Thursday, 26 May 2022

গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ পাভজান আৰু বকীয়াল আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন স্বাস্থ্য মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰী কেশৱ মহন্তৰ ।

✅গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ পাভজান আৰু বকীয়াল আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন স্বাস্থ্য মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰী কেশৱ মহন্তৰ ।
✅স্বাধীনতাৰ ৭৫ বছৰত আমি যেতিয়া স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি আছোঁ এতিয়াহে চৰকাৰী শিক্ষাৰ পোহৰ চাহ বাগিচাসমূহত পৰিছে । মুখ্যমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপত এই বাগিচাসমূহক আমি চৰকাৰী শিক্ষাৰ আওঁতালৈ আনিবলৈ সক্ষম হৈছোঁ : স্বাস্থ্যমন্ত্ৰী ।
✅এই বিদ্যালয়ত অগ্ৰাধিকাৰ ভিত্তিত বাগিচাৰ লোকক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত মকৰল কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰীৰ ঘোষণা ।
✅বিদ্যালয়খনত আৰু দুটা শ্ৰেণীকোঠাৰ সম্প্ৰসাৰণ অথবা ৰান্ধনীঘৰৰ নিৰ্মাণৰ কাম যদি সম্পূৰ্ণ হোৱা নাই সেয়া কৰাৰ বাবে আৰু ৫০ লাখ টকা আগবঢ়োৱা হৈছে : শ্ৰী মহন্ত ।
✅এই বিদ্যালয়সমূহক পৰৱৰ্তী সময়ত উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হ'ব বুলি মন্ত্ৰীগৰাকীৰ প্ৰকাশ । 
✅কেৱল নামত আদৰ্শ হলেই নহ'ব, প্ৰকৃত অৰ্থতেই ইয়াত গুণগত শিক্ষাৰ পৰা আৰম্ভ কৰি সকলো দিশত আদৰ্শ বিদ্যালয় হ'ব লাগিব : শ্ৰী মহন্ত ।
✅বকীয়ালৰ নাহৰচলা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ উন্নীতকৰণ বাবে প্ৰয়াস চলোৱাৰ আশ্বাস ।

☑️চাহ জনগোষ্ঠীৰ লোকসকলকো সমাজৰ অন্য জাতি-জনগোষ্ঠীৰ লোকসকলৰ দৰে আগবঢ়াই নিয়াৰ বাবে চৰকাৰে পদক্ষেপ লৈছে : সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰী বিশ্বজিৎ ফুকন ।
☑️ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনৰ এবছৰ সম্পূৰ্ণ হ'ল, এই সময়খিনি অসমৰ সমৃদ্ধি, বিকাশ আৰু উন্নয়নৰ সময় : শ্ৰী ফুকন ।
☑️জিলাখনৰ ভিতৰতে এতিয়াও পিছপৰি থকা সৰুপথাৰ সমষ্টিত এতিয়া বিকাশৰ এটা নতুন যুগ আৰম্ভ হৈছে বুলি বিধায়কগৰাকীৰ মন্তব্য ।
☑️চিকিৎসাৰ ক্ষেত্ৰত আমি আগবাঢ়িছোঁ । বাট-পথৰ উন্নয়নৰ ক্ষেত্ৰত আমাৰ প্ৰত্যাহ্বান আছে, কিন্তু আমি এই প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ । 
☑️২০২৪ চনৰ ভিতৰত প্ৰতিটো পৰিয়ালে বিশুদ্ধ পানী লাভ কৰাটো সুনিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে লক্ষ্য স্থিৰ কৰিছে যদিও আমি সৰুপথাৰ সমষ্টিত অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰতে এই লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰয়াস চলাইছোঁ । ডেৰশ কোটিৰো অধিক টকা কেৱল খোৱাপানীৰ বাবে সৰুপথাৰ সমষ্টিয়ে লাভ কৰিছে : শ্ৰী ফুকন । 
☑️৩০০ ৰো অধিক পথৰ নিৰ্মাণৰ কাম হাতত লৈছোঁ আৰু ভালেখিনি পথৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে বুলি বিধায়ক গৰাকীৰ প্ৰকাশ ।
☑️অনুষ্ঠানত উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱা, বিদ্যালয় সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰা আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি তথা ৰাইজৰ অংশগ্ৰহন ।

