৭ জুলাই, ২০২২, গোলাঘাট
*সাৰথি বাহন মুকলি*
আজি জিলা উপায়ুক্ত শ্ৰীযুত মৃগেষ নাৰায়ন বৰুৱা দেৱে পৰিয়াল পৰিকল্পনাৰ বাৰ্তা কঢ়িয়াই নিয়া সাৰথি বাহন শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ প্ৰাংগনৰ পৰা মুকলি কৰে ।
২৭ জুনৰ পৰা আৰম্ভ হোৱা পৰিয়াল পৰিকল্পনা কাৰ্যক্ৰমৰ মাহ জোৰা কাৰ্যসূচীৰ অন্তৰ্গত এই বাহন খন প্ৰস্তুত কৰা হৈছে।
সাৰথি বাহন খন ১৫ দিনৰ কাৰ্যসূচীৰে জিলা খনৰ প্ৰত্যেক স্বাস্থ্য খণ্ডৰ বহু অঞ্চল বিশেষকৈ চাহ বাগান সমূহলৈ গৈ ৰাইজক পৰিয়াল পৰিকল্পনাৰ বিষয়ে সজাগতা আগবঢ়াব।
আজি সাৰথি বাহন খন মুকলি কৰা অনুষ্ঠানত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ড০ সুৰেন্দ্ৰনাথ তামূলী, মহকুমা স্বাস্থ্য বিষয়া ড০ হিৰেন শইকীয়া, এন.এহ.এমৰ গোলাঘাটৰ দি.পি.এম, দি. এম. ই, নগৰ স্বাস্থ্য কেন্দ্ৰৰ বিষয়া, জিলা চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মী আৰু আশা বাইদেউ সকল উপস্থিত থাকে।
মাধৱ গগৈ