Friday, 17 June 2022

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে যোৰহাট জিলা কংগ্ৰেছ কমিটিয়ে আয়োজন কৰা ধৰ্ণা কাৰ্যসূচী

 যোৰহাট ১৭ জুন, ২০২২ঃ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতা Rahul Gandhi দেৱক Enforcement Directorate দ্বাৰা হাৰাশাস্তি কৰা তথা স্বতন্ত্ৰ সংস্থা সমুহৰ অপ্ৰয়োগৰ প্ৰতিবাদত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে যোৰহাট জিলা কংগ্ৰেছ কমিটিয়ে আয়োজন কৰা ধৰ্ণা কাৰ্যসূচীত হাতত লোৱা দেখিবলৈ পোৱা যায়।


 যোৰহাটৰ পৰা জিন্টু বৰা NORTHEAST NEWS INDIA


Assam COVID-19🦠😷 Details 16/06/2022.

Assam COVID-19🦠😷 Details
 16/06/2022.

পি এন বি আৰছেটিৰ উদ্যোগত 'পশু মিত্ৰ' বা 'মৎস্য মিত্ৰ'ৰ বাবে আবেদন আহ্বান

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ২৮৯/২০২২

পি এন বি আৰছেটিৰ উদ্যোগত 
'পশু মিত্ৰ' বা 'মৎস্য মিত্ৰ'ৰ বাবে আবেদন আহ্বান

গোলাঘাট, ১৭ জুন : পঞ্জাৱ নেশ্যনেল বেংকৰ গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত ৯০ দিনীয়া 'আজাদী চে অন্ত্যেদয়া তক' অভিযানৰ অংশৰূপে তৃণমূল পৰ্য্যায়ত 'পশু মিত্ৰ' বা 'মৎস্য মিত্ৰ' হিচাপে কাম কৰিবলৈ আগ্ৰহী ন্যূনতম দশম শ্ৰেণী উত্তীৰ্ণ ১৮ ৰ পৰা ৪৫ বছৰ বয়সৰ ২৫ গৰাকী প্ৰাৰ্থীৰ বাবে আবেদন বিচৰা হৈছে । সাক্ষাৎকাৰৰ যোগেদি অৰ্হতাৰ ভিত্তিত প্ৰাৰ্থী বাচনি কৰা হ'ব । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত 'পশু সখী' বা 'কৃষি সখী' হিচাপে কাম কৰি থকা আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰাৰ্থীক এই প্ৰশিক্ষণৰ বাবে অগ্ৰাধিকাৰ দিয়া হ'ব । 

৬০ দিনীয়া আৱাসিক কাৰ্যসূচীৰ অন্তত গ্ৰামোন্নয়ন আৰু স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় একাডেমীৰ পৰা NSQF লেভেল ৪ ৰ স্কিল ইণ্ডিয়া প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব । লগতে বেংকৰ জৰিয়তে ঋণ প্ৰদানৰো ব্যৱস্থা কৰা হ'ব । তদুপৰি, প্ৰয়োজন অনুসৰি পশুপালন আৰু পশু চিকিৎসা বিভাগ আৰু মীন বিভাগৰ পৰা প্ৰশিক্ষাৰ্থীসকলক সহায় আৰু কাৰিকৰী সহযোগিতা আগবঢ়োৱা হ'ব । বিনামূলীয়া থকা-খোৱাৰ ব্যৱস্থাৰে এই প্ৰশিক্ষণ সম্পূৰ্ণ বিনামূলীয়া হ'ব ।ইচ্ছুকসকলে আবেদন দাখিল কৰিবলৈ তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে । 

সঞ্চালক, পি এন বি, আৰছেটি গোলাঘাট, উন্নয়ন খণ্ড চৌহদ, এ টি ৰোড, বোকাখাত -৭৮৫৬১২, জিলা - গোলাঘাট, অসম ।

অথবা

লীড বেংক মেনেজাৰ, লীড বেংক কাৰ্যালয়, পি এন বি, গোলাঘাট- ৭৮৫৬২১ ।

অধিক তথ্যৰ বাবে ৮৭২০৯৬২৮৭০/ ৮৮২২৩৮৬২৯২ নম্বৰত যোগাযোগ কৰিব পাৰে ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Welcome

যি কৰিছে প্ৰকৃতি য়ে ভালেই কৰিছে। মানৱ জাতি প্ৰকৃতিৰ উপৰত যাৱ বিচাৰে। মানৱ জাতিৰ অংহকাৰ বেছি হৈছে। টকাৰ পিছত সকলো প্ৰকৃতিৰ ধংস কৰিবলৈ নামি গৈছে। প্ৰকৃতিক ধন্যবাদ জ্ঞাপন জনাইছো। মানৱ জাতিয়ে শিক্ষা লওঁক যে মা আৰু প্ৰকৃতিত কে ডাঙৰ একো হব নোৱাৰে।

যি কৰিছে প্ৰকৃতি য়ে ভালেই কৰিছে। মানৱ জাতি প্ৰকৃতিৰ উপৰত যাৱ বিচাৰে। মানৱ জাতিৰ অংহকাৰ বেছি হৈছে। টকাৰ পিছত সকলো প্ৰকৃতিৰ ধংস কৰিবলৈ নামি গৈছে। 

প্ৰকৃতিক ধন্যবাদ জ্ঞাপন জনাইছো। মানৱ জাতিয়ে শিক্ষা লওঁক যে মা আৰু প্ৰকৃতিত কে ডাঙৰ একো হব নোৱাৰে। 

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...