গোলাঘাটৰ পৰা মাধৱ গগৈ প্ৰতিবেদন NORTHEAST NEWS INDIA

*মন্ত্ৰী অজন্তা নেওগৰ গোলাঘাট সমষ্টিৰ ধুমুহা আৰু শিল-বৰষুণত ক্ষতিগ্ৰস্ত ২,৩৪১ টা পৰিয়াললৈ ক্ষতিপুৰণৰ চেক প্ৰদানৰ শুভাৰম্ভ**চৰকাৰে দুখীয়া ৰাইজৰ বাবে গ্ৰহণ কৰা আঁচনিৰ সুবিধা দুখীয়া মানুহেই পাব লাগিব : বিত্তমন্ত্ৰী*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৭৫

*মন্ত্ৰী অজন্তা নেওগৰ গোলাঘাট সমষ্টিৰ ধুমুহা আৰু শিল-বৰষুণত ক্ষতিগ্ৰস্ত ২,৩৪১ টা পৰিয়াললৈ ক্ষতিপুৰণৰ চেক প্ৰদানৰ শুভাৰম্ভ*

*চৰকাৰে দুখীয়া ৰাইজৰ বাবে গ্ৰহণ কৰা আঁচনিৰ সুবিধা দুখীয়া মানুহেই পাব লাগিব : বিত্তমন্ত্ৰী*

গোলাঘাট, ২৬ মে' : অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যান মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাট সমষ্টিৰ ধুমুহা আৰু শিল-বৰষুণত ক্ষতিগ্ৰস্ত ২,৩৪১ টা পৰিয়াললৈ ক্ষতিপুৰণৰ চেক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । এই উপলক্ষে ফৰকাটিঙৰ ৰাজীৱ গান্ধী ইনড'ৰ ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে দুখীয়া ৰাইজৰ কল্যানৰ বাবে বহু আঁচনি গ্ৰহণ কৰিছে । তেওঁ কয় যে এইসমূহ আঁচনিৰ দ্বাৰা যাতে প্ৰকৃত দুখীয়া লোকসকল উপকৃত হয় তাৰ বাবে ৰাইজে নিজেই সষ্টম ভূমিকা পালন কৰিব লাগিব । কোনো প্ৰকৃত দৰিদ্ৰ লোক যাতে এনে আঁচনিৰ পৰা বঞ্চিত নহয় সেয়া ৰাইজেই সুনিশ্চিত কৰিব লাগিব বুলি তেওঁ কয় । তেওঁ লগতে কয় যে চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহ ৰূপায়নত যাতে অনিয়ম নহয়, তাৰ ওপৰতো জনসাধাৰণে দৃষ্টি ৰাখিব লাগিব । তেওঁ কয় যে গণতন্ত্ৰত ৰাইজেই ৰজা । সেয়ে প্ৰকৃত দুখীয়া লোকসকল যাতে বঞ্চিত নহয়, সেয়া ৰাইজেই সুনিশ্চিত কৰিব লাগিব । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে গোলাঘাট জিলাখনৰ বাট-পথ আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে বহুখিনি পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে অচিৰেই গোলাঘাটত নিৰ্মাণ হ'বলগীয়া চিকিৎসা মহাবিদ্যালয়খনৰ আধাৰশিলা মুখ্যমন্ত্ৰীয়ে স্থাপন কৰিব । 

উল্লেখযোগ্য যে গোলাঘাট সমষ্টিত চলিত বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত হোৱা ধুমুহা আৰু শিল-বৰষুণত যিসকল লোক ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকৰ বাবে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৩,২০০ টকাকৈ সাহাৰ্য আগবঢ়োৱা হৈছে । গোলাঘাট সমষ্টিৰ ৮ খন গাওঁ পঞ্চায়তৰ ৩৪ জন লোকক আজি এককালীন সাহায্যৰ চেক প্ৰদান কৰা হয় । বাকী থকা কিছুসংখ্যক লোকক চেকযোগে আৰু কিছুসংখ্যকক বেংক একাউণ্টত হস্তান্তৰ কৰা হ'ব । সেই অনুসৰি আঠগাঁও পঞ্চায়তৰ ১০১৩ গৰাকী, আঠখেলীয়াৰ ১২৬, বেঙেনাখোৱাৰ ৭৮, ফৰকাটিঙৰ ১১১, ঘিলাধাৰীৰ ৯৩, গোলাঘাটৰ ৭৫, কলিয়াপানীৰ ৫২৪ আৰু ওৱাটিং গাঁও পঞ্চায়তৰ ৩২০ আৰু গোলাঘাট পৌৰসভা এলেকাৰ এগৰাকী, মুঠ ২,৩৪১ গৰাকী ব্যক্তিলৈ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে । 

অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈয়ে আদৰণি ভাষণ দিয়া অনুষ্ঠানটোত জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী আৰু সমষ্টিটোৰ বিভিন্ন ঠাইৰ ভালেসংখ্যক ক্ষতিগ্ৰস্ত লোক উপস্থিত আছিল । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Assam COVID-19🦠😷 Details 25/05/2022.

Assam COVID-19🦠😷 Details
 25/05/2022.

Wednesday, 25 May 2022

গোলাঘাট ২৫ মে ২০২২ঃ গুণোৎসৱৰ আজি তৃতীয় দিনা গোলাঘাট জিলাৰ উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই বাতিপৰীয়া উচ্চ বুনিয়াদী বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত অংশ লয় ।গোলাঘাটৰ পৰা মাধৱ গগৈ প্ৰতিবেদন NORTHEAST NEWS INDIA

গোলাঘাট ২৫ মে ২০২২ঃ গুণোৎসৱৰ আজি তৃতীয় দিনা গোলাঘাট জিলাৰ উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই বাতিপৰীয়া উচ্চ বুনিয়াদী বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত অংশ লয় ।

গোলাঘাটৰ পৰা মাধৱ গগৈ প্ৰতিবেদন NORTHEAST NEWS INDIA

গুণোৎসৱৰ আজি তৃতীয় দিনা গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিধায়ক শ্ৰী মৃণাল শইকীয়াই ঢেকীয়াল আদৰ্শ নিম্ন প্ৰাথমিক বুনিয়াদী বিদ্যালয়ত

গোলাঘাট ২৫ মে ২০২২ঃ গুণোৎসৱৰ আজি তৃতীয় দিনা গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিধায়ক শ্ৰী মৃণাল শইকীয়াই ঢেকীয়াল আদৰ্শ নিম্ন প্ৰাথমিক বুনিয়াদী বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত বৰ্হি মূল্যায়ক হিচাপে অংশ লয় । উল্লেখযোগ্য যে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে গোলাঘাট জিলাৰ শিক্ষানুষ্ঠানসমূহতো কালিৰে পৰা গুণোৎসৱ-২০২২ অনুষ্ঠিত হৈছে । জিলাখনৰ মুঠ ১৪৭৮ খন নিম্ন প্ৰাথমিক, উচ্চ মাধ্যমিক আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গুণোৎসৱৰ আয়োজন কৰা হৈছে । গুণোৎসৱৰ মূল্যায়নত প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে সামৰি লোৱা হৈছে ।

গোলাঘাটৰ পৰা মাধৱ গগৈ প্ৰতিবেদন NORTHEAST NEWS INDIA

*মন্ত্ৰী অজন্তা নেওগৰ গোলাঘাট জিলাৰ দেৰগাঁৱৰ সোণাখাট চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন**মাতৃসকলক নিজৰ লৰা-ছোৱালীক বিদ্যালয়লৈ পঠিয়াবলৈ আহ্বান**বিদ্যালয় নামৰ মন্দিৰত শিক্ষা গ্ৰহণ কৰিহে চাহ বাগিচাৰ ল'ৰা-ছোৱালীৰ ভৱিষ্যৎ নিৰ্মাণ হ'ব*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৭৪

*মন্ত্ৰী অজন্তা নেওগৰ গোলাঘাট জিলাৰ দেৰগাঁৱৰ সোণাখাট চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন*

