Monday, 14 February 2022

এখন জিলা, ৰাজ্য , দেশ, সকলো দিশৰ পৰা সুন্দৰ সব্বাঙ্গীন হবলৈ হলে, সকলো মানৱ জাতি নিজৰ নিজৰ চিন্তা ধাৰাক সুন্দৰ কৰিব লাগিব।যেতিয়া লৈকে লোভ, মোহ, কাম, ক্ৰধ, ত্যাগ নকৰে। তেতিয়ালৈকে ৰাজ্য, বা দেশৰ কেতিয়াও মঙ্গল, উন্নয়ন হব নোৱাৰে।। সেৱাৰে*মাধৱ গগৈ**মা আৰু প্ৰকৃতি* *প্ৰতিষ্ঠাপক*Email- mother.and.nature2021@gmail.com

এখন জিলা, ৰাজ্য , দেশ, সকলো দিশৰ পৰা সুন্দৰ সব্বাঙ্গীন হবলৈ হলে, সকলো মানৱ জাতি নিজৰ নিজৰ চিন্তা ধাৰাক সুন্দৰ কৰিব লাগিব।

যেতিয়া লৈকে  লোভ, মোহ, কাম, ক্ৰধ, ত্যাগ নকৰে। তেতিয়ালৈকে ৰাজ্য, বা দেশৰ কেতিয়াও মঙ্গল, উন্নয়ন হব নোৱাৰে।। 

সেৱাৰে

*মাধৱ গগৈ*
*মা আৰু প্ৰকৃতি*
  *প্ৰতিষ্ঠাপক*
Email- mother.and.nature2021@gmail.com

Assam COVID-19🦠😷 Details 14/02/2022.

Assam COVID-19🦠😷 Details
 14/02/2022.

*গোলাঘাট মহকুমাৰ দুখন পৌৰসভাৰ নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৪৩ 

*গোলাঘাট মহকুমাৰ দুখন পৌৰসভাৰ নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন*

গোলাঘাট, ১৪ ফেব্ৰুৱাৰীঃ অহা ৬ মাৰ্চত হ'বলগীয়া পৌৰসভা নিৰ্বাচনৰ বাবে গোলাঘাট মহকুমাৰ গোলাঘাট আৰু দেৰগাঁও পৌৰসভাৰ অধীনৰ ২৩টা ৱাৰ্ডৰ বাবে কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন । *আজিৰ দিনটোলৈকে দুয়োখন পৌৰসভাত বিভিন্ন দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে মুঠ ৮৮ খন মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে । ইয়াৰে গোলাঘাট পৌৰসভাত বিভিন্ন দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ৪২ খন আৰু দেৰগাঁও পৌৰসভাত ৪৬ খন মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে ।*

অহা ১৭ ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব । মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন অহা ২০ ফেব্ৰুৱাৰী । ৬ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহন কৰা হ'ব আৰু ৯ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হ'ব । 

ভোটগ্ৰহন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনে ইতিমধ্যে প্ৰয়োজনীয় সকলো প্ৰস্তুতি গ্ৰহণ কৰিছে । গোলাঘাট মহকুমাৰ দুয়োখন পৌৰসভাৰ বাবে মুঠ ৬১ টা ভোটগ্ৰহন কেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াৰে গোলাঘাট পৌৰসভাত ৩৯টা আৰু দেৰগাঁও পৌৰসভাত ২২টা ভোটগ্ৰহন কেন্দ্ৰ স্থাপন কৰা হৈছে । গোলাঘাট পৌৰসভাত ছটা ৱাৰ্ড মহিলাৰ বাবে সংৰক্ষিত । ৱাৰ্ডকেইটা হৈছে ১, ২, ৩, ৫, ১২ আৰু ১৩ নং ৱাৰ্ড । আনহাতে দেৰগাঁও পৌৰসভাৰ ৩, ৫, ৬, ৭ আৰু ৯ নং ৱাৰ্ড মহিলাৰ বাবে সংৰক্ষিত আৰু ৮ নং ৱাৰ্ডটো অনুসূচীত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত । 

