Friday, 3 June 2022

मेरा भारत महान देश के सभी देशवासियों को बिनम्र अनुरोध है कि, विश्व साइकिल दिवस अबसर पर आईए हम सब सपत लेते हैं, बायु प्रदुषण कौ रौकने के लिए प्रयास किया जाय। हम सभी साइकिल का ब्यबहार करे, ओर प्रदुषण कौ रौकने का एक प्रयास करता हूँ।। सेवा के साथ। मा और प्रकृतिप्रतिस्थापकमाधब गोगोईईमेल - mother.and.nature2021@gmail.comWhatsApp - 9859593814

मेरा भारत महान देश के सभी देशवासियों को बिनम्र अनुरोध है कि, विश्व साइकिल दिवस अबसर पर आईए हम सब सपत लेते हैं, बायु प्रदुषण कौ रौकने के लिए प्रयास किया जाय। 
हम सभी साइकिल का ब्यबहार करे, ओर प्रदुषण कौ रौकने का एक प्रयास करता हूँ।। 

 सेवा के साथ। 
मा और प्रकृति
प्रतिस्थापक
माधब गोगोई
ईमेल - mother.and.nature2021@gmail.com

WhatsApp - 9859593814

Thursday, 2 June 2022

Assam COVID-19🦠😷 Details 01/06/2022.

Assam COVID-19🦠😷 Details
 01/06/2022.

গোলাঘাট জিলাতো ৬ জুনৰ পৰা ২১ জুনলৈ 'হৰ ঘৰ দস্তক ২.০' অভিযান**ডেৰ লাখৰো অধিক লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৮০/২০২২

*গোলাঘাট জিলাতো ৬ জুনৰ পৰা ২১ জুনলৈ 'হৰ ঘৰ দস্তক ২.০' অভিযান*

*ডেৰ লাখৰো অধিক লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য*
গোলাঘাট, ২ জুন : ৰাজ্যৰ অন্যান্য জিলাৰ দৰে গোলাঘাট জিলাতো অহা ৬ জুনৰ পৰা ২১ জুনলৈ ঘৰে-ঘৰে গৈ ক'ভিড প্ৰতিষেধক প্ৰদান অভিযান 'হৰ ঘৰ দস্তক ২.০' ৰূপায়ন কৰা হ'ব । আজি এই সন্দৰ্ভত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত এখন বৈঠক অনুষ্ঠিত হয় । বৈঠকত জিলা টীকাকৰণ বিষয়া জ্যোতি দেউৰীয়ে এই অভিযান সন্দৰ্ভত পাৱাৰপইন্ট প্ৰেজেণ্টেচনৰ সহায়ত বিতংভাবে ব্যাখ্যা আগবঢ়ায় । তেওঁ জানিবলৈ দিয়ে যে জিলাখনত ১৮ বছৰৰ উৰ্দ্ধৰ ৭ লাখ ৯৬ হাজাৰৰো অধিক অৰ্থাৎ ১০৫.৬৫ শতাংশ লোকে ইতিমধ্যে প্ৰথম পালি, ৬ লাখ ৫৭ হাজাৰৰো অধিক অৰ্থাৎ ৮৪.৫৫ শতাংশ লোকে দ্বিতীয় পালি আৰু প্ৰায় ১৩,৯০০ লোকে সুৰক্ষাসূচক পালি গ্ৰহণ কৰিছে । একেদৰে ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ৩৯ হাজাৰৰো অধিক (৫৯.৩৯) কিশোৰ-কিশোৰীয়ে প্ৰথম পালি আৰু প্ৰায় ৩০ হাজাৰে(৭৫.৯৫) দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিছে । ১২ৰ পৰা ১৪ বছৰ বয়সৰ ৩০ হাজাৰৰো অধিক শিশু আৰু কিশোৰ-কিশোৰীয়ে প্ৰথম পালি(৬৭.৬৮), ১৩ হাজাৰৰো অধিকে দ্বিতীয় পালি(৪৩.৩৫) প্ৰতিষেধক লৈছে । জিলাখনত এতিয়ালৈকে মুঠ ৮ লাখ ৬৬ হাজাৰৰো অধিক লোকে প্ৰথম পালি, ৭ লাখ ১৮ হাজাৰৰো অধিক লোকে দ্বিতীয় পালি আৰু ১৩,৯০০ লোকে সুৰক্ষাসূচক পালি গ্ৰহণ কৰিছে । অৰ্থাৎ জিলাখনত মুঠ ১৫ লাখ ৯৮ হাজাৰৰো অধিক পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে । তেওঁ কয় যে জিলাখনৰ মুঠ ছটা স্বাস্থ্যখণ্ডত বিভিন্ন বয়সৰ লোকৰ ৬,৮১৯ পালি প্ৰতিষেধক লোৱাৰ সময় হৈছে আৰু ডেৰ লাখৰো অধিক লোকৰ দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ সময় পাৰ হৈ গৈছে । 'হৰ ঘৰ দস্তক ২.০' অভিযানৰ অধীনত এইসকল লোকৰ ঘৰে ঘৰে গৈ চিকিৎসক-স্বাস্থ্যকৰ্মীৰ দলে  প্ৰতিষেধক প্ৰদান কৰিব বুলি শ্ৰীমতী দেউৰীয়ে জানিবলৈ দিয়ে । অৱশ্যে দুটা সুকীয়া মোবাইল নম্বৰ ব্যৱহাৰ কৰি প্ৰতিষেধক গ্ৰহণ কৰা, ফোন হেৰুওৱা, অন্য ঠাইৰ পৰা আহি বা অন্য ঠাইলৈ গৈ প্ৰতিষেধক লোৱা, বাহিৰৰ পৰা অহা শ্ৰমিক, মৃত্যু হোৱা লোক আদিৰ নাম কৰ্তন কৰিলে প্ৰতিষেধক লোৱাৰ সময় উকলি যোৱা লোকৰ সংখ্যা যথেষ্ট হ্ৰাস পাব বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে যিসকল লোকে এতিয়াও প্ৰথম পালি প্ৰতিষেধক ল'বলৈ বাকী আছে তেওঁলোককো এই অভিযানৰ অধীনত চিনাক্ত কৰি প্ৰতিষেধক প্ৰদান কৰা হ'ব । সভাত উপায়ুক্তগৰাকীয়ে অহা ৬ তাৰিখৰ পৰা প্ৰথমে বিদ্যালয়সমূহত প্ৰতিষেধক প্ৰদান অভিযান তীব্ৰতৰ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । এই অভিযান সফল কৰাৰ বাবে আশা, অংগনৱাড়ী কৰ্মী, পঞ্চায়ত প্ৰতিনিধি আৰু গাঁওবুঢ়াসকলক লগত লৈ ঘৰে-ঘৰে গৈ প্ৰতিষেধক ল'বলৈ সৈমান কৰাব লাগিব বুলি তেওঁ কয় । তেওঁ চাহ বাগিচাসমূহত প্ৰতিষেধক প্ৰদানৰ হাৰ বৃদ্ধি কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । উপায়ুক্তগৰাকীয়ে প্ৰথমশাৰীৰ কৰ্মীসকলক সুৰক্ষাসূচক পালি ল'বলৈ আহ্বান জনায় । সভাত অতিৰিক্ত উপায়ুক্ত ( টীকাকৰণ) কুলদীপ হাজৰিকাই এতিয়াও প্ৰতিষেধক গ্ৰহণৰ পৰা বাদ পৰি থকা বিদ্যালয়সমূহত ক'ভিডৰ প্ৰতিষেধক প্ৰদানত গুৰুত্ব দিবলৈ আহ্বান জনায় । সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত, বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰা, জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া, চক্ৰ বিষয়া, উন্নয়ন খণ্ড বিষয়া, চিকিৎসক আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত আছিল । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Welcome

