Tuesday, 31 May 2022

গোলাঘাটত গৰ্ভৱতী মহিলাৰ বাবে প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষাৰ বিশেষ কাৰ্যসূচী

*প্ৰেছ বিজ্ঞপ্তি* 

গোলাঘাটত গৰ্ভৱতী মহিলাৰ বাবে প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষাৰ বিশেষ কাৰ্যসূচী
গোলাঘাট, ৩১ মে' : স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ সৈতে সংগতি ৰাখি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে যোৱা ৩০ জুনৰ পৰা ৫ মে'পৰ্যন্ত ৰাজ্যজুৰি বিশেষ প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষাৰ কাৰ্যসূচী হাতত লৈছে । গোলাঘাট জিলাটো এই কাৰ্যসূচীৰ অধীনত প্ৰতিটো স্বাস্থ্য কেন্দ্ৰত প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ বাবে এই বিশেষ প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা আৰম্ভ হৈছে । এই কাৰ্যসূচীৰ অধীনত আশা কৰ্মীসকলে নিজ-নিজ এলেকাৰ গৰ্ভৱতী মহিলাসকলৰ তালিকা প্ৰস্তুত কৰি তেওঁলোকক সমূহীয়া স্বাস্থ্য বিষয়া বা চিকিৎসা বিষয়াৰ দ্বাৰা পৰীক্ষা কৰোৱাবলৈ স্বাস্থ্যকেন্দ্ৰলৈ অনাৰ ব্যৱস্থা কৰে । এই বিশেষ কাৰ্যসূচীৰ অধীনত গৰ্ভৱতী মহিলাৰ স্বাস্থ্য পৰীক্ষা আৰু ৰোগ নিৰ্ণয় কৰাৰ লগতে তেওঁলোকক পুষ্টিকৰ আহাৰ, স্বাস্থ্যবিধি, মানসিক স্বাস্থ্য বৰ্তাই ৰখা, উপযোগী টিকাকৰণ, পৰিয়াল পৰিকল্পনা আদিৰ দৰে বিষয়ৰ ওপৰতো পৰামৰ্শ প্ৰদান কৰা হয় । প্ৰসূতি স্বাস্থ্যৰ গুণগত মান সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই বিশেষ এ.এন. চি. অভিযান মুকলি কৰা হৈছে যাতে গৰ্ভাৱস্থা সুস্থ আৰু নিৰাপদ হয় ।

 জিলা স্বাস্থ্য সমিতি, গোলাঘাট
NORTHEAST NEWS INDIA

*গোলাঘাটত ভাৰ্চুৱেল ব্যৱস্থাৰে প্ৰধানমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠানত অংশ ল'লে চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলে**চৰকাৰী পুঁজি আৰু আঁচনিৰ ধনৰ সদব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ বিত্তমন্ত্ৰীৰ**উৎকোচ নোলোৱাকৈ, সমদৃষ্টিৰে সহায় বিচাৰি অহা লোকসকলৰ সমস্যা আৰু মৰ্মবেদনা উপলব্ধি কৰিবলৈ বিষয়াসকলৰ প্ৰতি আহ্বান উপায়ুক্তৰ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৭৯

*গোলাঘাটত ভাৰ্চুৱেল ব্যৱস্থাৰে প্ৰধানমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠানত অংশ ল'লে চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলে*

*চৰকাৰী পুঁজি আৰু আঁচনিৰ ধনৰ সদব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ বিত্তমন্ত্ৰীৰ*

*উৎকোচ নোলোৱাকৈ, সমদৃষ্টিৰে সহায় বিচাৰি অহা লোকসকলৰ সমস্যা আৰু মৰ্মবেদনা উপলব্ধি কৰিবলৈ বিষয়াসকলৰ প্ৰতি আহ্বান উপায়ুক্তৰ*