*মাতৃসকলক নিজৰ লৰা-ছোৱালীক বিদ্যালয়লৈ পঠিয়াবলৈ আহ্বান*

*বিদ্যালয় নামৰ মন্দিৰত শিক্ষা গ্ৰহণ কৰিহে চাহ বাগিচাৰ ল'ৰা-ছোৱালীৰ ভৱিষ্যৎ নিৰ্মাণ হ'ব*
গোলাঘাট, ২৫ মে' : অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে আজি দেৰগাঁৱৰ বিধায়ক ভবেন্দ্ৰনাথ ভৰালীৰ উপস্থিতিত গোলাঘাট জিলাৰ দেৰগাঁৱৰ সোণাখাট চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়খন উদ্বোধন কৰে । এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা এটা বছৰত ৰাজ্য চৰকাৰখনে উন্নয়নৰ দিশত এটা নিৰ্দিষ্ট গতি ল'বলৈ সক্ষম হৈছে । ৰাজ্য চৰকাৰখনৰ বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন ঠাইৰ চাহ বাগিচা অঞ্চলত ৯৬ খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে অসমৰ মুঠ জনসংখ্যাৰ তিনি ভাগৰ এভাগ লোক চাহ বাগিচাৰ আৰু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবেই আমি আজি চাহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিছোঁ । চাহ জনগোষ্ঠীৰ লোকসকল সাংস্কৃতিকভাবে চহকী বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁলোকক সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিকভাৱে আগবঢ়াই লৈ যোৱাৰ বাবে চৰকাৰখনে সকলো ধৰণে প্ৰয়াস চলাইছে । তেওঁ কয় যে বিশেষকৈ শৈক্ষিক দিশত পিচ পৰি থকা চাহ জনগোষ্ঠীৰ লোকসকলক এনেভাবে আগবঢ়াই নিয়া হ'ব যাতে অনাগত সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমখনক দেশৰ শীৰ্ষৰ ৫ খন ৰাজ্যৰ অন্যতম হিচাপে গঢ়ি তুলিবলৈ দেখা সপোন বাস্তবায়িত কৰাত জনগোষ্ঠীটোৱে বলিষ্ঠ নেতৃত্ব বহন কৰিব পাৰে । চাহ বাগিচাৰ বনুৱাৰ ল'ৰা-ছোৱালী বনুৱা নহয়, ডাক্তৰ, ইঞ্জিনিয়াৰ, আই এ এছ বিষয়া হ'ব লাগিব বুলি তেওঁ আশা প্ৰকাশ কৰে । বিদ্যালয়খনক এটা মন্দিৰ বুলি উল্লেখ কৰি তেওঁ কয় যে এই মন্দিৰতেই শিক্ষা গ্ৰহণ কৰি চাহ বাগিচাৰ ল'ৰা-ছোৱালীৰ ভৱিষ্যৎ নিৰ্মাণ হ'ব । তেওঁ বিশেষকৈ মাতৃসকলক নিজৰ লৰা-ছোৱালীক বিদ্যালয়লৈ পঠিয়াবলৈ আহ্বান জনায় । তেওঁ চাহ বাগিচা অঞ্চলত প্ৰসুতিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মাতৃসকলক নিজৰ লগতে সন্তানকো পুষ্টিকৰ খাদ্য খুওৱাত গুৰুত্ব দিবলৈ আহ্বান জনায় । তেওঁ লগতে কয় যে জন্মৰ পৰা ৫ বছৰ বয়সলৈ শিশুসকলে যাতে উপযুক্ত পুষ্টিকৰ খাদ্য লাভ কৰে তাৰ বাবে ৰাজ্য চৰকাৰে চাহ বাগিচাসমূহত ১০০০ টা মডেল অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰিব । লগতে চাহ বাগিচাৰ যুৱক-যুৱতীসকলৰ বাবে ৮০০ খন বাগানত সমূহীয়া দক্ষতা কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে । অৰুণোদয় আঁচনি সন্দৰ্ভত তেওঁ কয় যে হিতাধিকাৰী চৰকাৰে সৃষ্টি নকৰে । হিতাধিকাৰী পৰিৱেশেহে সৃষ্টি কৰে । তেওঁ সংশ্লিষ্ট সকলোকে বিদ্যালয়সমূহত গুণগত শিক্ষা প্ৰদান সুনিশ্চিত কৰাৰ বাবে নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় ।

অনুষ্ঠানত ভাষণ দি দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰনাথ ভঁৰালীয়ে আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি কয় যে বাগানৰ ল'ৰা ছোৱালীক উন্নত মানৰ গুণগত শিক্ষা প্ৰদান কৰি সু-নাগৰিক ৰূপে গঢ়ি তোলাৰ বিষয়টোক চৰকাৰে অন্যতম অগ্ৰাধিকাৰ প্ৰদান কৰিছে । তেওঁ বাগিচাৰ লোকসকলক প্ৰতিটো চৰকাৰী কামৰ অংশীদাৰ হ'বলৈ আহ্বান জনায় । 

উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই আদৰণি ভাষণ দিয়া অনুষ্ঠানটোত জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰাই শলাগৰ শৰাই আগবঢ়ায় । অনুষ্ঠানত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে । 

অনুষ্ঠানত গোলাঘাট জিলাৰ সহকাৰী শ্ৰম আয়ুক্ত তিলোত্তমা দেউৰী, মহিমা আৰু সোণাখাট চাহ বাগিচাৰ জ্যেষ্ঠ প্ৰবন্ধক প্ৰশান্তজ্যোতি বৰঠাকুৰ, বিদ্যালয়খনৰ অধ্যক্ষ, কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিক, বিষয়া-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু চাহ জনগোষ্ঠীৰ স্থানীয় লোকসকল উপস্থিত আছিল ।

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Assam COVID-19🦠😷 Details 24/05/2022.

Assam COVID-19🦠😷 Details
 24/05/2022.

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...