Thursday, 14 July 2022

*'আজাদি চে অন্ত্যেদয়া টক' অভিযানৰ অধীনত শ্বহীদ কুশল কোঁৱৰৰ জন্মস্থান গন্ধকৰৈত শ্বহীদগৰাকীৰ পৰিয়ালৰ লোকক সম্বৰ্ধনা, স্বচ্ছতা অভিযান*

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ২৯৬/২০২২

*'আজাদি চে অন্ত্যেদয়া টক' অভিযানৰ অধীনত শ্বহীদ কুশল কোঁৱৰৰ জন্মস্থান গন্ধকৰৈত শ্বহীদগৰাকীৰ পৰিয়ালৰ লোকক সম্বৰ্ধনা, স্বচ্ছতা অভিযান*

গোলাঘাট, ১৪ জুলাই : 'আজাদি চে অন্ত্যেদয়া টক' অভিযানৰ অংশৰূপে আজি গোলাঘাট জিলা গ্ৰামোন্নয়ন অভিকৰণ আৰু গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ উদ্যোগত স্বাধীনতা সংগ্ৰামী শ্বহীদ কুশল কোঁৱৰৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয় । এই উপলক্ষে জিলা গ্ৰামোন্নয়ন অভিকৰনৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়াৰ সভাপতিত্বত শ্বহীদগৰাকীৰ জন্মস্থান গোলাঘাট জিলাৰ গন্ধকৰৈ গাঁৱত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্জলন কৰাৰ লগতে শ্বহীদ কুশল কোঁৱৰৰ পৰিয়ালৰ লোকসকলক সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানৰ সৈতে সংগতি ৰাখি স্বচ্ছ আৰু সেউজ গাঁও অভিযানৰ অধীনত এটা স্বচ্ছতা অভিযান চলোৱা হয় । আনহাতে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগতো শ্বহীদ কুশল কোঁৱৰৰ পৰিয়ালৰ লোকসকলক সম্বৰ্ধনা জনোৱাৰ লগতে এটা পশু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয় । আজিৰ অনুষ্ঠানত গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ বিষয়া- কৰ্মচাৰীসকল, পঞ্চায়তৰ প্ৰতিনিধি, গন্ধকৰৈ গাঁও পঞ্চায়তৰ কৰ্মচাৰী আৰু ভালেসংখ্যক স্থানীয় ৰাইজ উপস্থিত আছিল ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Assam COVID-19🦠😷 Details 13/07/2022.

Assam COVID-19🦠😷 Details
 13/07/2022.

Tuesday, 12 July 2022

Assam COVID-19🦠😷 Details 11/07/2022.

*অমৃত সৰোবৰ প্ৰকল্পৰ কেন্দ্ৰীয় নডেল বিষয়াৰ গোলাঘাটৰ প্ৰস্তাৱিত প্ৰকল্পস্থলী পৰিদৰ্শন*

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ২৯৫/২০২২

*অমৃত সৰোবৰ প্ৰকল্পৰ কেন্দ্ৰীয় নডেল বিষয়াৰ গোলাঘাটৰ প্ৰস্তাৱিত প্ৰকল্পস্থলী পৰিদৰ্শন* 
গোলাঘাট, ১২ জুলাই : অমৃত সৰোবৰ প্ৰকল্পৰ কেন্দ্ৰীয় নডেল বিষয়া তথা অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ উপ-সচিব মৃত্যুঞ্জয় শৰ্মা আৰু কেন্দ্ৰীয় আভ্যন্তৰীণ জল বোৰ্ডৰ বিজ্ঞানী অৰিজিত মিত্ৰই আজি গোলাঘাট জিলাৰ কেইবাটাও স্থানত প্ৰস্তাৱিত অমৃত সৰোবৰ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয় । দুয়োগৰাকী প্ৰতিনিধিয়ে গোলাঘাট পূব উন্নয়ন খণ্ড পদুমনিৰ অন্তৰ্গত ওৱাটিং, আঠখেলীয়া আৰু কমাৰবন্ধাৰ এই প্ৰকল্প ৰূপায়ন হ'বলগীয়া ৫টা স্থান পৰিদৰ্শন কৰে । তেওঁলোকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জলশক্তি কেন্দ্ৰ এটাও পৰিদৰ্শন কৰে । স্থানসমূহ পৰিদৰ্শন কৰাৰ পিছতেই দুয়োগৰাকী প্ৰতিনিধিয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত এখন সভাত মিলিত হয় । সভাত কেন্দ্ৰীয় নডেল বিষয়াগৰাকীয়ে কয় যে ২০২৩ চনৰ ১৫ আগষ্টৰ ভিতৰত এই প্ৰকল্পৰ সফল ৰূপায়নৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।  মূলতঃ বৰষুণৰ পানীৰ সংৰক্ষণ আৰু সদব্যৱহাৰৰ লক্ষ্যৰে গ্ৰহণ কৰা এই অভিযানৰ দ্বাৰা বিশেষভাবে গোলাঘাট জিলাৰ খৰাংপীড়িত অঞ্চলসমূহ বিশেষভাৱে উপকৃত হ'ব আৰু এই অভিযানৰ দ্বাৰা নিয়োগ সৃষ্টিৰ ব্যাপক সম্ভাৱনা আছে বুলি তেওঁ আশা প্ৰকাশ কৰে । তেওঁ এইক্ষেত্ৰত এনে অঞ্চলসমূহত এই আঁচনি ৰূপায়নত অধিক গুৰুত্ব আৰোপ কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহৰ প্ৰতি আহ্বান জনায় । অনুষ্ঠানত বিজ্ঞানী অৰিজিত মিত্ৰই পাৱাৰপইণ্ট প্ৰেজেণ্টেশ্যনৰ সহায়ত অমৃত সৰোবৰ প্ৰকল্পৰ বিষয়ে বিতংভাবে ব্যাখ্যা আগবঢ়ায় । তেওঁ কয় যে ভৱিষ্যতৰ বাবে পানী সংৰক্ষণৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২৪ এপ্ৰিলত এই অভিযানৰ বিষয়ে ঘোষণা কৰিছিল । ইয়াৰ অধীনত নিৰ্মাণ হ'বলগীয়া প্ৰতিটো পুখুৰীত ১০,০০০ কিউবিক মিটাৰ পানী সংৰক্ষণৰ ক্ষমতা থাকিব । ৰাইজৰ অংশগ্ৰহণ এই অভিযানৰ অন্যতম লক্ষ্য বুলি উল্লেখ কৰি তেওঁ কয় যে স্থানীয় লোকসকলক জল সংৰক্ষণৰ বিষয়ে সজাগ কৰি এই অভিযানৰ অন্তৰ্ভুক্ত কৰিব পাৰিলেহে সফল ৰূপায়ন সম্ভৱ হ'ব । উল্লেখযোগ্য যে গোলাঘাট জিলাৰ ৮টা উন্নয়ন খণ্ডৰ বিভিন্ন এলেকাত ৭৫ টা অমৃত সৰোবৰ পুখুৰী (প্ৰতিটো পুখুৰী এক হেক্টৰকৈ) খন্দাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰা হৈছে । পানী সংৰক্ষণৰ লগতে এই পুখুৰীৰ চৌপাশে সৌন্দৰ্যবৰ্দ্ধনৰো ব্যৱস্থা কৰা হ'ব । 

আজিৰ বৈঠকত জিলা গ্ৰামোন্নয়ন অভিকৰনৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী বিষয়া মাধৱ চন্দ্ৰ নাথ, জিলা মীন উন্নয়ন বিষয়া সীমান্ত কোঁৱৰ, জলসম্পদ বিভাগ, ভূমি সংৰক্ষণ বিভাগ আৰু বিভিন্ন বিভাগৰ বিষয়াসকল, উন্নয়ন খণ্ড বিষয়াসকল আৰু ভালেমান বিষয়া- কৰ্মচাৰী উপস্থিত আছিল ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

১৫ জুলাইৰ পৰা মাহজোৰা কাৰ্যসূচীৰে গোলাঘাট জিলাৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়, বিদ্যালয় চৌহদত ৰোপণ কৰা হ'ব গছপুলি**'হৰ ঘৰ ত্রিৰঙ্গা' কাৰ্যসূচীৰ অধীনত ঘৰে-ঘৰে উত্তোলন কৰক ৰাষ্ট্ৰীয় পতাকা : উপায়ুক্ত**লাচিত বৰফুকনৰ বিষয়ে ছাত্ৰ-ছাত্ৰী, নাগৰিকৰ পৰা প্ৰৱন্ধ আহ্বান উপায়ুক্তৰ*

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ২৯৪/২০২২

*১৫ জুলাইৰ পৰা মাহজোৰা কাৰ্যসূচীৰে গোলাঘাট জিলাৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়, বিদ্যালয় চৌহদত ৰোপণ কৰা হ'ব গছপুলি*

*'হৰ ঘৰ ত্রিৰঙ্গা' কাৰ্যসূচীৰ অধীনত ঘৰে-ঘৰে উত্তোলন কৰক ৰাষ্ট্ৰীয় পতাকা : উপায়ুক্ত*

