Monday, 14 February 2022

*গোলাঘাট মহকুমাৰ দুখন পৌৰসভাৰ নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৪৩ 

*গোলাঘাট মহকুমাৰ দুখন পৌৰসভাৰ নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন*

গোলাঘাট, ১৪ ফেব্ৰুৱাৰীঃ অহা ৬ মাৰ্চত হ'বলগীয়া পৌৰসভা নিৰ্বাচনৰ বাবে গোলাঘাট মহকুমাৰ গোলাঘাট আৰু দেৰগাঁও পৌৰসভাৰ অধীনৰ ২৩টা ৱাৰ্ডৰ বাবে কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন । *আজিৰ দিনটোলৈকে দুয়োখন পৌৰসভাত বিভিন্ন দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে মুঠ ৮৮ খন মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে । ইয়াৰে গোলাঘাট পৌৰসভাত বিভিন্ন দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ৪২ খন আৰু দেৰগাঁও পৌৰসভাত ৪৬ খন মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে ।*

অহা ১৭ ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব । মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন অহা ২০ ফেব্ৰুৱাৰী । ৬ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহন কৰা হ'ব আৰু ৯ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হ'ব । 

ভোটগ্ৰহন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনে ইতিমধ্যে প্ৰয়োজনীয় সকলো প্ৰস্তুতি গ্ৰহণ কৰিছে । গোলাঘাট মহকুমাৰ দুয়োখন পৌৰসভাৰ বাবে মুঠ ৬১ টা ভোটগ্ৰহন কেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াৰে গোলাঘাট পৌৰসভাত ৩৯টা আৰু দেৰগাঁও পৌৰসভাত ২২টা ভোটগ্ৰহন কেন্দ্ৰ স্থাপন কৰা হৈছে । গোলাঘাট পৌৰসভাত ছটা ৱাৰ্ড মহিলাৰ বাবে সংৰক্ষিত । ৱাৰ্ডকেইটা হৈছে ১, ২, ৩, ৫, ১২ আৰু ১৩ নং ৱাৰ্ড । আনহাতে দেৰগাঁও পৌৰসভাৰ ৩, ৫, ৬, ৭ আৰু ৯ নং ৱাৰ্ড মহিলাৰ বাবে সংৰক্ষিত আৰু ৮ নং ৱাৰ্ডটো অনুসূচীত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত । 

গোলাঘাট মহকুমাৰ দুয়োখন পৌৰসভাত মুঠ ভোটদাতাৰ সংখ্যা ৫১,৭৩৮ জন । ইয়াৰে ২৫,৮৫৪ জন পুৰুষ আৰু ২৫,৮৮৪গৰাকী মহিলা ভোটদাতা । 

গোলাঘাট পৌৰসভাত মুঠ ভোটদাতাৰ সংখ্যা ৩২,৬৫৫জন । ইয়াৰে ১৬,১৩৮ জন পুৰুষ আৰু ১৬,৫১৭ গৰাকী মহিলা । আনহাতে দেৰগাঁও পৌৰসভাত মুঠ ভোটদাতাৰ সংখ্যা ১৯০৮৩ জন । ইয়াৰে ৯৭১৬ জন পুৰুষ আৰু ৯৩৬৭ গৰাকী মহিলা ।

উল্লেখযোগ্য যে এইবাৰ পৌৰসভাৰ নিৰ্বাচনত বেলট কাকতৰ পৰিৱর্তে ই ভি এমযোগে ভোটগ্ৰহণ কৰা হ'ব । যোৱা ৯ ফেব্ৰুৱাৰীত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাজ্যখনৰ ৮০ খন পৌৰসভাৰ বাবে নিৰ্বাচনী অধিসূচনা জাৰি কৰে । সেই অনুসৰি গোলাঘাট জিলাৰ গোলাঘাট মহকুমাৰ দুখন পৌৰসভাৰ লগতে ধনশিৰি মহকুমাৰ বৰপথাৰ আৰু সৰুপথাৰ পৌৰসভা আৰু বোকাখাত মহকুমাৰ বোকাখাত পৌৰসভাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

*মুখ্য সচিব জিষ্ণু বৰুৱাৰ গোলাঘাট জিলাত জল জীৱন অভিযান আৰু বিভিন্ন আঁচনিৰ কাম-কাজৰ পৰ্যালোচনা*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৪২

*মুখ্য সচিব জিষ্ণু বৰুৱাৰ গোলাঘাট জিলাত জল জীৱন অভিযান আৰু বিভিন্ন আঁচনিৰ কাম-কাজৰ পৰ্যালোচনা*

গোলাঘাট, ১৪ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ মুখ্য সচিব তথা অসম শক্তি বিতৰণ কোম্পানী চমুকৈ এ পি ডি চি এলৰ অধ্যক্ষ জিষ্ণু বৰুৱাই আজি গোলাঘাট আৱৰ্ত ভৱনৰ সভাকক্ষত এ পি ডি চি এলৰ বিভিন্ন কাম-কাজৰ বুজ লয় । ইয়াৰ পাছতেই তেওঁ গোলাঘাট জিলাত কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী জল জীৱন অভিযানৰ বৰ্তমান স্থিতি সন্দৰ্ভতো সবিশেষ পৰ্যালোচনা কৰে । তেওঁ ২০২৪ চনৰ মাৰ্চ মাহৰ ভিতৰত যাতে গোলাঘাট জিলাত এই আঁচনিৰ অধীনত নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব পৰা যায় সেয়া সুনিশ্চিত কৰাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে । মুখ্য সচিব গৰাকীয়ে আজিৰ বৈঠকতে মিছন বসুন্ধৰাৰ সফল ৰূপায়ন সন্দৰ্ভতো বুজ লয় । তেওঁ দুৰ্নীতিমুক্ত আৰু আসোঁৱাহমুক্তভাৱে এই আচঁনিখন ৰূপায়ণত গুৰুত্ব আৰোপ কৰে । শ্ৰী বৰুৱাই সমাজ কল্যান বিভাগৰ অধীনত জিলাখনত ৰূপায়িত বিভিন্ন আঁচনিৰো ৰূপায়ণ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে । বৈঠকত অংশ লোৱা এ পি ডি চি এলৰ বিষয়ববীয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া আৰু জিলাখনৰ আটাইকেইগৰাকী ৰাজহ চক্ৰ বিষয়াই মুখ্য সচিব গৰাকীক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰে । বৈঠকত জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, প্ৰশাসনৰ ভালেকেইগৰাকী শীৰ্ষ বিষয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু এ পি ডি চি এলৰ বিষয়ববীয়াসকলে অংশ লয় ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...