জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩০২/২০২২
*গোলাঘাট জিলাত চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলক মজুৰি ক্ষতিপূৰণ আঁচনিৰ দ্বাৰা সামৰি লোৱাৰ উদ্দেশ্যে আৰম্ভ হ'ল 'প্ৰজেক্ট মাদল'*
গোলাঘাট, ২১ জুলাই : গোলাঘাট জিলাৰ কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত চকীটিং চাহ বাগিছাৰ চৌহদত আজি জিলা প্ৰশাসন, জিলা স্বাস্থ্য সমিতি আৰু সক্ষম, পিৰামল স্বাস্থ্যৰ উদ্যোগত চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ বাবে 'প্ৰজেক্ট মাদল' শীৰ্ষক এটা কাৰ্যসূচী মুকলি কৰা হয় । জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । নিজৰ উদ্বোধনী ভাষণত তেওঁ কয় যে চাহ বাগিছাৰ গৰ্ভৱতী মহিলাসকলৰ বাবে ৰাজ্য চৰকাৰে বহু অভিলাষী আঁচনি গ্ৰহণ কৰিছে । কিন্তু সজাগতাৰ অভাৱত এইসকল মহিলা বিভিন্ন কল্যাণকামী আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে । বিশেষকৈ গৰ্ভৱতী মহিলাসকলৰ আধাৰ কাৰ্ডকে ধৰি প্ৰয়োজনীয় নথি আৰু বেংক একাউণ্ট নথকাৰ ফলত তেওঁলোকে চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহৰ দ্বাৰা উপকৃত হ'ব নোৱাৰাটো অতি দুখৰ বিষয় বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে সজাগতাৰ অভাৱত যাতে কোনো মহিলা বঞ্চিত হ'বলগীয়া নহয় সেয়া সুনিশ্চিত কৰাৰ উদ্দেশ্যে গোলাঘাট জিলা প্ৰশাসনে এই মাদল প্ৰকল্প গ্ৰহণ কৰিছে । উপায়ুক্তগৰাকীয়ে কয় যে ইয়াৰ উদ্দেশ্য হ'ল চাহ বাগিছাৰ গৰ্ভৱতী মাতৃসকলে যাতে গৰ্ভাৱস্থাৰ সময়ছোৱাত চৰকাৰৰ মজুৰি ক্ষতিপূৰণ আঁচনিৰ দ্বাৰা উপকৃত হ'ব পাৰে তাৰ বাবে তেওঁলোকৰ আধাৰ কাৰ্ডকে ধৰি প্ৰয়োজনীয় নথি-পত্ৰসমূহ প্ৰস্তুত কৰোৱা আৰু বেংক একাউণ্টৰ ব্যৱস্থা কৰা । বৰ্তমান চকীটিং চাহ বাগিছাত আৰম্ভ কৰা এই মাদল প্ৰকল্প পৰৱৰ্তী সময়ত সমগ্ৰ জিলাতে ৰূপায়ন কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে । জুলাই মাহৰ ভিতৰতে দক্ষিণহেঙেৰা, বৰজান আৰু উষা চাহ বাগিচাতো এই প্ৰকল্প ৰূপায়ন কৰা হ'ব বুলি তেওঁ কয় । বাগানৰ মহিলা সকলে বাগানৰ পৰা ওলাই যাবলৈ বহু সময়ত পোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বাগিছাখনতে আধাৰ কেন্দ্ৰ স্থাপন কৰাৰ লগতে বেংক একাউণ্ট খোলাৰ বাবে বেংক মিত্ৰসকল আহি উপস্থিত হৈছে বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে নথি-পত্ৰ আৰু বেংক একাউণ্ট হ'লে কেৱল মজুৰি ক্ষতিপুৰণ আঁচনিয়ে নহয়, তেওঁলোকৰ বাবে থকা চৰকাৰৰ প্ৰতিখন আঁচনিৰ দ্বাৰাই উপকৃত হব পাৰিব । তেওঁ লগতে ক'ভিডৰ বিৰুদ্ধে শক্তিশালীভাবে যুঁজ দিব পৰাকৈ সকলোকে ইয়াৰ প্ৰতিষেধকৰ সুৰক্ষাসূচক পালি ল'বলৈ আহ্বান জনায় ।
উল্লেখযোগ্য যে অসমৰ চাহ বাগিছাৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনিৰ অধীনত চাৰিটা কিস্তিত মুঠ ১২,০০০ টকা আগবঢ়োৱা হয় । এই আঁচনিৰ অধীনত জননী সুৰক্ষা যোজনাৰ সুবিধাসমূহো অন্তৰ্ভুক্ত কৰা হয় । গৰ্ভাৱস্থাৰ আগতীয়া পঞ্জীয়ন আৰু প্ৰথম ত্ৰিমাসিকৰ ভিতৰত এ এন চি কৰালে প্ৰথম কিস্তিৰ ধন লাভ কৰিব পাৰিব । আজি বাগিছাখনৰ ৩০ গৰাকী গৰ্ভৱতী আৰু নৱবিবাহিত দম্পতীৰ পঞ্জীয়ন নোহোৱা মহিলাৰ পঞ্জীয়নৰ ব্যৱস্থা কৰা হয় । আজিৰ অনুষ্ঠানত স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত, সহকাৰী শ্ৰম আয়ুক্ত তিলোত্তমা দেউৰী, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ জিলা প্ৰকল্প প্ৰবন্ধক, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাটৰ জিলা প্ৰকল্প প্ৰবন্ধক, চকীটিং চাহ বাগিছাৰ প্ৰবন্ধক, চিকিৎসক, স্বাস্থ্য বিষয়া, বেংকৰ প্ৰতিনিধি, পঞ্চায়ত প্ৰতিনিধি, সক্ষম, পীৰামল স্বাস্থ্যৰ সদস্যসকল, আটছা আৰু অসম চাহ মজদুৰ সংঘৰ প্ৰতিনিধি, আশা, অংগনৱাড়ী কৰ্মী, জীৱিকা সখী আৰু স্থানীয় ভালেসংখ্যক লোক উপস্থিত আছিল । কাৰ্যসূচীৰ অংশৰূপে এখন বাটৰ নাটো প্ৰদৰ্শন কৰা হয় ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA