Thursday, 13 January 2022

মা আৰু প্ৰকৃতিমাঘ বিহু তথা ভোগালী ৰ আনন্দ সমূহ মানৱ জাতিলৈ যাচিছো। এই আনন্দ সদায়েই সমূহ মানৱ জাতিৰ অন্তৰত ব্ৰতি থাকক। সমূহ মানৱ জাতি সকলো ভেদাভেদ লুভ মোহ কাম ক্ৰধ পাহৰি, সকলো জাতি ধৰ্মৰ যি ভোল ধাৰণা সকলো ত্যাগ দি, সকলো এক মানৱ জাতি হিচাপে একটিত হৈ, মা আৰু প্ৰকৃতিৰ যি ধৰ্ম পালন কৰি, আমি চিৰ কাললৈ মা আৰু প্ৰকৃতিৰ চৰণত সেৱা লওঁ আহক। আৰু সমগ্র মানৱ জাতি, জীৱকোল ধংসৰ পৰা নিজকে ৰক্ষা কৰো আহঁক । সদৌ মানৱ জাতিলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনাইছো। সকলোলৈ আহ্বান , আহক সকলোৱে মিলি আমাৰএই সুন্দৰ সব্বাঙ্গীন পৃথিবীখন সদায়েই পৰিস্কাৰ কৰি ৰাখো।। সেৱাৰে*মাধৱ গগৈ**মা আৰু প্ৰকৃতি* *প্ৰতিষ্ঠাপক*Email- mother.and.nature2021@gmail.com - *WhatsApp - 9859593814*

মা আৰু প্ৰকৃতি

মাঘ বিহু তথা ভোগালী ৰ আনন্দ সমূহ মানৱ জাতিলৈ যাচিছো। এই আনন্দ সদায়েই সমূহ মানৱ জাতিৰ অন্তৰত ব্ৰতি থাকক। সমূহ মানৱ জাতি সকলো ভেদাভেদ লুভ মোহ কাম ক্ৰধ পাহৰি, সকলো জাতি ধৰ্মৰ যি ভোল ধাৰণা সকলো ত্যাগ দি, সকলো এক মানৱ জাতি হিচাপে একটিত হৈ, মা আৰু প্ৰকৃতিৰ যি ধৰ্ম পালন কৰি, আমি চিৰ কাললৈ মা আৰু প্ৰকৃতিৰ চৰণত সেৱা লওঁ আহক। আৰু সমগ্র মানৱ জাতি, জীৱকোল ধংসৰ পৰা নিজকে ৰক্ষা কৰো আহঁক । 

সদৌ মানৱ জাতিলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনাইছো। 

সকলোলৈ আহ্বান , আহক সকলোৱে মিলি আমাৰএই সুন্দৰ সব্বাঙ্গীন পৃথিবীখন সদায়েই পৰিস্কাৰ কৰি ৰাখো।। 

সেৱাৰে
*মাধৱ গগৈ*
*মা আৰু প্ৰকৃতি*
  *প্ৰতিষ্ঠাপক*
Email- mother.and.nature2021@gmail.com -  
*WhatsApp - 9859593814*

Monday, 10 January 2022

*গোলাঘাটত কোভিডৰ সুৰক্ষাসূচক পালি প্ৰদান প্ৰক্ৰিয়া আৰম্ভ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৩৪

*গোলাঘাটত কোভিডৰ সুৰক্ষাসূচক পালি প্ৰদান প্ৰক্ৰিয়া আৰম্ভ*

গোলাঘাট, ১০ জানুৱাৰীঃ গোলাঘাট জিলাতো আজিৰে পৰা কোভিডৰ সুৰক্ষাসূচক পালি (Precaution dose) প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ আজি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত কৃষিমন্ত্ৰী অতুল বৰাই জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ উপস্থিতিত ক'ভিড প্ৰতিষেধকৰ সুৰক্ষাসূচক পালি প্ৰদান কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৷ তেওঁ পাছত সাংবাদিকৰ আগত কয় যে ক'ভিড-১৯ৰ ভয়াৱহতা এতিয়াও মাৰ যোৱা নাই । সেয়ে সকলোকে সাৱধান হ'বলৈ তেওঁ আহ্বান জনায় । লগতে ভোগালী বিহু উদযাপনৰ সময়ত সকলো স্বাস্থ্য বিধি মানি বিশেষভাৱে সতৰ্ক হ'বলৈ তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায় । ইফালে উপায়ুক্তগৰাকীয়ে নিজেও আজি সুৰক্ষাসূচক পালি গ্ৰহণ কৰে । তেওঁ পাছত সাংবাদিকৰ আগত কয় যে দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰা সকলো স্বাস্থ্যসেৱা কৰ্মী আৰু সন্মুখৰ শাৰীৰ কৰ্মীক এই সুৰক্ষাসূচক পালি দিয়া হ'ব ৷ কোনো ৰোগত ভুগি থকা ৬০বছৰ বা তাতকৈ উৰ্ধৰ লোকসকলে চিকিৎসকৰ পৰামৰ্শমতে এই পালি প্ৰতিষেধক ল'ব পাৰিব । দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ ৯ মাহ অতিক্ৰম কৰা লোকসকলে সুৰক্ষাসূচক পালি ল'ব পাৰিব বুলি উপায়ুক্তগৰাকীয়ে প্ৰকাশ কৰে ৷ ক'ভিডত আক্ৰান্ত হোৱা লোকে আৰোগ্য হোৱাৰ ৩ মাহৰ পাছত এই পালি প্ৰতিষেধক ল'ব পাৰিব । তেওঁ সুৰক্ষাসূচক পালি গ্ৰহণৰ বাবে যোগ্য সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায় । অনুষ্ঠানত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সুৰেন্দ্ৰনাথ তামুলী আৰু কেইবাগৰাকীও জ্যেষ্ঠ চিকিৎসক, স্বাস্থ্যকর্মী উপস্থিত আছিল । 

আনহাতে গোলাঘাট জিলাৰ স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই আজি দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত সুৰক্ষাসূচক পালি প্ৰদানৰ শুভাৰম্ভ কৰে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...