গোলাঘাট মহকুমাৰ দুয়োখন পৌৰসভাত মুঠ ভোটদাতাৰ সংখ্যা ৫১,৭৩৮ জন । ইয়াৰে ২৫,৮৫৪ জন পুৰুষ আৰু ২৫,৮৮৪গৰাকী মহিলা ভোটদাতা । 

গোলাঘাট পৌৰসভাত মুঠ ভোটদাতাৰ সংখ্যা ৩২,৬৫৫জন । ইয়াৰে ১৬,১৩৮ জন পুৰুষ আৰু ১৬,৫১৭ গৰাকী মহিলা । আনহাতে দেৰগাঁও পৌৰসভাত মুঠ ভোটদাতাৰ সংখ্যা ১৯০৮৩ জন । ইয়াৰে ৯৭১৬ জন পুৰুষ আৰু ৯৩৬৭ গৰাকী মহিলা ।

উল্লেখযোগ্য যে এইবাৰ পৌৰসভাৰ নিৰ্বাচনত বেলট কাকতৰ পৰিৱর্তে ই ভি এমযোগে ভোটগ্ৰহণ কৰা হ'ব । যোৱা ৯ ফেব্ৰুৱাৰীত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাজ্যখনৰ ৮০ খন পৌৰসভাৰ বাবে নিৰ্বাচনী অধিসূচনা জাৰি কৰে । সেই অনুসৰি গোলাঘাট জিলাৰ গোলাঘাট মহকুমাৰ দুখন পৌৰসভাৰ লগতে ধনশিৰি মহকুমাৰ বৰপথাৰ আৰু সৰুপথাৰ পৌৰসভা আৰু বোকাখাত মহকুমাৰ বোকাখাত পৌৰসভাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

*মুখ্য সচিব জিষ্ণু বৰুৱাৰ গোলাঘাট জিলাত জল জীৱন অভিযান আৰু বিভিন্ন আঁচনিৰ কাম-কাজৰ পৰ্যালোচনা*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৪২

*মুখ্য সচিব জিষ্ণু বৰুৱাৰ গোলাঘাট জিলাত জল জীৱন অভিযান আৰু বিভিন্ন আঁচনিৰ কাম-কাজৰ পৰ্যালোচনা*

গোলাঘাট, ১৪ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ মুখ্য সচিব তথা অসম শক্তি বিতৰণ কোম্পানী চমুকৈ এ পি ডি চি এলৰ অধ্যক্ষ জিষ্ণু বৰুৱাই আজি গোলাঘাট আৱৰ্ত ভৱনৰ সভাকক্ষত এ পি ডি চি এলৰ বিভিন্ন কাম-কাজৰ বুজ লয় । ইয়াৰ পাছতেই তেওঁ গোলাঘাট জিলাত কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী জল জীৱন অভিযানৰ বৰ্তমান স্থিতি সন্দৰ্ভতো সবিশেষ পৰ্যালোচনা কৰে । তেওঁ ২০২৪ চনৰ মাৰ্চ মাহৰ ভিতৰত যাতে গোলাঘাট জিলাত এই আঁচনিৰ অধীনত নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব পৰা যায় সেয়া সুনিশ্চিত কৰাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে । মুখ্য সচিব গৰাকীয়ে আজিৰ বৈঠকতে মিছন বসুন্ধৰাৰ সফল ৰূপায়ন সন্দৰ্ভতো বুজ লয় । তেওঁ দুৰ্নীতিমুক্ত আৰু আসোঁৱাহমুক্তভাৱে এই আচঁনিখন ৰূপায়ণত গুৰুত্ব আৰোপ কৰে । শ্ৰী বৰুৱাই সমাজ কল্যান বিভাগৰ অধীনত জিলাখনত ৰূপায়িত বিভিন্ন আঁচনিৰো ৰূপায়ণ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে । বৈঠকত অংশ লোৱা এ পি ডি চি এলৰ বিষয়ববীয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া আৰু জিলাখনৰ আটাইকেইগৰাকী ৰাজহ চক্ৰ বিষয়াই মুখ্য সচিব গৰাকীক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰে । বৈঠকত জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, প্ৰশাসনৰ ভালেকেইগৰাকী শীৰ্ষ বিষয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু এ পি ডি চি এলৰ বিষয়ববীয়াসকলে অংশ লয় ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...