Friday, 17 December 2021

*ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ উত্তৰাধিকাৰীক ৫০,০০০ টকাৰ এককালীন সাহায্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণ গোলাঘাট জিলা প্ৰশাসনৰ*

*ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ উত্তৰাধিকাৰীক ৫০,০০০ টকাৰ এককালীন সাহায্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণ গোলাঘাট জিলা প্ৰশাসনৰ*

গোলাঘাট, ১৭ ডিচেম্বৰঃ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিৰ্দেশনাৰ ভিত্তিত গোলাঘাট জিলাতো ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকসকলৰ নিকট আত্মীয়ক ৫০,০০০ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । হিতাধিকাৰীসকলক জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰয়োজনীয় নথি-পত্ৰসহ আবেদন কৰিবলৈ অনুৰোধ জনোৱা হ'ল । আবেদন প্ৰ-পত্ৰখনি জিলা প্ৰশাসনৰ ৱেৱচাইট www.golaghat.gov.in তো উপলব্ধ ।

উল্লেখযোগ্য যে প্ৰাৰ্থনা আঁচনি, ক'ভিড-১৯ ত স্বামীহাৰা হোৱা মহিলাৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য আঁচনি আৰু মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনিত অন্তৰ্ভুক্ত নোহোৱা লোকসকলেও এই সাহায্যৰ বাবে আবেদন কৰিব পাৰিব । 

জনসংযোগ,গোলাঘাট
NORTHEAST NEWS INDIA

Tuesday, 14 December 2021

Golaghat Breaking

Golaghat,Dated 14/12/2021

 Today Punjab National Bank Handed over Medical Equipments worth Rs.10 Lacs (Rupees Ten Lacs only) as a part of CSR Initiative of Punjab National Bank in presence of Mrigesh Narayan Barua, Deputy Commissioner,Golaghat Orpah Baglary,DDC, Golaghat,Dhiraj Das,CEO Golaghat Zila Parishad, Dr.Arun Chandra Mahanta,Joint Director of Health Services,Golaghat,  Dr.Surendra NathTamuly Suptt. Swahid Kushal Konwar Civil Hospital Golaghat,Sulava Deb, Dy.Circle Head,PNB Jorhat Circle Office,Sajib Kr Borah, LDM,Golaghat, Chinmoy Jyoti Gohain, Director PNB RSETI Golaghat, Bank Officials of PNB,Golaghat,Doctors and Staff of Swahid Kushal Konwar Civil Hospital, Golaghat.The medical equipments will benefit the patients of Golaghat District and more particularly newly opened Orthopaedics Department as most equipments are provided to them.

NORTHEAST NEWS INDIA

Sunday, 12 December 2021

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

মোৰ শ্ৰদ্ধাৰ গোটৰ সকলো সদস্য তথা আমাৰ পৰিয়াললৈ, এটা বিশেষ আহ্বান।

মোৰ শ্ৰদ্ধাৰ গোটৰ সকলো সদস্য তথা আমাৰ পৰিয়াললৈ, এটা বিশেষ আহ্বান। 

সকলো অঞ্চলতে সকলোকে সামৰি , "মা আৰু প্ৰকৃতি"  নামত এখনকৈ সমাজ গঠন কৰিবলৈ অনুৰোধ জনালো। 

আগন্তুক আহি থকা দিনবোৰত যেন আমাৰ মাজত একতা ভাতৃত্ববোধ জীয়াই ৰাখিব লাগিব। 

ইজনে সিজনক মা, দেওঁতা, ককা আইতা, ককাই ভাই, বাই ভনী বুলি সন্মান জনাৱ লাগিব। 

যি সমন্ধ , সেয়া আমাৰ মাজত অতোত ৰাখিব লাগিব। 

সকলোকে সমান চকুৰে আমি চাব লাগিব। যদি আমাৰ পৰিয়ালৰ কাৰোবাৰ বিপদ হয়, আমাৰ পৰিয়ালৰ সকলো মিলি সহায় কৰিব লাগিব। 