*লাচিত বৰফুকনৰ বিষয়ে ছাত্ৰ-ছাত্ৰী, নাগৰিকৰ পৰা প্ৰৱন্ধ আহ্বান উপায়ুক্তৰ*

গোলাঘাট, ১২ জুলাই : জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে গছ-গছনিৰে সেউজ আৱৰণ বৃদ্ধি কৰা আৰু সকলো চৰকাৰী কাৰ্যালয় চৌহদৰ সৌন্দৰ্যবৰ্ধনৰ উদ্দেশ্যে অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত আৰু অসম বিজ্ঞান-প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সহযোগত ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট জিলাতো অহা ১৫ জুলাইৰ পৰা ১৫ আগষ্টলৈকে মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক গছপুলি ৰোপণ প্ৰকল্প ৰূপায়ন কৰা হ'ব । জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি এই সম্পৰ্কীয় এখন সভা অনুষ্ঠিত হয় । উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপায়ুক্তগৰাকীয়ে দীৰ্ঘস্থায়ী উদ্দেশ্যৰে ৰূপায়ন কৰিবলগীয়া এই কাৰ্যসূচী সফল কৰাৰ ক্ষেত্ৰত প্ৰতিটো বিভাগকে ইয়াত ভাগ ল'বলৈ আহ্বান জনায় । তেওঁ কয় যে কাৰ্বনৰ ভাণ্ডাৰ বৃদ্ধি কৰা, থলুৱা প্ৰজাতিৰ উদ্ভিদৰ সংৰক্ষণ, কাৰ্যালয়সমূহৰ চৌহদৰ সৌন্দৰ্যবৰ্ধন, জলবায়ু পৰিৱৰ্তন ৰোধ কৰাৰ ক্ষেত্ৰত সমূহীয়া অংশগ্ৰহণৰ বাবে সজাগতা সৃষ্টি আদি মহান উদ্দেশ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । এই কাৰ্যসূচীৰ অধীনত অসম চৰকাৰৰ অধীনৰ সকলো কৰ্মচাৰী, শিক্ষক, ছাত্ৰ-ছাত্ৰী, স্বায়ত্ব শাসিত পৰিষদ, সংস্থা, নিগম, সংগঠন, পঞ্চায়তীৰাজ প্ৰতিষ্ঠান, পৌৰ নিকায়ৰ সদস্য আদিয়ে ভাগ ল'ব পাৰিব । উপায়ুক্তগৰাকীয়ে কয় যে ইয়াৰ অধীনত সকলো চৰকাৰী প্ৰতিষ্ঠানৰ চৌহদত গছপুলি ৰোপন কৰা হ'ব । সকলো চৰকাৰী কৰ্মচাৰীয়ে ৰোপণ কৰা গছপুলি ৩ বছৰলৈ প্ৰতিপালন কৰিব লাগিব । গছপুলি ৰোপণৰ পিছত গুগল প্লে ষ্টোৰ বা www.shyamaleechouhad.assam.gov.in ৱেব পৰ্টেলৰ পৰা মোবাইল এপ ডাউনলোড কৰি গছপুলিৰ ফটো তুলি পৰ্টেলটোত আপলোড কৰিব পাৰিব । প্ৰতি তিনি মাহৰ মূৰে-মূৰে ৱেবছাইটত গছপুলিৰ ফটো আপডেট কৰিব লাগিব । এই কাৰ্যসূচীৰ অধীনত ইতিমধ্যে ৩৫ টা প্ৰজাতিৰ গছপুলি ৰোপণৰ বাবে এক নিৰ্দেশনা দিয়া হৈছে । ইয়াৰ উপৰি থলুৱা প্ৰজাতিৰ বিভিন্ন গছপুলি ৰোপন কৰিব পাৰিব । উপায়ুক্তগৰাকীয়ে প্ৰতিটো বিভাগৰে চৌহদসমূহ আটকধুনীয়া আৰু সেউজ কৰি ৰখাৰ বাবে ব্যাপক মাত্ৰাত গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায় ।

তদুপৰি উপায়ুক্তগৰাকীয়ে আজাদী কা অমৃত মহোৎসৱৰ অংশৰূপে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি ঘৰে-ঘৰে ৰাষ্ট্ৰীয় গৌৰৱৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । জনসাধাৰণৰ মনত দেশপ্ৰেমৰ ভাবধাৰা জগাই তোলা আৰু ৰাষ্ট্ৰীয় পতাকা সন্দৰ্ভত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে ১১ৰ পৰা ১৭ আগষ্টলৈ 'হৰ ঘৰ ত্ৰিৰংগা' শীৰ্ষক এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । এই কাৰ্যসূচীত সকলোকে ভাগ লৈ গৰিমামণ্ডিত ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ অংশীদাৰ হ'বলৈ তেওঁ আহ্বান জনায় । 

তেওঁ লগতে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপনৰ অংশৰূপে মহান বীৰগৰাকীৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে সকলোকে তেখেতৰ বীৰত্বৰ কাহিনী বা যোদ্ধাগৰাকীৰ বিষয়ে যিকোনো তথ্যৰে প্ৰবন্ধ লিখি উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনায় । বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক এই কাৰ্যসূচীত ভাগ ল'বলৈ তেওঁ আহ্বান জনায় । 

আজিৰ বৈঠকত জিলা উন্নয়ন আয়ুক্ত অর্পা বাগলাৰী, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, চক্ৰ বিষয়াসকল, উন্নয়ন খণ্ড বিষয়াসকল আৰু ভালেমান বিষয়া- কৰ্মচাৰী উপস্থিত আছিল ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...