গোলাঘাট, ৩১ মে' : স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিমলাৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰা দেশৰ বিভিন্ন স্থানৰ হিতাধিকাৰীৰ সৈতে কৰা মত বিনিময় অনুষ্ঠানত ভাৰ্চুৱেল ব্যৱস্থাৰে গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত ভালেসংখ্যক হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে ৷ গোলাঘাট জিলা প্ৰশাসন আৰু জিলা গ্ৰামোন্নয়ন অভিকৰণৰ উদ্যোগত প্ৰধানমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠান আৰু তেওঁৰ ভাষণৰ অনলাইনযোগে পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয় । প্ৰধানমন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰী উজ্বলা যোজনা, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা, জলজীৱন মিছন, প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আদি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীয়ে অনুষ্ঠানত অংশ লয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে কয় যে চৰকাৰখনে সকলো প্ৰত্যাহ্বান নেওচি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশ্বৰ আগত ভাৰতক নতুন ৰূপত দেখুৱাবলৈ সক্ষম হৈছে । তেওঁ কয় যে চৰকাৰী আঁচনিসমূহ কেৱল সাময়িক সকাহহে, সেয়ে আঁচনিৰ ওপৰত নিৰ্ভৰশীল নহৈ ইয়াৰ সুবিধা লাভ কৰি নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ চেষ্টা কৰা দৰকাৰ । চৰকাৰৰ বিভিন্ন আঁচনি সন্দৰ্ভত এক চমু আলোকপাত আগবঢ়াই তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু নগৰাঞ্চল ৰূপায়নৰ ক্ষেত্ৰত সতৰ্ক হ'বলৈ বিষয়াসকলৰ প্ৰতি আহ্বান জনায় । পুঁজিৰ সদব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে দৰিদ্ৰ জনসাধাৰণৰ কাৰণে চৰকাৰখনে বৃহৎ পৰিমাণৰ পুঁজি নিৰ্ধাৰণ কৰিছে । কিন্তু এই আঁচনিৰ ধনৰ অপপ্ৰয়োগ হ'ব নালাগে । মানুহৰ বিপদত চৰকাৰ সদায় ৰাইজৰ কাষত থিয় দিছে বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰতিটো বিভাগে নিজৰ দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰিব লাগিব । তেওঁ সমাজ কল্যান বিভাগৰ দ্বাৰা ইউ ডি আই ডি কাৰ্ড প্ৰস্তুতকৰণৰ ক্ষেত্ৰত দিব্যাংগ লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ বিষয়া-কৰ্মচাৰী আৰু ৰাইজৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে বহু আঁচনিৰ বিষয়ে ৰাইজে গমেই নাপায় আৰু ই আঁচনিৰ সফল ৰূপায়নত বৃহৎ প্ৰত্যাহ্বান । তেওঁ কয় যে পঞ্চায়তৰ ৱাৰ্ড কমিছনাৰৰ পৰা আশা-অংগনৱাড়ী কৰ্মীলৈকে জনপ্রতিনিধি, চৰকাৰী বিষয়া-কৰ্মচাৰী সকলোৱে একত্ৰিতভাবে কাম কৰিলেহে এনে প্ৰত্যাহ্বান গ্ৰহণ কৰি এটা বিপ্লৱৰ সূচনা কৰিব পৰা যাব, যি বিপ্লৱেৰে আমি উন্নয়নৰ দিশে আগবাঢ়িব পাৰিম । তেওঁ পুনৰ কয় যে সমাজত সুস্থ-সবল শিশু যাতে জন্ম হয় এয়া সকলোৰে সামাজিক দায়িত্ব । সকলোৱে নিজৰ এই দায়িত্ব পূৰণ কৰিব পাৰিলে মুখ্যমন্ত্ৰীৰ সপোন পূৰণ কৰি অসমক আমি দেশৰ শীৰ্ষৰ ৫ খন ৰাজ্যৰ ভিতৰত অন্যতম হিচাপে গঢ় দিবলৈ সক্ষম হ'ম বুলি তেওঁ মত প্ৰকাশ কৰে । তেওঁ পোষণ অভিযান, জল জীৱন অভিযান আদি বিভিন্ন আঁচনিৰ বিষয়ে আলোকপাত কৰে ।

