Monday, 25 July 2022
Sunday, 24 July 2022
কেশৱ বৰাৰ কোচ ৰজা নৰনাৰায়ণ বুৰঞ্জীমূলক গ্ৰন্থ খন উন্মোচন
24 July, 2022 : আজি দিনৰ 2 বজাত নগাঁও চহৰৰ কলঙপাৰ মহাবিদ্যালয়ৰ প্ৰাঙগনত সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত ৰঙা জিঞাৰ সদৰ শাখাৰ সহযোগত লেখক কেশৱ বৰাৰ কোচ ৰজা নৰনাৰায়ণ বুৰঞ্জীমূলক গ্ৰন্থ খন উন্মোচন কৰা হয়। উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ মুখপত্ৰ ৰ সম্পাদক কৱি মদাৰজ্যোতি দেৱে। ইয়াৰ উপৰিও অশোক ৰাম ভট্টাচাৰ্যৰ কুঁৱলীৰ আৱৰন ঠেলি কবিতা পুথি খন উন্মোচন কৰে ৰামধেনু যুগৰ বিশিষ্ট গল্পকাৰ ভদ্ৰেশ্বৰ ৰাজখোৱা দেৱে ।সভাত চাৰিকুৰি অধিক কবি সাহিত্যিক সকলে কবিতা পাঠ কৰে।
NORTHEAST NEWS INDIA
Saturday, 23 July 2022
Friday, 22 July 2022
গোলাঘাট জিলাত গাহৰি মাংসৰ বিক্ৰীত নিষেধাজ্ঞা
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩০৪/২০২২
গোলাঘাট, ২২ জুলাই : গোলাঘাট জিলাৰ পূব উন্নয়ন খণ্ড, পদুমনিৰ অন্তৰ্গত বৰকছাৰী গাঁৱক অসম চৰকাৰে আফ্ৰিকান ছোৱাইন ফ্লুৰ অভিকেন্দ্ৰ হিচাপে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত তথা জিলাখনৰ অন্য ঠাইলৈ এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটাৰ আশঙ্কা কৰি অতিৰিক্ত জিলা দণ্ডাধীশ কুলদীপ হাজৰিকাই ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে । সেই অনুসৰি গোলাঘাট জিলাৰ দৈনিক/সাপ্তাহিক বজাৰসমূহকে ধৰি কোনো ঠাইত গাহৰি, গাহৰিৰ পোৱালী, গাহৰিৰ মাংস আৰু অন্য গাহৰিৰ মাংসৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ ঘোষণা কৰা হৈছে । ৰাষ্ট্ৰীয় ঘাইপথৰ বাহিৰে গাহৰিৰ মাংস আৰু গাহৰিৰ পোৱালী জিলাখনৰ ভিতৰত অথবা আন্তঃজিলা সৰবৰাহ নিষিদ্ধ কৰা হৈছে । পথ, পথাৰ আৰু ব্যক্তিগত অথবা ৰাজহুৱা অন্য মুকলি ঠাইত গাহৰি আৰু গাহৰিৰ পোৱালী চৰি ফুৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । গাহৰিৰ মৃতদেহ মুকলি ঠাই, পথাৰ, নদী, হ্ৰদ আদিত পেলাব নোৱাৰিব । কোনো লোকে ৰোগত আক্ৰান্ত হৈ গাহৰিৰ মৃত্যু হোৱা অথবা গাহৰিৰ দেহত ছোৱাইন ফ্লুৰ লক্ষণ দেখা পালে সেই তথ্য জিলা প্ৰশাসন আৰু পশু চিকিৎসা বিভাগৰ পৰা গোপনে ৰাখিব নোৱাৰিব । আজিৰে পৰা ২২ আগষ্টলৈকে কাৰ্যকৰী হোৱাকৈ এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে । এই নিৰ্দেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Thursday, 21 July 2022
গোলাঘাট পৌৰসভাৰ অনলাইন কৰ ব্যৱস্থাৰ শুভাৰম্ভ কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে**ছেপ্টেম্বৰ মাহৰ পৰা গোলাঘাটত আৰম্ভ হ'ব গেছ পাইপলাইনৰ কাম*
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩০২/২০২২
*গোলাঘাট পৌৰসভাৰ অনলাইন কৰ ব্যৱস্থাৰ শুভাৰম্ভ কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে*