Tuesday, 31 May 2022

Assam COVID-19🦠😷 Details 30/05/2022.

Assam COVID-19🦠😷 Details
 30/05/2022.

গোলাঘাটত গৰ্ভৱতী মহিলাৰ বাবে প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষাৰ বিশেষ কাৰ্যসূচী

*প্ৰেছ বিজ্ঞপ্তি* 

গোলাঘাটত গৰ্ভৱতী মহিলাৰ বাবে প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষাৰ বিশেষ কাৰ্যসূচী
গোলাঘাট, ৩১ মে' : স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ সৈতে সংগতি ৰাখি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে যোৱা ৩০ জুনৰ পৰা ৫ মে'পৰ্যন্ত ৰাজ্যজুৰি বিশেষ প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষাৰ কাৰ্যসূচী হাতত লৈছে । গোলাঘাট জিলাটো এই কাৰ্যসূচীৰ অধীনত প্ৰতিটো স্বাস্থ্য কেন্দ্ৰত প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ বাবে এই বিশেষ প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা আৰম্ভ হৈছে । এই কাৰ্যসূচীৰ অধীনত আশা কৰ্মীসকলে নিজ-নিজ এলেকাৰ গৰ্ভৱতী মহিলাসকলৰ তালিকা প্ৰস্তুত কৰি তেওঁলোকক সমূহীয়া স্বাস্থ্য বিষয়া বা চিকিৎসা বিষয়াৰ দ্বাৰা পৰীক্ষা কৰোৱাবলৈ স্বাস্থ্যকেন্দ্ৰলৈ অনাৰ ব্যৱস্থা কৰে । এই বিশেষ কাৰ্যসূচীৰ অধীনত গৰ্ভৱতী মহিলাৰ স্বাস্থ্য পৰীক্ষা আৰু ৰোগ নিৰ্ণয় কৰাৰ লগতে তেওঁলোকক পুষ্টিকৰ আহাৰ, স্বাস্থ্যবিধি, মানসিক স্বাস্থ্য বৰ্তাই ৰখা, উপযোগী টিকাকৰণ, পৰিয়াল পৰিকল্পনা আদিৰ দৰে বিষয়ৰ ওপৰতো পৰামৰ্শ প্ৰদান কৰা হয় । প্ৰসূতি স্বাস্থ্যৰ গুণগত মান সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই বিশেষ এ.এন. চি. অভিযান মুকলি কৰা হৈছে যাতে গৰ্ভাৱস্থা সুস্থ আৰু নিৰাপদ হয় ।

 জিলা স্বাস্থ্য সমিতি, গোলাঘাট
NORTHEAST NEWS INDIA

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...