অনুষ্ঠানত ভাগ লৈ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই কয় যে ক'ভিডৰ পিছত বিশ্ব অৰ্থনীতিয়ে সাংঘাতিক প্ৰত্যাহ্বানৰ মুখামুখি হৈছিল । কিন্তু সকলো প্ৰত্যাহ্বান আৰু দুৰ্যোগপূৰ্ণ পৰস্থিতিৰ মুখামুখি হৈ আমাৰ দেশে বিশ্ব মঞ্চত শক্তিশালীভাবে থিয় দিবলৈ সক্ষম হয় । তেওঁ কয় যে দেশ পৰিচালনাৰ মুলমন্ত্ৰ সেৱা, সু-শাসন আৰু গৰিব কল্যাণ । তেওঁ প্ৰতিজন বিষয়াক উৎকোচ নোলোৱাকৈ সমদৃষ্টিৰে সহায় বিচাৰি অহা লোকসকলৰ সমস্যা আৰু মৰ্মবেদনা উপলব্ধি কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে সমাজৰ প্ৰতিজন লোকৰ কল্যাণ সুনিশ্চিত কৰাৰ বাবে আমি প্ৰয়াস চলাব লাগিব, তেতিয়াহে ভাৰতবৰ্ষ পৃথিৱীত বিশ্বগুৰু হ'ব পাৰিব । তেওঁ লগতে ৰাইজক সচেতন হ'বলৈ আহ্বান জনায় যাতে কোনেও আঁচনিৰ নামত আভুৱা ভাৰিব নোৱাৰে । তেওঁ বিভিন্ন আঁচনিৰ বিষয়ে অংশগ্ৰহনকাৰীসকলক বিতংভাবে অৱগত কৰে । উপায়ুক্ত গৰাকীয়ে অযোগ্য হিতাধিকাৰীসকলক আঁচনিৰ সুবিধা স্বেচ্ছাই ত্যাগ কৰিবলৈও আহ্বান জনায় । 

অনুষ্ঠানত ভাষণ দি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাসে কয় যে আঁচনি ৰূপায়নৰ ক্ষেত্ৰত বিষয়াগৰাকীৰ লগতে হিতাধিকাৰীসকলৰো দায়িত্ব আছে । কোনো আঁচনি বেয়া নহয়, আঁচনিৰ অপব্যৱহাৰহে বেয়া বুলি তেওঁ কয় । 

অনুষ্ঠানত জিলা পৰিষদৰ অধ্যক্ষ হেলিনা পেগু দলে, অতিৰিক্ত উপায়ুক্ত চুলতানা আখতাৰা আহমেদ, কুলদীপ হাজৰিকা, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, এল ডি এম সজীৱ কুমাৰ বৰা আৰু বিভিন্ন বিভাগৰ জিলা মুৰব্বী, জিলা প্ৰশাসনৰ বিষয়ববীয়া আৰু বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকল উপস্থিত আছিল ।

