জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৪৭
*গোলাঘাটৰ ১১টা ৱাৰ্ডৰ বাবে ৩০ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ, দুটা ৱাৰ্ডৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ পৰীক্ষাৰ সময় কাইলৈ পৰ্যন্ত বৃদ্ধি*
*দেৰগাঁও পৌৰসভাৰ নিৰ্বাচনৰ বাবে ২৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ*
গোলাঘাট, ১৭ ফেব্ৰুৱাৰীঃ অহা ৬ মাৰ্চত হ'বলগীয়া গোলাঘাট মহকুমাৰ অন্তৰ্গত গোলাঘাট আৰু দেৰগাঁও পৌৰসভাৰ অধীনৰ ২৩টা ৱাৰ্ডৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হয় । গোলাঘাট পৌৰসভাৰ ১৩টা ৱাৰ্ডৰ ভিতৰত ১১টা ৱাৰ্ডৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ বিপৰীতে ৮ আৰু ১০ নং ৱাৰ্ডৰ মনোনয়ন পত্ৰসমূহৰ পৰীক্ষাৰ সময় কাইলৈ পৰ্যন্ত বৃদ্ধি কৰা হয় । গোলাঘাট পৌৰসভাৰ অধীনৰ আজি পৰীক্ষা কৰা ১১টা ৱাৰ্ডৰ মনোনয়ন পত্ৰসমূহৰ ভিতৰত আটাইকেইখন অৰ্থাৎ ৩০ জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ পোৱা গৈছে । সেই অনুসৰি ১ নং ৱাৰ্ডত কংগ্ৰেছৰ চিমা গগৈ শৰ্মা, বিজেপিৰ নৱনীতা বৰা আৰু আপৰ জোনমনি হাজৰিকা, ২ নং ৱাৰ্ডত কংগ্ৰেছৰ জেনিফা বেগম আৰু অগপৰ হালিমা ছিদ্দিকা, ৩ নং ৱাৰ্ডত কংগ্ৰেছৰ মামণি ৰয়, অগপৰ টিলোত্তোমা শইকীয়া, আপৰ প্ৰিয়ংকা বৰা আৰু নিৰ্দলীয় কাবেৰী শইকীয়া হুছেইন আৰু ৪ নং ৱাৰ্ডত কংগ্ৰেছৰ আলী আকবৰ, অগপৰ সতীশ চন্দ্ৰ বৰ্মন, আপৰ গোপাল ৰবি দাস, এ জে পিৰ তচলিমা বেগম আৰু নিৰ্দলীয় বিকাশ হৰিজনৰ নাম বৈধ পোৱা গৈছে । আনহাতে ৫ নং ৱাৰ্ডত কংগ্ৰেছৰ বিনীতা বৈশ্য সিকদাৰ আৰু বিজেপিৰ কৃষ্ণা ধৰ গুপ্তা, ৬ নং ৱাৰ্ডত কংগ্ৰেছৰ সুৰজিত গোহাঁই, বিজেপিৰ প্ৰনয়জ্যোতি চলিহা আৰু আপৰ সুৰেশ গুপ্তা, ৭ নং ৱাৰ্ডত কংগ্ৰেছৰ জয়ন্ত গগৈ আৰু বিজেপিৰ কৃষ্ণা কুমাৰ গুপ্তা, ৯ নং ৱাৰ্ডত কংগ্ৰেছৰ প্ৰশান্ত শইকীয়া, বিজেপিৰ সীমান্ত বৰা আৰু আপৰ বিশ্বদীপ দাস, ১১ নং ৱাৰ্ডত কংগ্ৰেছৰ দুলাল চন্দ্ৰ বৰা আৰু বিজেপিৰ দুলুমনি বৰবৰা, ১২ নং ৱাৰ্ডত কংগ্ৰেছৰ ৰিতুমনি বৰা আৰু বিজেপিৰ অৰ্চনা বৰা শইকীয়া আৰু ১৩ নং ৱাৰ্ডত কংগ্ৰেছৰ ৰুমি দত্ত পাল আৰু বিজেপিৰ ৰশ্মি দাসৰ মনোনয়ন পত্ৰ বৈধ পোৱা গৈছে ।
ইফালে দেৰগাঁও পৌৰসভাৰ মনোনয়ন দাখিল কৰা মুঠ ২৯ গৰাকী প্ৰাৰ্থীৰ আটাইকেইগৰাকীৰে মনোনয়ন পত্ৰ বৈধ পোৱা গৈছে । সেই অনুসৰি ১ নং ৱাৰ্ডত কংগ্ৰেছৰ বিমল বৰবৰুৱা, বিজেপিৰ স্নেহলতা নাথ আৰু নিৰ্দলীয় সুৰুজ বৰঠাকুৰ, ২ নং ৱাৰ্ডত বিজেপিৰ উজ্জল কুমাৰ কাশ্যপ, কংগ্ৰেছৰ হুছেইন আলী আৰু নিৰ্দলীয় দিব্যজ্যোতি বৰা(বাবা) আৰু বীৰেন দাস, ৩ নং ৱাৰ্ডত বিজেপিৰ মিতালী ফুকন বৰুৱা, কংগ্ৰেছৰ লখিমী নেওগ আৰু নিৰ্দলীয় গায়ত্ৰী দত্ত বৰুৱা আৰু ভাৰতী বৰঠাকুৰ, ৪ নং ৱাৰ্ডত কংগ্ৰেছৰ জয়কৃষ্ণ বৰুৱা আৰু বিজেপিৰ শুভাঙ্কৰ ঘোষ, ৫ নং ৱাৰ্ডত বিজেপিৰ মধুমিতা বৰা আৰু কংগ্ৰেছৰ ৰিতামনি পাত্ৰৰ মনোনয়ন বৈধ পোৱা গৈছে । ৬ নং ৱাৰ্ডত বিজেপিৰ নিশা লিম্বু আৰু কংগ্ৰেছৰ বন্দনা চেতিয়া, ৭ নং ৱাৰ্ডত কংগ্ৰেছৰ প্ৰহেলিকা শৰ্মা, অগপৰ মনালিছা শৰ্মা আৰু নিৰ্দলীয় অপৰাজিতা দাস আৰু দীপা সোমানি, ৮ নং ৱাৰ্ডত কংগ্ৰেছৰ বিনোদ দাস, অগপৰ দীপাঞ্জন হাজৰিকা আৰু নিৰ্দলীয় অন্তৰা দাস (টুমনি), ৯ নং ৱাৰ্ডত কংগ্ৰেছৰ চামিম চুলতানা উল্লা, বিজেপিৰ ৰূপাঞ্জলী বৰা আৰু নিৰ্দলীয় অনিস্মীতা খাউণ্ড বৰুৱা, ১০ নং ৱাৰ্ডত কংগ্ৰেছৰ শীতল সোমানি আৰু অগপৰ বুবুল চন্দ্ৰ বৰাৰ মনোনয়ন বৈধ পোৱা গৈছে ।
মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন অহা ২০ ফেব্ৰুৱাৰী । ৬ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহন কৰা হ'ব আৰু ৯ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হ'ব ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA