Wednesday, 18 May 2022

লোকনিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ গোলাঘাট ক্ষেত্ৰীয় গৃহ সংমণ্ডলৰ কাৰ্যালয় মুকলি

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৭২

*লোকনিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ গোলাঘাট ক্ষেত্ৰীয় গৃহ সংমণ্ডলৰ কাৰ্যালয় মুকলি*

গোলাঘাট, ১৮ মে' : লোকনিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ গোলাঘাট ক্ষেত্ৰীয় গৃহ সংমণ্ডলৰ কাৰ্যালয়টো আজি মুকলি কৰা হয় । খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া আৰু জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই আজি কাৰ্যালয়টো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে । যোৱা বছৰৰ ৩ নৱেম্বৰত অসম চৰকাৰে লোকনিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ যোৰহাট ক্ষেত্ৰীয় গৃহ সংমণ্ডলৰ পৰা পৃথক কৰি ইয়াক এটা সুকীয়া সংমণ্ডল হিচাপে অধিসূচিত কৰিছিল । বোকাখাত আৰু খুমটাই ক্ষেত্ৰীয় গৃহ উপ-সংমণ্ডল আৰু গোলাঘাট আৰু সৰুপথাৰ ক্ষেত্ৰীয় গৃহ উপ-সংমণ্ডল এই সংমণ্ডলৰ অধীনস্থ হ'ব । আজি উদয়ন বৰঠাকুৰে এই সংমণ্ডলটোৰ কাৰ্যবাহী অভিযন্তা হিচাপে যোগদান কৰে । গোলাঘাটৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমীপত থকা লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) ৰ কাৰ্যালয় ভৱনতে এই কাৰ্যালয়টো স্থাপন কৰা হৈছে । কাৰ্যবাহী অভিযন্তা হিচাপে দায়িত্ব লৈ শ্ৰী বৰঠাকুৰে কয় যে যোৰহাট সংমণ্ডলৰ পৰা পৃথক কৰি নতুন সংমণ্ডল সৃষ্টি কৰাত এতিয়া গোলাঘাট, সৰুপথাৰ, খুমটাই আৰু বোকাখাত সমষ্টিৰ বিভাগৰ কাম-কাজসমূহ নিয়াৰিকৈ সম্পন্ন কৰাত সহায় হ'ব । আজিৰ অনুষ্ঠানত লোকনিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ কেইবাগৰাকীও বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰ উপস্থিত আছিল ।

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Assam COVID-19🦠😷 Details 17/05/2022.

Assam COVID-19🦠😷 Details
 17/05/2022.

Tuesday, 17 May 2022

মাথো মোৰ।। মাধৱ গগৈ।। তাং- ০৫/০৭/২০২১ তোমালোকে তো জানাইমোৰ এই পৃথিবীত নাই একো। আছো মাথো এটা শৰীৰ ধাৰণ কৰি। তাকো নাই শান্তি এই পৃথিবীতআছো মাথো ক্ষণ গণিজীৱন হয়টো এনেকোৱাই।।। গোলাঘাট।।দুৰভাষ - ৯৮৫৯৫৯৩৮১৪

মাথো মোৰ।।   

মাধৱ গগৈ।। 
তাং- ০৫/০৭/২০২১        

তোমালোকে তো জানাই
মোৰ এই পৃথিবীত  নাই  একো। আছো মাথো এটা শৰীৰ ধাৰণ কৰি। 
তাকো  নাই শান্তি এই পৃথিবীত
আছো মাথো ক্ষণ গণি
জীৱন হয়টো এনেকোৱাই।।। 


গোলাঘাট।।
দুৰভাষ - ৯৮৫৯৫৯৩৮১৪

Assam COVID-19🦠😷 Details 16/05/2022.

Assam COVID-19🦠😷 Details
 16/05/2022.

Monday, 16 May 2022

ৰাষ্ট্ৰীয় ডেংগু দিৱস, ২০২২

ৰাষ্ট্ৰীয় ডেংগু দিৱস, ২০২২ উপলক্ষে আজি শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ সভাকক্ষত এই দিৱসৰ উদ্ধোধনী অনুষ্ঠান আয়োজিত কৰা হয়।

এই অনুষ্ঠানত জিলা মেলেৰিয়া বিষয়া এ আদৰণি ভাষণ আগবঢ়াই। শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ড' সুৰেন্দ্ৰ নাথ তামূলী এ বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভ আৰম্ভণি কৰে।

জিলা মেলেৰি়য়া বিষয়ায়ে সভাৰ উদেশ্য ব্যাখ্যা  কৰি ডেংগু দিৱসৰ লগত সংগতি ৰাখি জিলা খনত পৰিকল্পনা কৰা বিভিন্ন কাৰ্যসূচীৰ বৰ্ণনা আগবঢ়াই।

সভাত উপস্থিত ড' ৰবীন তামূলী এ ডেংগুৰ লগত জৰিত চিকিৎসা ব্যবস্থাৰ বিষয়ে বিবৰণ দিয়ে।

ডেংগু ৰোগ কেনেকৈ চিনাক্তকৰণ কৰে এই বিষয়ত ড' ৰূপক বৰা এ আলোচনা কৰে।

সভাত জ্যেষ্ঠ চিকিৎসক ড' অনন্ত বৰুৱা আৰু ড' সুনিতা এককায়ে নিজৰ মত আগবঢ়াই ডেংগু ৰোগৰ প্ৰতি সজাগ আৰু সতৰ্ক হয় থকাক গুৰুত্ব দিয়ে  । Epidemiologist  ড০ প্ৰণৱ গগৈয়ে ডেংগু ৰোগৰ উপৰত উপস্থিত ৰাইজক অৱগত কৰায় আৰু যথাসময়ত চিকিৎসকৰ কাষ চাপিবলৈ আহ্বান কৰে ।

Madhob Gogoi
NORTHEAST NEWS INDIA

Dengue Free Assam Contest

Assam COVID-19🦠😷 Details 15/05/2022.

Assam COVID-19🦠😷 Details
 15/05/2022.

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...