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

গোলাঘাটৰ ফৰকাটিংত বিশ্ব ধপাঁত বিৰোধী দিৱস আজি ৱল্ড ন’ টবাক’ দে

৩১ মে ২০২২ঃ গোলাঘাটৰ ফৰকাটিংত বিশ্ব ধপাঁত বিৰোধী দিৱস
আজি ৱল্ড ন’ টবাক’ দে

৷ অৰ্থাৎ ধপাঁত বিৰোধী দিৱস ৷ এই দিৱসৰ উপলক্ষে  জিলাখনৰ বিভিন্ন স্থানৰ লগতে ফৰকাটিং ৰেলজংচনৰ সমীপৰ অমৰজ্যোতি ক্লাৱত এই দিৱস পালন কৰা হয় ৷ জিলা ধপাঁত নিয়ন্ত্রণ কোষৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানৰ সভানেত্ৰীত্ব কৰে ড° লুকুমণি গোস্বামীয়ে ৷ সভাত ফৰকাটিং কলেজৰ অধ্যক্ষ ড° অপূৰ্ব শইকীয়া : অতিৰিক্ত উপায়ুক্ত কুলদিপ বৰ্মনকে ধৰি বহুকেইজনে বিশিষ্ট ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ৷ কুকিলকণ্ঠিৰ গায়িকা অন্যান্যা গোস্বামীয়ে পৰিবেশন কৰা গীতে ৰাইজৰ মন মোহে ৷ বিদ্যালয়ৰ ছাত্ৰছাত্ৰী আৰু NCC ক্ৰেডাৰ আৰু ৰাইজে অংশগ্ৰহণ কৰা সভাৰ শেষত এখনি বাটৰ নাটও প্ৰদৰ্শন কৰা হয় ৷ ::
 প্ৰকাশ শৰ্মা গোলাঘাট NORTHEAST NEWS INDIA

গোলাঘাটত বিশ্ব ধপাঁতবিৰোধী দিৱস উপলক্ষে সজাগতা পদযাত্ৰা

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৭৮

*গোলাঘাটত বিশ্ব ধপাঁতবিৰোধী দিৱস উপলক্ষে সজাগতা পদযাত্ৰা*

গোলাঘাট, ৩১ মে' : গোলাঘাট জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত জিলা স্বাস্থ্য সমিতি আৰু ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ সৌজন্যত আজি গোলাঘাটত বিশ্ব ধঁপাতবিৰোধী দিৱস পালন কৰা হয় । এই উপলক্ষে গোলাঘাট নগৰত থকা জিলা ন্যায়িক আদালত আৰু কাৰ্যালয়সমূহৰ সন্মুখৰ পৰা গোলাঘাট নগৰৰ মাজেৰে এটা সজাগতামূলক পদযাত্ৰা উলিওৱা হয় । এই পদযাত্ৰাত জিলা আৰু সত্ৰ ন্যায়াধীশ বিনোদ কুমাৰ চণ্ডক, গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিত, উপ আৰক্ষী অধীক্ষক মাধুৰ্য বৰুৱা, জ্যেষ্ঠ চিকিৎসক ডাঃ সুনিতা এক্কা, ন্যায়ালয়ৰ অধিবক্তা, কৰ্মচাৰী, চিকিৎসক, স্বাস্থ্যকৰ্মী, আৰক্ষীৰ লোক, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেদেটসকল, ছাত্ৰ-ছাত্ৰী আৰু ভালেসংখ্যক লোকে অংশ লয় । অংশগ্ৰহণকাৰীসকলে ধঁপাত আৰু ধঁপাতজাতীয় সামগ্ৰীৰ বিৰুদ্ধে হাতে হাতে সজাগতামূলক বেনাৰ আৰু প্লেকাৰ্ড লৈ এই পদযাত্ৰা কাৰ্যসূচীত অংশ লয় । পদযাত্ৰা কাৰ্যসূচীৰ নেতৃত্ব লোৱা জিলা আৰু সত্ৰ ন্যায়াধীশ বিনোদ কুমাৰ চণ্ডকে এই সজাগতামূলক পদযাত্ৰাই বিশেষভাবে যুৱ প্ৰজন্মৰ মাজত ধঁপাতৰ প্ৰচলনৰ বিৰুদ্ধে ব্যাপক সজাগতা সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰে । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Monday, 30 May 2022

Assam COVID-19🦠😷 Details 29/05/2022.

Assam COVID-19🦠😷 Details
 29/05/2022.

