Thursday, 20 January 2022

*ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ অধীনৰ গোলাঘাট জিলাৰ পাঁচোটা সমষ্টিত ভোটগ্ৰহণ সম্পন্ন*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৩৭

*ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ অধীনৰ গোলাঘাট জিলাৰ পাঁচোটা সমষ্টিত ভোটগ্ৰহণ সম্পন্ন*

গোলাঘাট, ২০ জানুৱাৰীঃ ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ অধীনৰ গোলাঘাট জিলাৰ ৫ টা সমষ্টিৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আজি শান্তিপূৰ্ণভাৱে সম্পন্ন হয় । গোলাঘাট মহকুমাৰ চাৰিটা সমষ্টি আৰু ধনশিৰি মহকুমাৰ এটা সমষ্টিৰ বাবে মুঠ ৪৯টা ভোটগ্ৰহণ কেন্দ্ৰত আজি ভোটগ্ৰহণ কৰা হয় । ভোটগ্ৰহণৰ অন্ত পৰালৈকে লাভ কৰা তথ্য মতে গোলাঘাট মহকুমাৰ ১১ নং ঠেঙাল কমাৰগাঁও সমষ্টিত ৫৮.৬৬  শতাংশ, মহিলাৰ বাবে সংৰক্ষিত ১৩ নং কাছমাৰী সমষ্টিত ৭৫.৫৭ শতাংশ, ১৪ নং চাউদাং পথাৰ সমষ্টিত ৭৭.৪৩ শতাংশ আৰু ১৫ নং চাউদাং পথাৰ দৈয়াং সমষ্টিত ৭৭.৩৭ শতাংশ ভোটদান হয় । 

আনহাতে ধনশিৰি মহকুমাৰ অধীনৰ ১২ নং গেলাবিল সমষ্টিত ৭৭.৭১ শতাংশ ভোটদান হয় । 

গোলাঘাট মহকুমাৰ চাৰিওটা সমষ্টিৰ বেলট বাকচসমূহ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰুমত ৰখা হ'ব । কোনো কেন্দ্ৰত প্ৰয়োজন হ'লে ২২ জানুৱাৰীত পুনৰ ভোটগ্ৰহণ কৰা হ'ব । ২৪ জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হ'ব । 

উল্লেখযোগ্য যে জিলাখনৰ পাঁচটা সমষ্টিত মুঠ ১৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।

গোলাঘাট মহকুমাৰ আটাইকেইটা সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ২০,৭৪৯ জন । ইয়াৰে ১০,৫৭৬জন পুৰুষ আৰু ১০,১৭৩গৰাকী মহিলা ভোটদাতা । 

আনহাতে ধনশিৰি মহকুমাৰ গেলাবিল সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ৩১৪১জন । ইয়াৰে ১৭২০ জন পুৰুষ আৰু ১৪২১ গৰাকী মহিলা ভোটদাতা ।

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

Wednesday, 19 January 2022

Order

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

*ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনঃ ড্ৰাই ডে' ঘোষণা*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৩৬

*ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনঃ ড্ৰাই ডে' ঘোষণা*

গোলাঘাট, ১৯ জানুৱাৰী : কাইলৈ হ'বলগীয়া ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গোলাঘাট জিলাত ভোটগ্ৰহণ হ'বলগীয়া সমষ্টিকেইটাৰ অধীনৰ এলেকাসমূহত ১৯ আৰু ২০ জানুৱাৰীৰ দিন দুটাৰ লগতে ২৪ জানুৱাৰী ভোটগণনাৰ দিনা ভোটগণনা প্ৰক্ৰিয়া শেষ নোহোৱালৈকে সুৰা নিষিদ্ধ দিন হিচাপে ঘোষণা কৰা হৈছে । জিলা উপায়ুক্তই জাৰি কৰা এই সম্পৰ্কীয় নিৰ্দেশনাত কোৱা হৈছে যে উল্লিখিত দিনকেইটাত ভোটগ্ৰহণ হ'বলগীয়া মেৰাপানী, গমাৰি, বিষ্ণুপুৰ, কানাইঘাট আদি ঠাইৰ লগতে সৰুপথাৰ চক্ৰৰ অধীনৰ অঞ্চলসমূহত সুৰাৰ বিক্ৰী, মজুতকৰণ আৰু ক্ৰয় নিষিদ্ধ থাকিব । এই নিৰ্দেশ উলংঘা কৰিলে অসম আবকাৰী আইন/বিধি আৰু জন প্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ১৩৫ (চি) ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Notifications

*ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে নিজ নিজ কেন্দ্ৰলৈ ৰাওনা ভোটগ্ৰহণকাৰী দল**কাইলৈ পুৱা ৮ বজাৰ পৰা ভোটগ্ৰহণ**গোলাঘাট জিলাত ২৩,৮৯০ গৰাকী ভোটদাতাৰ বিপৰীতে ১৩ গৰাকী প্ৰাৰ্থী*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৩৫

*ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে নিজ নিজ কেন্দ্ৰলৈ ৰাওনা ভোটগ্ৰহণকাৰী দল*

*কাইলৈ পুৱা ৮ বজাৰ পৰা ভোটগ্ৰহণ*

*গোলাঘাট জিলাত ২৩,৮৯০ গৰাকী ভোটদাতাৰ বিপৰীতে ১৩ গৰাকী প্ৰাৰ্থী*

গোলাঘাট, ১৯ জানুৱাৰী : কাইলৈ হ'বলগীয়া ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে পৰিষদৰ অধীনৰ গোলাঘাট জিলাৰ গোলাঘাট মহকুমাৰ চাৰিটা সমষ্টি আৰু ধনশিৰি মহকুমাৰ এটা সমষ্টিৰ বাবে জিলা তথা মহকুমা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে । গোলাঘাট মহকুমাৰ চাৰিটা সমষ্টিৰ বাবে আজি গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ভোটগ্ৰহণৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰী লৈ প্ৰিজাইডিং আৰু প'লিং বিষয়াসকলকে ধৰি ভোটগ্ৰহণকাৰী দল নিজ নিজ কেন্দ্ৰ অভিমুখে ৰাওনা হৈছে । মহকুমাটোত ভোটগ্ৰহণৰ বাবে সংৰক্ষিতসকলকে ধৰি মুঠ ১৮০ জন প্ৰিজাইডিং আৰু প'লিং বিষয়া নিয়োগ কৰা হৈছে । প্ৰতিটো কেন্দ্ৰত এজন প্ৰিজাইডিং বিষয়া, তিনিজন প'লিং বিষয়া আৰু এজন বা দুজনকৈ আৰক্ষীৰ লোক থাকিব । কাইলৈ পুৱা ৮ বজাৰ পৰা জিলাখনৰ আটাইকেইটা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব । কোনো কেন্দ্ৰত প্ৰয়োজন হ'লে ২২ জানুৱাৰীত পুনৰ ভোটগ্ৰহণ কৰা হ'ব । ২৪ জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হ'ব । 