গোলাঘাট, ২১ জুলাই : অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাট পৌৰসভাৰ কাৰ্যালয়ৰ সভাকক্ষত অনলাইন ব্যৱস্থাৰে সম্পত্তি কৰ আদায় দিব পৰা এটা পৰ্টেল আৰু পৌৰ সভাৰ একাউণ্টিং পৰ্টেল এটা মুকলি কৰে । এই ব্যৱস্থাৰ দ্বাৰা এতিয়াৰে পৰা পৌৰসভা এলেকাৰ বাসিন্দাসকলে অনলাইন ব্যৱস্থাৰে সম্পত্তি কৰ, পানীৰ কৰ আদি আদায় দিয়াৰ লগতে বাণিজ্যৰ অনুজ্ঞাপত্ৰ (ট্ৰেড লাইচেন্স) লাভ কৰিব পাৰিব । পৌৰ সভা ই-প্ৰশাসন ব্যৱস্থাৰ অধীনত ছফ্ট থিংক নামৰ প্ৰতিষ্ঠানে এই পৰ্টেল বিকশিত কৰিছে । অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে কৰ ব্যৱস্থাটোত থকা আঁসোৱাহসমূহ দূৰ কৰাৰ উদ্দেশ্যে তথা ৰাইজে যাতে প্ৰকৃত সেৱা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰাৰ বাবে এই সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে । বিশেষকৈ বাণিজ্যৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ ক্ষেত্ৰত জনসাধাৰণে সন্মুখীন হোৱা সমস্যাসমূহ এতিয়া দূৰ হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে । অনলাইন ব্যৱস্থা এটা স্বচ্ছ ব্যৱস্থা বুলি উল্লেখ কৰি সকলোকে অনলাইন সেৱা গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায় । প্ৰসংগক্ৰমে তেওঁ ৰাজ্য চৰকাৰৰ মিছন বসুন্ধৰা-১ আৰু মিছন সদ্ভাৱনাৰ সাফল্যৰ কথা উল্লেখ কৰে । তেওঁ কয় যে ইয়াৰ দ্বাৰা চৰকাৰী ব্যৱস্থাসমূহৰ সৰলীকৰণ হ'ব আৰু ৰাইজ বহুলভাবে উপকৃত হ'ব । গোলাঘাট পৌৰ সভাখনক সমগ্ৰ জিলাখনৰ এক দাপোন বুলি উল্লেখ কৰি তেওঁ বাট-পথ, নলা-নৰ্দমা নিৰ্মাণ কৰোঁতে জনসাধাৰণক সংশ্লিষ্ট বিভাগ তথা পৌৰ সভাক সহযোগ কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে অহা ছেপ্টেম্বৰ মাহৰ পৰা পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ কাম আৰম্ভ হ'ব । তেওঁ লগতে কয় যে ইতিমধ্যে অসম গেছ কোম্পানীৰ সৈতে তেওঁ কথা পাতিছে আৰু ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহতে অসম গেছ কোম্পানীৰ সৈতে বৈঠক অনুষ্ঠিত হ'ব । তেওঁলোকে ছেপ্টেম্বৰ মাহৰ পৰাই গেছ পাইপলাইনৰ কাম আৰম্ভ কৰিব বুলি ইতিমধ্যে জনাইছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে । তেওঁ পুনৰ কয় যে পৌৰ সভাসমূহলৈ পুঁজিৰ যোগান তথা পুঁজিৰ উৎস আগতীয়াকৈ নিৰ্ধাৰণ কৰি পৌৰ কৰ্মীসকলক অনিশ্চয়তাৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে এখন আইন অনা হ'ব । আনহাতে বাৰিষাৰ পিছতেই যমুনা পুখুৰী পৰিষ্কাৰ কৰি পানী যোগান ব্যৱস্থাৰ কাম আৰম্ভ কৰা হ'ব বুলিও তেওঁ কয় ।
আজিৰ অনুষ্ঠানত ছফ্ট থিংকৰ মুৰব্বী জয়ন্ত কুমাৰ সাহাই এই পৰ্টেলৰ দ্বাৰা জনসাধাৰণ কেনেকৈ উপকৃত হ'ব এই বিষয়ে বিতংভাবে বৰ্ণনা আগবঢ়ায় । তেওঁ কয় যে নিজৰ মোবাইল ফোনতেই জনসাধাৰণে পৌৰ সভাৰ কৰ আদায় দিব পাৰিব আৰু বাণিজ্য অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰিব । ই এটা অতি সৰল প্ৰক্ৰিয়া বুলি তেওঁ উল্লেখ কৰে । অনুষ্ঠানত গোলাঘাট পৌৰ সভাৰ কাৰ্যবাহী বিষয়া ডঃ সংগীতা বৰঠাকুৰ পৌৰ সভাৰ সভানেত্ৰী দুলুমনি বৰবৰা, উপ সভাপতি সীমান্ত বৰা, ৱাৰ্ড কমিছনাৰসকল আৰু পৌৰ সভাৰ কৰ্মচাৰীসকল উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Subscribe to:
Posts (Atom)
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...