰী সামাজিক দল-সংগঠন, নেতৃস্থানীয় ব্যক্তিৰ উপস্থিতিত আয়োজিত এই সভাত সমাগত স্বাধীনতা দিৱস উদযাপন সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয় ৷ ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যোৱাবাৰ বহুখিনি সীমাবদ্ধতাৰ মাজত স্বাধীনতা দিৱস পালন কৰা হৈছিল যদিও এইবেলি স্বাধীনতা দিৱসটি পূৰ্বৰ বছৰবোৰৰ দৰেই বিভিন্ন কাৰ্যসূচীৰ মাজেৰে আয়োজন কৰা হ’ব বুলি উপায়ুক্তগৰাকীয়ে মত প্ৰকাশ কৰে । আনহাতে, স্বাধীনতা দিৱস উদযাপন সাফল্যমণ্ডিত কৰাৰ বাবে সময়মতে প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ অৰ্থে বিভিন্ন বিভাগক নিজৰ নিজৰ দায়িত্বসমূহ আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয় ৷

সভাত উপায়ুক্তগৰাকীয়ে স্বাধীনতাৰ ৭৫ বছৰীয়া পুৰ্তি উপলক্ষে গ্ৰহণ কৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচী সফল কৰাৰ বাবে প্ৰতিটো বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু জনসাধাৰণক ১৩ ৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে তিৰংগা পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় । পতাকা কেৱল প্ৰদৰ্শন কৰিলে অৰ্থাৎ আঁৰি বা ওলোমাই থ'লে ১৩ আৰু ১৪ আগষ্টত অৱনমন কৰিব নালাগে যদিও ১৫ আগষ্টৰ সূৰ্যাস্তৰ পূৰ্বে নমাই থ'ব লাগিব । আনহাতে পতাকা উত্তোলন কৰিলে আটাইকেইটা দিনতে সূৰ্যাস্তৰ আগেয়ে অৱনমন কৰিব লাগিব বুলি তেওঁ কয় । ৰাষ্ট্ৰীয় পতাকা কোনো কাৰণতে যাতে ৰাস্তাত পৰি নাথাকে অথবা দুৰ্ব্যৱহাৰ নহয় তাৰ বাবে জনসাধাৰণক সতৰ্ক হ'বলৈ আৰু তেনে অৱস্থাত পতাকা দেখা পালে পৌৰসভাৰ কাৰ্যালয় অথবা চক্ৰ বিষয়াৰ কাৰ্যালয়ত জমা দিবলৈ আহ্বান জনায় । তেওঁ লগতে যিসকল বিষয়া-কৰ্মচাৰী অথবা নাগৰিকৰ সামৰ্থ আছে তেওঁলোকক, পতাকা ক্ৰয় কৰিবলৈ অসমৰ্থ দুখীয়া লোকসকলক ৰাষ্ট্ৰীয় পতাকা উপহাৰ দিবলৈ আহ্বান জনায় । ই এটা মহৎ কৰ্ম হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে সমাজৰ প্ৰতিজন লোকে ইয়াত ভাগ ল'লেহে হৰ ঘৰ তিৰংগা কাৰ্যসূচী সফল হ'ব । আনহাতে চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলকো তেওঁ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় । তেওঁ লগতে কয় যে গোলাঘাট জিলাত আত্মসহায়ক গোটসমূহে প্ৰায় ডেৰ লাখ তিৰংগা পতাকা প্ৰস্তুত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । ইতিমধ্যে এক লাখ পতাকা প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰে ৭০ শতাংশ বিক্ৰী হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে মহিলা সবলীকৰণৰ দিশত ই এটা ভাল খবৰ ।

উপায়ুক্তগৰাকীয়ে কয় যে এইবাৰো স্বাধীনতা দিৱসৰ কাৰ্যসূচীত আৰক্ষী, অৰ্ধসামৰিক বাহিনী, এন চি চি আৰু ছাত্ৰ-ছাত্ৰীৰ কুচকাৱাজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । লগতে বিভিন্ন বিভাগৰ প্ৰতীকপট প্ৰদৰ্শন কৰা হ'ব । চিকিৎসালয়, কাৰাগাৰ, বৃদ্ধাশ্রম আদিত বিভিন্ন কাৰ্যসূচী লোৱাৰ লগতে স্বাধীনতা দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত অনলাইন ৰচনা লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাত আৰক্ষী অধীক্ষক সুমিত শৰ্মাই স্বাধীনতা দিৱসত যাতে আইন-শৃংখলা পৰিস্থিতি অটুট থাকে তাৰ বাবে ৰাইজক কোনো সন্দেহজনক বিষয় দৃষ্টিগোচৰ হ'লে আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনায় । তেওঁ হৰ ঘৰ তিৰংগা কাৰ্যসূচী সফল কৰাৰ বাবে সকলোকে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় ।

সভাত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, চি আৰ পি এফৰ ১৪২ বেটেলিয়নৰ চেকেণ্ড ইন কমাণ্ড এছ চি ভৰদ্বাজ, পৌৰসভাৰ অধ্যক্ষ দুলুমণি বৰবৰা, বিশিষ্ট লেখক ডাঃ অজিৎ বৰুৱা, অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ নৃপেন বৰুৱা, শ্বহীদ কেপ্টেইন জিণ্টু গগৈৰ পিতৃ অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়া ঠগীৰাম গগৈ, জ্যেষ্ঠ সাংবাদিক দ্বীপেন দত্ত, জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু ভালেমান বিশিষ্ট ব্যক্তি, জ্যেষ্ঠ নাগৰিক আৰু মুক্তিযুঁজাৰু পৰিয়ালৰ ব্যক্তি উপস্থিত আছিল । 
        
 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...