জিলাখনৰ পাঁচটা সমষ্টিত মুঠ ১৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । ইয়াৰে গোলাঘাট মহকুমাৰ ১১ নং ঠেঙাল কমাৰগাঁও সমষ্টিত বিজেপি প্ৰাৰ্থী হৰপ্ৰভা ঠেঙাল আৰু কংগ্ৰেছৰ বিপিন বৰাই প্ৰাৰ্থীত্ব আগবঢ়াইছে । আনহাতে মহিলাৰ বাবে সংৰক্ষিত ১৩ নং কাছমাৰী সমষ্টিৰ বাবে কংগ্ৰেছৰ জাহ্নৱী শইকীয়া, অসম গণ পৰিষদৰ শিখামনি ঠেঙাল বৰুৱা আৰু নিৰ্দলীয় প্ৰাৰ্থী পৰীস্মিতা ঠেঙালে  প্ৰতিদ্বন্দিতা আগবঢ়াইছে । ১৪ নং চাউদাং পথাৰ সমষ্টিত বিজেপিৰ স্মৃতিৰেখা ঠেঙাল, কংগ্ৰেছ দলৰ ছায়া ঠেঙাল আৰু চি পি আইৰ ভাস্কৰ ঠেঙালে প্ৰতিদ্বন্দিতা কৰিব । ইফালে ১৫ নং চাউদাং পথাৰ দৈয়াং সমষ্টিত বিজেপি প্ৰাৰ্থী পদ্মেশ্বৰ শইকীয়া আৰু কংগ্ৰেছ প্ৰাৰ্থী উৎপল ঠেঙালে প্ৰাৰ্থীত্ব আগবঢ়াইছে ।

আনহাতে ধনশিৰি মহকুমাৰ অধীনৰ ১২ নং গেলাবিল সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিৰণ্য বৰা, বিজেপিৰ মিনালী হাজৰিকা শইকীয়া আৰু আম আদমী পাৰ্টিৰ প্ৰাৰ্থী নাৰায়ণ বৰাই প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।

ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলা তথা মহকুমা প্ৰশাসনে ইতিমধ্যে প্ৰয়োজনীয় সকলো প্ৰস্তুতি গ্ৰহণ কৰিছে । গোলাঘাট মহকুমাৰ চাৰিওটা সমষ্টিৰ বাবে মুঠ ৩৮ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াৰে ঠেঙাল কমাৰগাঁও সমষ্টিত ১৫টা, কাছমাৰী সমষ্টিত ৮টা, চাউদাং পথাৰ সমষ্টিত ৭টা আৰু চাউদাং পথাৰ দৈয়াং সমষ্টিত ৮টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে ।

আনহাতে ধনশিৰি মহকুমাৰ গেলাবিল সমষ্টিৰ বাবে ১১টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে ।

গোলাঘাট মহকুমাৰ আটাইকেইটা সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ২০,৭৪৯ জন । ইয়াৰে ১০,৫৭৬জন পুৰুষ আৰু ১০,১৭৩গৰাকী মহিলা ভোটদাতা । ঠেঙাল কমাৰগাঁও সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ৮৮০৭জন । ইয়াৰে ৪৪৯৫ জন পুৰুষ আৰু ৪৩১২গৰাকী মহিলা ভোটদাতা । কাছমাৰী সমষ্টিত ৩৭৩৭ জন ভোটদাতাৰ ভিতৰত ১৯০০জন পুৰুষ আৰু ১৮৩৭গৰাকী মহিলা ভোটদাতা । চাউদাং পথাৰ সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ৪৫২০জন । ইয়াৰে ২২৮৫ জন পুৰুষ আৰু ২২৩৫ গৰাকী ভোটদাতা মহিলা । চাউদাং পথাৰ দৈয়াং সমষ্টিৰ ৩৬৮৫ গৰাকী ভোটদাতাৰ ভিতৰত ১৮৯৬ জন পুৰুষ আৰু ১৭৮৯ গৰাকী মহিলা ভোটদাতা । 

আনহাতে ধনশিৰি মহকুমাৰ গেলাবিল সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ৩১৪১জন । ইয়াৰে ১৭২০ জন পুৰুষ আৰু ১৪২১ গৰাকী মহিলা ভোটদাতা ।

উল্লেখযোগ্য যে যোৱা ২৪ ডিচেম্বৰত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাজ্যখনৰ ৫ খন জিলাত থকা ঠেঙাল কছাৰী স্বায়ত্ব পৰিষদৰ মুঠ ২২টা সমষ্টিৰ বাবে অধিসূচনা জাৰি কৰিছিল ।

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...