আমাৰ মা আৰু প্ৰকৃতিৰ প্ৰধান কৰ্তব্য।

মা আৰু প্ৰকৃতিৰ অবিহনে আমি কোনো এই পৃথিবীত জীয়াই থাকিব নোৱাৰো। 

মা আৰু প্ৰকৃতিক আমি ৰক্ষা কৰিব লাগিব।। 

আহক আমি সকলো মিলি সময় থাকোতেই আমি সদায় কৰি অহা ভূল বোৰ সোধৰাওঁ।। 

লোভ, মোহ, কাম, ক্ৰধ পাহৰি মানৱ জাতিৰ পৰিচয় দিওঁ।। 

আহক আমি সকলো হাতে হাত ধৰি সুন্দৰ সব্বাঙ্গীন পৃথিবী নিমার্ণ কৰো।। 

ধন্যবাদেৰে আপোনালোকৰ সকলোৰে সূ চিন্তক।

*মাধৱ গগৈ*
*মা আৰু প্ৰকৃতি* *প্ৰতিষ্ঠাপক* 
Email- mother.and.nature2021@gmail.com -  
*WhatsApp - 9859593814*

ৰাইজৰ সমাদৰ লাভ কৰিছে কছাৰিহাট হাইস্কুলৰ ছাত্ৰছাত্ৰীৰ বাটৰ নাটে

 ৰাইজৰ সমাদৰ লাভ কৰিছে কছাৰিহাট হাইস্কুলৰ ছাত্ৰছাত্ৰীৰ বাটৰ নাটে



 এখন বিদ্যালয়ৰ ছাত্ৰছাত্ৰীয়ে শিক্ষাগুৰু সকলৰ সহযোগত অনুষ্ঠিত কৰা বাটৰ নাটে যথেষ্ট সমাদৰ লাভ কৰিছে ৷ কছাৰিহাট হাইস্কুলৰ “ সেউতী পৰিবেশ সংঘ” ৰ সদস্য সকলে ৩ ৰ পৰা ৫ ডিচেম্বৰৰ লৈ পৰিবেশ সজাগতা মূলক সভা অনুষ্ঠিত কৰাৰ লগতে কালি (১০ ডিচেম্বৰত) এখনি বাটৰ নাট অনুষ্ঠিত কৰে ৷ ৩ ডিচেম্বৰৰ পৰা বিভিন্ন সজাগতা মূলক কায্যসূচীৰ পিছত ৫ ডিচেম্বৰত বিদ্যালয়ত এখনি সজাগতা সভা অনুষ্ঠিত হয় ৷বিদ্যালয়ৰ প্ৰধান শিক্ষক উক্ত সভাত আদৰণি ভাষণ দিয়ে সভাত বিশিষ্ট ব্যক্তি হিচাবে অংশ গ্ৰহণ কৰে ড° সঞ্জয় পাটগিৰী ; ড° দিপাঙ্কৰ শইকীয়া ; আৰু চানমাৰি হাইস্কুলৰ সহ শিক্ষয়িত্ৰী ৰিঞ্জুমণি বৰুৱাই ৷ সহ শিক্ষক ইমদাদ আলিয়ে পৰিবেশ সংৰক্ষণৰ বিষয়বস্তু হিচাবে লৈ ৰচনা কৰা নাটকখনৰ আতঁ ধৰে সহ শিক্ষয়িত্ৰী বুলবুলি

 কলিতাই ; সব্দ যন্ত্ৰত আছিল সহ শিক্ষক মৌচুম মিত্ৰ বৰদলৈ ৷ একেদিনাই এই নাটকখন উক্ত বিদ্যালয়ৰ লগতে কমাৰবন্ধা হায়াৰ ছেকেণ্ডাৰী ; আৰু তৰফাৎ হাইস্কুলতও অনুষ্ঠিত কৰি স্থানীয় ৰাইজৰ লগতে ছাত্ৰছাত্ৰীৰো সমাদৰ লাভ কৰে ৷ সমগ্ৰ কায্যসূচীত বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰশান্ত কুমাৰ ডেকা ; সকলো ছাত্ৰছাত্ৰী ; শিক্ষাগুৰু আৰু কৰ্মচাৰী সকলে সহযোগিতা আগবঢ়ায় ৷ :: 


জয় প্ৰসাদ গুপ্তা ৰিপ’ট নথ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...