পি এম কেয়াৰ্চ ফ'ৰ চিলড্ৰেন' আঁচনিৰ অধীনত গোলাঘাট জিলাত ৫ টি শিশুলৈ সা-সুবিধা

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৭৭

*'পি এম কেয়াৰ্চ ফ'ৰ চিলড্ৰেন' আঁচনিৰ অধীনত গোলাঘাট জিলাত ৫ টি শিশুলৈ সা-সুবিধা*

গোলাঘাট, ৩০ মে' : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশজুৰি মুকলি কৰা "পি এম কেয়াৰ্চ ফ'ৰ চিলড্ৰেন" আঁচনিৰ অধীনত গোলাঘাট জিলাতো ক'ভিডত পিতৃ-মাতৃক হেৰুৱাই অনাথ হোৱা ৫ টি শিশু আৰু কিশোৰ-কিশোৰীক বিভিন্ন সা-সুবিধা আৰু সেৱা প্ৰদান কৰা হয় । ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ বিভিন্ন ঠাইত একে সময়তে চলি থকা এই কাৰ্যসূচীৰ সৈতে সংযুক্ত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুটাম টিপি আঁচনিৰ অধীনৰ বিত্তীয় সাহায্য আৰু সা-সুবিধাসমূহৰ শুভাৰম্ভ কৰাৰ লগতে ভাষণ দিয়ে । এই উপলক্ষে গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয় । সভাত অংশ লোৱা বিশিষ্ট ব্যক্তি, অভিভাৱক, সাংবাদিক আৰু বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ আগত উপায়ুক্ত শ্ৰী বৰুৱাই আঁচনিখনৰ বিষয়ে বিতংভাবে ব্যাখ্যা আগবঢ়ায় । উপায়ুক্তগৰাকীয়ে এই আঁচনিৰ অধীনত শিশু, কিশোৰ-কিশোৰীসকলে ২৩ বছৰ বয়সলৈকে লাভ কৰিবলগীয়া সা-সুবিধা আৰু সেৱাসমূহৰ বিষয়ে অৱগত কৰে । তেওঁ কয় যে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অধীনত ৰূপায়িত এই আঁচনিখনৰ বাবে সমগ্ৰ দেশত ৯,০৪২ খন আবেদন লাভ কৰা হৈছিল । ইয়াৰ ভিতৰত ৪,৩৪৫ টা শিশু এই আঁচনিৰ অন্তৰ্ভুক্ত হয় । এই আঁচনিৰ অধীনত প্ৰতিগৰাকী শিশু অথবা কিশোৰ-কিশোৰীক মাহিলী বৃত্তি হিচাপত ১০ লাখ টকাৰ বিত্তীয় সাহায্য, ব'ৰ্ডিং আৰু থকাৰ ব্যৱস্থা, স্কুলীয়া শিক্ষা আৰু উচ্চ শিক্ষাৰ বাবে সহায়, স্বাস্থ্য বীমা আদি সুবিধা আগবঢ়োৱা হ'ব । আজিৰ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, অতিৰিক্ত উপায়ুক্ত পল্লবী গগৈ, সহকাৰী আয়ুক্ত গৌৰিপ্ৰিয়া দেউৰী, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত, জিলা শিশু সুৰক্ষা বিষয়া বিকাশ ৰঞ্জন কোঁৱৰ, অৱসৰপ্ৰাপ্ত অধ্যাপক, সমাজ সেৱিকা ডঃ লুকুমনি গোস্বামী, জ্যেষ্ঠ সাংবাদিক দ্বীপেন দত্ত, সমাজ সেৱিকা অপৰাজিতা বৰুৱা আৰু জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী, অভিভাৱক উপস্থিত আছিল ।

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Sunday, 29 May 2022

গোলাঘাটৰ চৰকাৰি হায়াৰ চেকেণ্ডেৰী স্কুলৰ খেলপথাৰত নামবৰ ক্লাৱৰ মেলা

29 May 2022 গোলাঘাটৰ চৰকাৰি হায়াৰ চেকেণ্ডেৰী স্কুলৰ খেলপথাৰত নামবৰ ক্লাৱৰ মেলা ৷ মেলাত সংগৃহীত ধনেৰে দুখিয়া ছাত্ৰছাত্ৰীৰ পঢ়াশুনাত সহায় কৰে নাম্বৰ ক্লাবে ৷
গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা প্ৰতিবেদন NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...