Thursday, 16 June 2022
Wednesday, 15 June 2022
*বোকাখাত আৰু খুমটাইৰ ৯০ খন গাঁৱত ক'ভিড-১৯ৰ বিৰুদ্ধে সজাগতা আৰু বানপানীৰ সময়ত ল'বলগীয়া সাৱধানতা সম্পৰ্কে ঘৰে ঘৰে অভিযান*
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৮৮/২০২২
*বোকাখাত আৰু খুমটাইৰ ৯০ খন গাঁৱত ক'ভিড-১৯ৰ বিৰুদ্ধে সজাগতা আৰু বানপানীৰ সময়ত ল'বলগীয়া সাৱধানতা সম্পৰ্কে ঘৰে ঘৰে অভিযান*
গোলাঘাট, ১৫ জুন : অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত ৰাইজৰ মাজত ক'ভিড-১৯ৰ বিৰুদ্ধে সজাগতা সৃষ্টি আৰু বানপানীৰ সময়ত ল'বলগীয়া সাৱধানতা সম্পৰ্কে ঘৰে ঘৰে গৈ জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে গোলাঘাট জিলাৰ বোকাখাত আৰু খুমটাইত পৰীক্ষামূলকভাবে এটা অভিযান আৰম্ভ কৰা হৈছে । ১৪ জুনৰ পৰা ২৭ জুনলৈ খুমটাই ৰাজহ চক্ৰৰ অধীনৰ ৩০খন আৰু বোকাখাত ৰাজহ চক্ৰৰ অধীনৰ ৬০ খন বানপানীপ্ৰৱণ গাঁৱত 'আপোনাৰ জীৱন, আমাৰ সম্পদ' শীৰ্ষক আঁচনিখন ৰূপায়ন কৰা হৈছে । ১৪ জুনত বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয় চৌহদৰ পৰা উলিওৱা সজাগতা কাৰ্যসূচী অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই পতাকা জোকাৰি শুভাৰম্ভ কৰে । অনুষ্ঠানত মহকুমাধিপতি ডাঃ নেহা যাদৱ, চক্ৰ বিষয়া সৌভিক দত্ত, সহকাৰী আয়ুক্ত পাপু গগৈ, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰণী ৰাজকুমাৰ আৰু মহকুমাধিপতিৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী, দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ক্ষেত্ৰ বিষয়া আৰু স্বেচ্ছাসেৱীসকল উপস্থিত আছিল । একেদিনাই খুমটাই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা অনুৰূপ সজাগতা অভিযানৰ শুভাৰম্ভ কৰা হয় । এই কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত (ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা) পল্লৱী গগৈ, স্থানীয় বিধায়কৰ প্ৰতিনিধি মুনিন্দ্ৰ মোহন গগৈ, খুমটাইৰ ৰাজহ চক্ৰ বিষয়া তনভিৰ ইউচুফ আহমেদ, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া আৰু কেইবাগৰাকীও বিষয়া-কৰ্মচাৰী উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
*দুৰ্যোগ প্ৰশমনৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰি মুখ্যমন্ত্ৰীৰ দ্বাৰা সন্মানিত গোলাঘাট জিলা*
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৮৭/২০২২
*দুৰ্যোগ প্ৰশমনৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰি মুখ্যমন্ত্ৰীৰ দ্বাৰা সন্মানিত গোলাঘাট জিলা*
গোলাঘাট, ১৫ জুন : প্ৰশাসনক ৰাইজৰ অধিক কাষলৈ নিয়া তথা চৰকাৰী আঁচনিসমূহৰ দ্ৰুত ৰূপায়ণেৰে ৰাজ্যৰ বিকাশৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে তেজপুৰত অলপতে অনুষ্ঠিত জিলা উপায়ুক্তসকলৰ দুদিনীয়া সন্মিলনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা সন্মানিত হ'ল গোলাঘাট জিলা । সন্মিলনত প্ৰাকৃতিক দুৰ্যোগ প্ৰশমনৰ ক্ষেত্ৰত জিলা উপায়ুক্তসকলে লোৱা প্ৰস্তুতি মূল্যাংকন কৰি গোলাঘাট, মাজুলী আৰু কাছাৰ জিলাৰ উপায়ুক্তক একোটাকৈ স্মাৰক প্ৰদান কৰা হয় ৷ এইক্ষেত্ৰত গোলাঘাট আৰু মাজুলী জিলাই যুটীয়াভাবে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে কাছাৰ জিলাই দ্বিতীয় স্থান আৰু শিৱসাগৰ জিলাই তৃতীয় স্থান অধিকাৰ কৰে । গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই মুখ্যমন্ত্ৰীগৰাকীৰ পৰা এই স্মাৰক গ্ৰহণ কৰে । উল্লেখযোগ্য যে বানপানীৰ জোৰা মৰাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতিৰ ক্ষেত্ৰত গোলাঘাট জিলাই কেইবাটাও শিতানত প্ৰথম স্থান অধিকাৰ কৰে । আশংকাৰ মূল্যায়ন আৰু নীৰিক্ষণ, প্ৰস্তুতি আৰু সঁহাৰিৰ ক্ষেত্ৰত যুগুত কৰা পৰিকল্পনা, সামৰ্থ্য বৃদ্ধি আৰু প্ৰশিক্ষণ, পুনৰসংস্থাপন আৰু বিত্তীয় সাহায্য, দুৰ্যোগৰ বিষয়ে ততালিকে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰা আৰু ক্ষয়-ক্ষতিৰ মূল্যায়ন, আশংকাৰ বিষয়ে অৱগত কৰা আৰু সমূহীয়া অন্তৰ্ভুক্তি, দায়বদ্ধতা আৰু ওজৰ-আপত্তিৰ মীমাংসা এই আটাইকেইটা শিতানত ৰাজ্যৰ ভিতৰতে গোলাঘাট জিলাই প্ৰথম স্থান লাভ কৰে । জিলাখনে মুঠ ১০ পইণ্টৰ ভিতৰত সৰ্বাধিক ৯.৫৮ পইন্ট লাভ কৰে । গোলাঘাট জিলাৰ উপায়ুক্তগৰাকীয়ে জিলাখনৰ এই সাফল্যৰ বাবে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৈতে জড়িত প্ৰতিগৰাকী বিষয়া, কৰ্মচাৰী, ক্ষেত্ৰ বিষয়া আৰু স্বেচ্ছাসেৱীক ধন্যবাদ জ্ঞাপন কৰিছে । তেওঁ লগতে প্ৰস্তুতিৰ দৰেই বানপানীৰ জোৰা মৰাৰ ক্ষেত্ৰতো জিলাখনে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব বুলি আশা প্ৰকাশ কৰে ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
গোলাঘাট ১৫ জুন, ২০২২ঃ শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু বাৰ্ষিকী উপলক্ষে আজি গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত গোলাঘাটৰ জিলা পুথিভঁৰাল চৌহদত থকা শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পন আৰু মাল্যাৰ্পন কৰি শ্ৰদ্ধা নিবেদন কৰা হয় । এই কাৰ্যসূচীত সহকাৰী আয়ুক্ত তথা জিলা সাংস্কৃতিক বিষয়া শ্ৰী অম্লান ফুকনৰ লগতে উপায়ুক্তৰ কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰী সকলেও অংশ লয় ।মাধৱ গগৈNORTHEAST NEWS INDIA
গোলাঘাট ১৫ জুন, ২০২২ঃ
শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু বাৰ্ষিকী উপলক্ষে আজি গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত গোলাঘাটৰ জিলা পুথিভঁৰাল চৌহদত থকা শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পন আৰু মাল্যাৰ্পন কৰি শ্ৰদ্ধা নিবেদন কৰা হয় । এই কাৰ্যসূচীত সহকাৰী আয়ুক্ত তথা জিলা সাংস্কৃতিক বিষয়া শ্ৰী অম্লান ফুকনৰ লগতে উপায়ুক্তৰ কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰী সকলেও অংশ লয় ।
মাধৱ গগৈ
*গোলাঘাট জিলাত ১৪৪ ধাৰা জাৰি*
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৮৬/২০২২
গোলাঘাট, ১৫ জুন : দেশৰ বৰ্তমানৰ আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলাত ৰাজহুৱা শান্তি বিঘ্নিত হোৱাৰ আশংকাত যিকোনো সম্ভাব্য অপ্ৰীতিকৰ ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে জিলাখনত তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে । অতিৰিক্ত জিলা দণ্ডাধীশ শ্ৰী কুলদীপ হাজৰিকাই এই নিৰ্দেশ জাৰি কৰিছে । সেই অনুসৰি জিলাখনত কোনো কাৰণতে ৰাজহুৱা স্থানত চাৰিজন বা তাতকৈ অধিক লোকৰ সমাগম হ'ব নোৱাৰিব । গোলাঘাটৰ জিলা দণ্ডাধীশৰ আগতীয়া অনুমতি সাপেক্ষেহে যিকোনো পৰিস্থিতিত পূৰ্ব পৰিকল্পিত বা আকস্মিকভাবে সমবেত হ'ব পাৰিব । গোলাঘাট জিলাত শান্তি বিঘ্নিত হ'ব পৰা পত্ৰিকা, প্ৰচাৰপত্ৰ আদিৰ বিতৰণ, বেনাৰ, প'ষ্টাৰ আদিৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে । এই নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Tuesday, 14 June 2022
*গোলাঘাটত যোগ প্ৰতিযোগিতা-২০২২*
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৮৫/২০২২
*গোলাঘাটত যোগ প্ৰতিযোগিতা-২০২২*
গোলাঘাট, ১৪ জুন : আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি আয়ুষ মন্ত্ৰালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় আয়ুষ অভিযান, অসমৰ উদ্যোগত ৰাজ্যৰ প্ৰতিখন জিলাতে অহা ১৫ জুনত যোগ আৰু পৰিপুষ্টি বিজ্ঞান প্ৰতিষ্ঠানৰ দ্বাৰা যোগ প্ৰতিযোগিতা-২০২২ৰ আয়োজন কৰা হৈছে । সেই অনুসৰি গোলাঘাট জিলাতো ১৫ জুনত জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । এই উপলক্ষে গোলাঘাটৰ জিলা ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত পুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ প্ৰতিযোগীসকলে জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতাত ভাগ ল'ব পাৰিব । অংশগ্ৰহনকাৰীসকলে আহি ঠাইতে নাম পঞ্জীয়ন কৰিব লাগিব । বিতং তথ্যৰ বাবে প্ৰতিযোগীসকলে ৭০০২১-৩১১৭৫ নম্বৰত যোগাযোগ কৰিব পাৰে । উল্লেখযোগ্য যে জিলা আৰু ৰাজ্যিক দুটা পৰ্যায়ত ৪টা শ্ৰেণীত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । প্ৰথম শ্ৰেণীত ১০ বছৰ বয়সৰ তলৰ, দ্বিতীয় শ্ৰেণীত ১০ ৰ পৰা ১৮ বছৰ বয়সলৈকে, তৃতীয় শ্ৰেণীত ১৮ৰ পৰা ৩৫ বছৰ বয়সলৈকে আৰু চতুৰ্থ শ্ৰেণীত ৩৫ বছৰ বয়সৰ উৰ্ধৰ লোকে অংশ ল'ব পাৰিব । প্ৰতিটো শ্ৰেণীৰ পৰা কেৱল এজন প্ৰতিযোগীক ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতালৈ বাচনি কৰা হ'ব । ৰাজ্যিক পৰ্যায়ৰ সকলো অংশগ্ৰহনকাৰীক প্ৰমাণপত্ৰ দিয়া হ'ব । ৰাজ্যিক পৰ্যায়ত প্ৰতিটো শ্ৰেণীতে বিজয়ীসকলক ১০,০০০ টকা আৰু নতুন দিল্লীৰ মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠান ভ্ৰমনৰ সুবিধা দিয়া হ'ব আৰু বিজয়ীসকলক ৰাষ্ট্ৰীয় আয়ুষ মিছন, অসমৰ ব্ৰেণ্ড এম্বেছেদৰ ঘোষণা কৰা হ'ব । ২১ জুনৰ ৰাজ্যিক পৰ্যায়ৰ যোগ দিৱসৰ কাৰ্যসূচীত বিজয়ীসকলক পুৰস্কৃত কৰা হ'ব । জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত বৃক্ষাসন, উষ্ট্ৰাসন, বক্ৰাসন, উত্তনপদাসন আৰু নিজৰ পচন্দৰ এটা আসন কৰিব পাৰিব । ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত পদহস্তাসন, ত্ৰিকোণাসন, শালভাসন, নিজৰ পচন্দৰ দুটা ( তাৰে এটা Hand Balancing) আৰু আসনৰ বিষয়ে প্ৰশ্ন কৰা হ'ব । জিলা পৰ্যায়ৰ প্ৰতিটো আসনৰ বাবে সময় হ'ব ১০ ছেকেণ্ড আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিটো আসনৰ বাবে ১৫ ছেকেণ্ড সময় নিৰ্ধাৰণ কৰা হৈছে ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Subscribe to:
Posts (Atom)
পৃথিৱীৰ ধংশ সমাগত
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
03 December, 2020 GOLAGHAT SUKAFA DIVAS চ্যুকাফা দিবস l চ্যুকাফা দিবস উপলক্ষে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত চ্যুকাফা ক্ষেত্ৰত চ্যু...
-
30 November, 2020 সময়ৰ নিৰ্মম সত্য উপলব্ধি কৰো আহক... # উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে চল্লিশ বছৰ বয়সত । উচ্চ শিক্ষিত জন...
-
08 December, 2020 কৃষক আন্দোলনৰ নামত আজি ঘোষণা কৰা হ’ল ভাৰত বন্ধ ৷ কিন্ত আজিৰ বন্ধদিনা দুখিয়া ভোকাতুৰৰ ওচৰত উপস্থিত হ"ল এজন সমাজকৰ্মী ...