Wednesday, 25 May 2022

গোলাঘাট ২৫ মে ২০২২ঃ গুণোৎসৱৰ আজি তৃতীয় দিনা গোলাঘাট জিলাৰ উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই বাতিপৰীয়া উচ্চ বুনিয়াদী বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত অংশ লয় ।গোলাঘাটৰ পৰা মাধৱ গগৈ প্ৰতিবেদন NORTHEAST NEWS INDIA

গোলাঘাট ২৫ মে ২০২২ঃ গুণোৎসৱৰ আজি তৃতীয় দিনা গোলাঘাট জিলাৰ উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই বাতিপৰীয়া উচ্চ বুনিয়াদী বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত অংশ লয় ।

গোলাঘাটৰ পৰা মাধৱ গগৈ প্ৰতিবেদন NORTHEAST NEWS INDIA

গুণোৎসৱৰ আজি তৃতীয় দিনা গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিধায়ক শ্ৰী মৃণাল শইকীয়াই ঢেকীয়াল আদৰ্শ নিম্ন প্ৰাথমিক বুনিয়াদী বিদ্যালয়ত

গোলাঘাট ২৫ মে ২০২২ঃ গুণোৎসৱৰ আজি তৃতীয় দিনা গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিধায়ক শ্ৰী মৃণাল শইকীয়াই ঢেকীয়াল আদৰ্শ নিম্ন প্ৰাথমিক বুনিয়াদী বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত বৰ্হি মূল্যায়ক হিচাপে অংশ লয় । উল্লেখযোগ্য যে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে গোলাঘাট জিলাৰ শিক্ষানুষ্ঠানসমূহতো কালিৰে পৰা গুণোৎসৱ-২০২২ অনুষ্ঠিত হৈছে । জিলাখনৰ মুঠ ১৪৭৮ খন নিম্ন প্ৰাথমিক, উচ্চ মাধ্যমিক আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গুণোৎসৱৰ আয়োজন কৰা হৈছে । গুণোৎসৱৰ মূল্যায়নত প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে সামৰি লোৱা হৈছে ।

গোলাঘাটৰ পৰা মাধৱ গগৈ প্ৰতিবেদন NORTHEAST NEWS INDIA

*মন্ত্ৰী অজন্তা নেওগৰ গোলাঘাট জিলাৰ দেৰগাঁৱৰ সোণাখাট চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন**মাতৃসকলক নিজৰ লৰা-ছোৱালীক বিদ্যালয়লৈ পঠিয়াবলৈ আহ্বান**বিদ্যালয় নামৰ মন্দিৰত শিক্ষা গ্ৰহণ কৰিহে চাহ বাগিচাৰ ল'ৰা-ছোৱালীৰ ভৱিষ্যৎ নিৰ্মাণ হ'ব*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৭৪

*মন্ত্ৰী অজন্তা নেওগৰ গোলাঘাট জিলাৰ দেৰগাঁৱৰ সোণাখাট চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন*

*মাতৃসকলক নিজৰ লৰা-ছোৱালীক বিদ্যালয়লৈ পঠিয়াবলৈ আহ্বান*

*বিদ্যালয় নামৰ মন্দিৰত শিক্ষা গ্ৰহণ কৰিহে চাহ বাগিচাৰ ল'ৰা-ছোৱালীৰ ভৱিষ্যৎ নিৰ্মাণ হ'ব*
গোলাঘাট, ২৫ মে' : অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে আজি দেৰগাঁৱৰ বিধায়ক ভবেন্দ্ৰনাথ ভৰালীৰ উপস্থিতিত গোলাঘাট জিলাৰ দেৰগাঁৱৰ সোণাখাট চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়খন উদ্বোধন কৰে । এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা এটা বছৰত ৰাজ্য চৰকাৰখনে উন্নয়নৰ দিশত এটা নিৰ্দিষ্ট গতি ল'বলৈ সক্ষম হৈছে । ৰাজ্য চৰকাৰখনৰ বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন ঠাইৰ চাহ বাগিচা অঞ্চলত ৯৬ খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে অসমৰ মুঠ জনসংখ্যাৰ তিনি ভাগৰ এভাগ লোক চাহ বাগিচাৰ আৰু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবেই আমি আজি চাহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিছোঁ । চাহ জনগোষ্ঠীৰ লোকসকল সাংস্কৃতিকভাবে চহকী বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁলোকক সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিকভাৱে আগবঢ়াই লৈ যোৱাৰ বাবে চৰকাৰখনে সকলো ধৰণে প্ৰয়াস চলাইছে । তেওঁ কয় যে বিশেষকৈ শৈক্ষিক দিশত পিচ পৰি থকা চাহ জনগোষ্ঠীৰ লোকসকলক এনেভাবে আগবঢ়াই নিয়া হ'ব যাতে অনাগত সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমখনক দেশৰ শীৰ্ষৰ ৫ খন ৰাজ্যৰ অন্যতম হিচাপে গঢ়ি তুলিবলৈ দেখা সপোন বাস্তবায়িত কৰাত জনগোষ্ঠীটোৱে বলিষ্ঠ নেতৃত্ব বহন কৰিব পাৰে । চাহ বাগিচাৰ বনুৱাৰ ল'ৰা-ছোৱালী বনুৱা নহয়, ডাক্তৰ, ইঞ্জিনিয়াৰ, আই এ এছ বিষয়া হ'ব লাগিব বুলি তেওঁ আশা প্ৰকাশ কৰে । বিদ্যালয়খনক এটা মন্দিৰ বুলি উল্লেখ কৰি তেওঁ কয় যে এই মন্দিৰতেই শিক্ষা গ্ৰহণ কৰি চাহ বাগিচাৰ ল'ৰা-ছোৱালীৰ ভৱিষ্যৎ নিৰ্মাণ হ'ব । তেওঁ বিশেষকৈ মাতৃসকলক নিজৰ লৰা-ছোৱালীক বিদ্যালয়লৈ পঠিয়াবলৈ আহ্বান জনায় । তেওঁ চাহ বাগিচা অঞ্চলত প্ৰসুতিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মাতৃসকলক নিজৰ লগতে সন্তানকো পুষ্টিকৰ খাদ্য খুওৱাত গুৰুত্ব দিবলৈ আহ্বান জনায় । তেওঁ লগতে কয় যে জন্মৰ পৰা ৫ বছৰ বয়সলৈ শিশুসকলে যাতে উপযুক্ত পুষ্টিকৰ খাদ্য লাভ কৰে তাৰ বাবে ৰাজ্য চৰকাৰে চাহ বাগিচাসমূহত ১০০০ টা মডেল অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰিব । লগতে চাহ বাগিচাৰ যুৱক-যুৱতীসকলৰ বাবে ৮০০ খন বাগানত সমূহীয়া দক্ষতা কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে । অৰুণোদয় আঁচনি সন্দৰ্ভত তেওঁ কয় যে হিতাধিকাৰী চৰকাৰে সৃষ্টি নকৰে । হিতাধিকাৰী পৰিৱেশেহে সৃষ্টি কৰে । তেওঁ সংশ্লিষ্ট সকলোকে বিদ্যালয়সমূহত গুণগত শিক্ষা প্ৰদান সুনিশ্চিত কৰাৰ বাবে নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় ।

অনুষ্ঠানত ভাষণ দি দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰনাথ ভঁৰালীয়ে আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি কয় যে বাগানৰ ল'ৰা ছোৱালীক উন্নত মানৰ গুণগত শিক্ষা প্ৰদান কৰি সু-নাগৰিক ৰূপে গঢ়ি তোলাৰ বিষয়টোক চৰকাৰে অন্যতম অগ্ৰাধিকাৰ প্ৰদান কৰিছে । তেওঁ বাগিচাৰ লোকসকলক প্ৰতিটো চৰকাৰী কামৰ অংশীদাৰ হ'বলৈ আহ্বান জনায় । 

উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই আদৰণি ভাষণ দিয়া অনুষ্ঠানটোত জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰাই শলাগৰ শৰাই আগবঢ়ায় । অনুষ্ঠানত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে । 

অনুষ্ঠানত গোলাঘাট জিলাৰ সহকাৰী শ্ৰম আয়ুক্ত তিলোত্তমা দেউৰী, মহিমা আৰু সোণাখাট চাহ বাগিচাৰ জ্যেষ্ঠ প্ৰবন্ধক প্ৰশান্তজ্যোতি বৰঠাকুৰ, বিদ্যালয়খনৰ অধ্যক্ষ, কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিক, বিষয়া-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু চাহ জনগোষ্ঠীৰ স্থানীয় লোকসকল উপস্থিত আছিল ।

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Assam COVID-19🦠😷 Details 24/05/2022.

Assam COVID-19🦠😷 Details
 24/05/2022.

Tuesday, 24 May 2022

গুণোৎসৱৰ আজি দ্বিতীয় দিনা গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰী বিশ্বজিৎ ফুকনে মইনাপাৰৰ তুলেশ্বৰী বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্যসূচীত বৰ্হি মূল্যায়ক হিচাপে অংশ লয় ।

গোলাঘাট ২৪ মে ২০২২ঃ গুণোৎসৱৰ আজি দ্বিতীয় দিনা গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰী বিশ্বজিৎ ফুকনে মইনাপাৰৰ তুলেশ্বৰী বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্যসূচীত বৰ্হি মূল্যায়ক হিচাপে অংশ লয় । উল্লেখযোগ্য যে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে গোলাঘাট জিলাৰ শিক্ষানুষ্ঠানসমূহতো কালিৰে পৰা গুণোৎসৱ-২০২২ অনুষ্ঠিত হৈছে । জিলাখনৰ মুঠ ১৪৭৮ খন নিম্ন প্ৰাথমিক, উচ্চ মাধ্যমিক আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গুণোৎসৱৰ আয়োজন কৰা হৈছে । গুণোৎসৱৰ মূল্যায়নত প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে সামৰি লোৱা হৈছে ।

মাধৱ গগৈ গোলাঘাট 
NORTHEAST NEWS INDIA

গুণোৎসৱৰ আজি দ্বিতীয় দিনা গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিধায়ক শ্ৰী মৃণাল শইকীয়াই খুমটাইৰ শালমৰা বাগান প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্যসূচীত বৰ্হি মূল্যায়ক হিচাপে অংশ লয় ।

গোলাঘাট ২৪ মে ২০২২ঃ গুণোৎসৱৰ আজি দ্বিতীয় দিনা গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিধায়ক শ্ৰী মৃণাল শইকীয়াই খুমটাইৰ শালমৰা বাগান প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্যসূচীত বৰ্হি মূল্যায়ক হিচাপে অংশ লয় । উল্লেখযোগ্য যে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে গোলাঘাট জিলাৰ শিক্ষানুষ্ঠানসমূহতো কালিৰে পৰা গুণোৎসৱ-২০২২ অনুষ্ঠিত হৈছে । জিলাখনৰ মুঠ ১৪৭৮ খন নিম্ন প্ৰাথমিক, উচ্চ মাধ্যমিক আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গুণোৎসৱৰ আয়োজন কৰা হৈছে । গুণোৎসৱৰ মূল্যায়নত প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে সামৰি লোৱা হৈছে ।

মাধৱ গগৈ গোলাঘাট
NORTHEAST NEWS INDIA

Assam COVID-19🦠😷 Details 23/05/2022.

Assam COVID-19🦠😷 Details
 23/05/2022.

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...